ঢকুৱাখনাত তিনি কেজি ওজনৰ গঁড়ৰ খৰ্গ উদ্ধাৰ...

এজনক গ্ৰেপ্তাৰ ঢকুৱাখনা সদৰ আৰক্ষীৰ

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত তিনি কেজি ওজনৰ গঁড়ৰ খৰ্গ উদ্ধাৰ...

ঢকুৱাখনাত তিনি কেজি ওজনৰ খৰ্গ উদ্ধাৰ...

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনাত উদ্ধাৰ হৈছে প্ৰায় ৩ কিলোগ্ৰাম ওজনৰ এটা চোৰাং গঁড়ৰ খৰ্গ। ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলদ্বীপ গগৈৰ নেতৃত্বত চলোৱা অভিযান কালত এই চোৰাং খৰ্গ উদ্ধাৰ হয়।

Advertisment

ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ১নং বাঁহপৰা গাঁওৰ শৰৎ দাসৰ ঘৰত অভিযান চলাই এই চোৰাং গঁড়ৰ খৰ্গ উদ্ধাৰ কৰে ঢকুৱাখনা সদৰ থানাৰ অ' চি কুলদ্বীপ গগৈয়ে। আৰক্ষীৰ অভিযান কালত এটা বেগত ভৰাই অৱস্থাত আৰক্ষীয়ে উক্ত চোৰাং খৰ্গটো ৰাইজৰ উপস্থিতিত উদ্ধাৰ কৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে ধৃত শৰৎ দাসৰ স্বাস্থ্য পৰীক্ষা কৰি নিজৰ জিম্মাত ৰাখে।

Also Read: যোৰহাটত ১৫ বছৰ অনূৰ্ধ্ব য়ুথ ফুটবল লীগ আৰম্ভ...

ঢকুৱাখনা গঁড়ৰ খৰ্গ