ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা আৰক্ষীৰ নিৰবিছিন্ন প্ৰচেষ্টা আৰু অভিযানৰ পাছত ঢকুৱাখনাৰ সমাজপ্ৰিয় ব্যক্তি, প্ৰবীণ কংগ্ৰেছ নেতা চিৰঞ্জীৱ টাকুৰ প্ৰাণ লোৱা ঘাটক ট্ৰেক্টৰখন জব্দ কৰিবলৈ সক্ষম হ'ল। ঢকুৱাখনা সদৰ থানাৰ অ'চি প্ৰিয়দীপ গগৈৰ নিখুঁত অভিযানৰ অন্তত সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত চাৰিকঢ়িয়া গাঁৱৰ পৰা শনিবাৰে উক্ত ঘাটক ট্ৰেক্টৰখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
প্ৰাতঃ ভ্ৰমণ কৰি থকা অৱস্থাত ৰাজপথত খুন্দিয়াই পলায়ন কৰা ট্ৰেক্টৰখনৰ নম্বৰ হৈছে এ এছ ০৭ বি চি ৯৯৫৮। ট্ৰেক্টৰখনৰ গৰাকী হ'ল মুকুল চুতীয়া। আৰক্ষীয়ে ঘাটক ট্ৰেক্টৰখনৰ লগতে এখন ট্ৰেইলৰ জব্দ কৰি থানালৈ আনিছে ।
উল্লেখযোগ্য যে যোৱা ২০ নৱেম্বৰৰ পুৱা প্ৰায় ৪ বজাত প্ৰাতঃ ভ্ৰমণ কৰি থকা অৱস্থাত জ্যেষ্ঠ কংগ্ৰেছ নেতা, সৰবৰহি ব্যক্তি কাঠৰবাৰী নিবাসী চিৰঞ্জীৱ টাকু(৬৫) ঢকুৱাখনা-ঘূণাসুঁতি লোকনিৰ্মাণ পথৰ দুলিয়া গাঁও পেট্ৰল পাম্পৰ সমীপত এইখন ট্ৰেক্টৰৰ খুন্দাতে ঘটনাস্থলীতে নিহত হৈছিল। ঘটনা সংঘটিত কৰাৰ পাছতে চালকগৰাকীয়ে ট্ৰেক্টৰখনৰ সৈতে সেই স্থানৰ পৰা পলায়ন কৰিছিল ঢকুৱাখনাৰ এক বিশেষ ঘৰৰ অভিমুখে ।
সংগৃহীত তথ্য মতে এইখন ট্ৰেক্টৰখনে পুৱতি নিশা অজ্ঞাত স্থানৰ পৰা চোৰাং ভাবে বহু পৰিমাণৰ মূল্যবান কাঠ সৰবৰাহ কৰি আনিছিল। পাছত এখন ব্যক্তিগত বিলাসী বাহনে ট্ৰেক্টৰখনক ঢকুৱাখনা নগৰৰ এটা নৱনির্মিত বিশেষ বাসগৃহলৈ সুৰক্ষা দি আহিছিল।
এনে সময়তে মৰ্মান্তিক ঘটনা সংঘটিত হোৱাৰ পাছত বনজ সম্পদৰ চোৰাং বেহা উন্মোচিত হোৱাৰ ভয়তে ট্ৰেক্টৰ আৰু বিশেষ বাহনখন তীব্ৰ গতিত উধাও হৈছিল। বিগত প্ৰায় ৩১ দিনৰ পাছত দুৰ্ঘটনা সংঘটিত কৰাৰ প্ৰামানিক তথ্য প্ৰমাণ লুকুৱাৰ চেষ্টা কৰাৰ মাজতে ঢকুৱাখনা সদৰ থানাৰ অ'চি গগৈয়ে ট্ৰেক্টৰখন ট্ৰেইলৰসহ জব্দ কৰি শনিবাৰে থানালৈ আনে ।
আৰক্ষীয়ে চালক প্ৰণৱ চুতীয়াকো আটক কৰি গোচৰৰ তদন্ত অব্যাহত ৰাখিছে । ঢকুৱাখনা আৰক্ষীৰ এনে সফলতাক শোকাহত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰি দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে ।