ঢকুৱাখনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক প্ৰশান্ত গগৈক অৱসৰকালীন সম্বৰ্ধনা

ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ পদাৰ্থবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক প্ৰশান্ত গগৈয়ে মহাবিদ্যালয়খনৰ পৰা যোৱা ৩১ মে' শনিবাৰে অৱসৰ গ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক প্ৰশান্ত গগৈক অৱসৰকালীন সম্বৰ্ধনা 

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ পদাৰ্থবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক প্ৰশান্ত গগৈয়ে মহাবিদ্যালয়খনৰ পৰা যোৱা ৩১ মে' শনিবাৰে অৱসৰ গ্ৰহণ কৰে। মহাবিদ্যালয়খনৰ বিজ্ঞান শাখাক উজ্জীৱিত কৰাত সুদীর্ঘকালীন অতুল্য অৱদান আগবঢ়াই অহা গগৈৰ সফল কৰ্মময় জীৱনৰ সশ্ৰদ্ধ ৰোমন্থন কৰি শনিবাৰে অৱসৰকালীন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয় মহাবিদ্যালয় পৰিয়ালৰ উদ্যোগত। 

Advertisment

মহাবিদ্যালয়ৰ ডিজিটেল হলত অনুষ্ঠিত এই সভাৰ সভাপতিত্ব কৰে মহাবিদ্যালয় শিক্ষক গোটৰ উপসভাপতি পুষ্পাঞ্জলি দুৱৰীয়ে। মহাবিদ্যালয়ৰ শিক্ষক গোট, কৰ্মচাৰী পৰিষদ আৰু ছাত্র একতা সভাৰসমূহ সদস্য উপস্থিত থকা সম্বৰ্ধনা সভাৰ আঁত ধৰে শিক্ষক গোটৰ সম্পাদক ড০ পংকজ বৰাই।

মহাবিদ্যালয়ৰ উপাধ্যক্ষ  চিত্ৰ কুমাৰ কোচ, শিক্ষক গোটৰ সদস্য প্ৰকাশ উপাধ্যায়, মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ভাৰতী গগৈ আদিয়ে  সদাহাস্যমুখী, স্বল্পভাষী সহকৰ্মী গগৈৰ ব্যতিক্ৰমী আচাৰ আচৰণৰ শ্ৰদ্ধাশীল ৰোমন্থন কৰে। নিয়মানুৱৰ্তী অধ্যয়ন প্ৰয়াশী, সংস্কৃতি প্ৰেমী গগৈৰ কায়িক অভাৱ মহাবিদ্যালয় পৰিয়ালে সদায় অনুভৱ কৰি যাব বুলি কৈ বৃত্তিগত ভাবে অৱসৰ গ্ৰহণ কৰিলেও আত্মিক ভাবে গগৈৰ উপস্থিতি, পৰামৰ্শ মহাবিদ্যালয় পৰিয়ালে সদায় কামনা কৰিব বুলি কয়।

মনোজ্ঞ সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল হৈ পৰা অনুষ্ঠানত সম্বৰ্ধিত গগৈয়ে কৰ্মজীৱনৰ অম্লমধুৰ অভিজ্ঞতা দাঙি ধৰি সকলোকে আপ্লুত কৰে। সভাত মহাবিদ্যালয় শিক্ষক গোট, ছাত্ৰ একতা সভা, কৰ্মচাৰীসকলৰ তৰফৰ পৰা প্ৰশস্তি পত্ৰ, গামোচা, সঁফুৰা, বস্ত্ৰ আৰু গ্ৰন্থ সম্ভাৰেৰে গগৈৰ লগতে পত্নীকো সাদৰ সম্ভাষণ জনোৱা হয়। 

শিক্ষক গোটৰ সম্পাদক ড০ পংকজ বৰাই মহাবিদ্যালয় পৰিয়ালৰ হৈ গগৈৰ অৱসৰী জীৱনৰ প্ৰতিটো ক্ষণ সুখ, সমৃদ্ধিৰ হোৱাৰ কামনা কৰি সুস্বাস্থ্যৰে সামাজিক পৰিসৰত নতুন উদ্যমেৰে উদ্ভাসিত হোৱাৰ কামনা কৰে। 

ঢকুৱাখনা মহাবিদ্যালয়