শ্বহীদ কৰ্মচাৰী দিলীপ চক্ৰৱৰ্তীক সশ্ৰদ্ধ স্মৰণ ঢকুৱাখনা কৰ্মচাৰী পৰিষদৰ

শ্বহীদ কৰ্মচাৰী দিলীপ চক্ৰৱৰ্তীক সশ্ৰদ্ধ স্মৰণ ঢকুৱাখনা কৰ্মচাৰী পৰিষদৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ প্ৰাপ্য স্বাধীকাৰ গণতান্ত্ৰিক পন্থাৰে সাব্যস্ত কৰা সংগ্ৰামত আত্মহুটি দিয়া শ্বহীদ কৰ্মচাৰী দিলীপ চক্ৰৱৰ্তীৰ বুধবাৰে মৃত্যু তিথি। জাতীয় দায়বদ্ধতাৰে নায্যপ্ৰাপ্য আদায়ৰ স্বাৰ্থত সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বায়িত গণতান্ত্ৰিক সংগ্ৰামত সক্ৰিয় অংশগ্ৰহণ কৰি প্ৰাণাহুতি দিয়া সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰথম গৰাকী শ্বহীদ দিলীপ চক্ৰৱৰ্তীৰ সশ্ৰদ্ধ স্মৃতিত ১নৱেম্বৰ, বুধবাৰে সমগ্ৰ ৰাজ্য জুৰি কৰ্মচাৰী পৰিষদে পালন কৰিছে শ্বহীদ দিৱস।

১৯৮০ চনৰ ১ অক্টোবৰত অসম চৰকাৰৰ সচিবালয়ত অহিংস গণ সংগ্ৰামত সক্ৰিয় অংশগ্ৰহণ  কৰাৰ ক্ষণত শাসক বাহিনীৰ নিৰ্বিচাৰ গুলীত মৃত্যু বৰণ কৰা এই গৰাকী শ্বহীদ কৰ্মচাৰীৰ আত্মোৎসৰ্গাৰ সশ্ৰদ্ধ স্মৰণেৰে বুধবাৰে ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগতো কৰ্মচাৰী ভৱন প্ৰাংগণত শ্বহীদ দিৱসটো পালন কৰা হয়।

ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ স্থায়ী কাৰ্য্যালয় "কৰ্মচাৰী ভৱন "প্ৰাংগণত পুৱা পৰিষদৰ পতাকা কৰে জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়াই । জিলা কৰ্মচাৰী পৰিষদৰ উপ সভাপতি জিতেন দাস, সাধাৰণ সম্পাদক সুনীল কুমাৰ দত্ত, সহকাৰী সাধাৰণ সম্পাদক বিজয় দলে, কাৰ্য্যালয় সম্পাদক সৰুফুল ৰাজখোৱা , কাৰ্যনিৰ্বাহক সদস্য জিতু মনি বৰা আদি গৰিষ্ঠ সংখ্যক কৰ্মকর্তাৰ  উপস্থিতিত জিলা কৰ্মচাৰী পৰিষদৰ উপদেষ্টা তথা প্ৰাক্তন ৰাজ্যিক সদস্য ললিত দাসে শ্বহীদ বেদীত ধূপ, বন্তি প্ৰজ্বলনেৰে পুষ্প মাল্য প্ৰদান কৰি শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আৰু সংগ্ৰামী শ্বহীদ গৰাকীৰ সশ্ৰদ্ধ স্মৰণ কৰে।

সাহসী কৰ্মচাৰী শ্বহীদ দিলীপ "চক্ৰৱৰ্তী অমৰ হওঁক", "সদৌ অসম কৰ্মচাৰী পৰিষদ জিন্দাবাদ", "ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদ জিন্দাবাদ" আদি শ্লোগান দি কৰ্মচাৰীসকলে শ্বহীদ গৰাকীৰ গুণানুকীৰ্তন কৰে। পৰিষদৰ সমূহ কৰ্মকর্তাই শ্বহীদ গৰাকীৰ চৰম ত্যাগৰ সশ্ৰদ্ধ স্মৰণ কৰি বিদেহ আত্মাৰ সদগতিৰ অৰ্থে এক মিনিট মৌন প্ৰাৰ্থনা কৰি দিৱসৰ সামৰণি মাৰে।

শ্বহীদ কৰ্মচাৰী দিলীপ চক্ৰৱৰ্তীক সশ্ৰদ্ধ স্মৰণ ঢকুৱাখনা কৰ্মচাৰী পৰিষদৰ
আৰক্ষীৰ ব্যৰ্থতাৰ বাবেই জামিন লাভ ইন্দ্ৰানী তহবিলদাৰ আত্মহনন গোচৰত অভিযুক্ত দ্বিবন ডেকাৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in