অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি...

অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি...

author-image
Asomiya Pratidin
New Update
অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি...

অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি...

ডিজিটেল সংবাদ লাখিমপুৰঃ যোৱা ৫ জানুৱাৰীৰ পৰা চমকং সোণাপুৰ ব্ৰহ্ম সেৱাশ্ৰমত আৰম্ভ হোৱা অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ সোণালী জয়ন্তীৰ আজি সফল সামৰণি পৰে। একেখন মঞ্চতে অনুষ্ঠিত হ'ল জিলা ব্ৰহ্মধৰ্ম যুৱ সমিতি,ব্ৰহ্ম ধৰ্ম মহিলা সমিতি, চিমেন আঞ্চলিক ব্ৰহ্ম ধৰ্ম সমিতি, চিমেন আঞ্চলিক ব্ৰহ্ম ধৰ্ম যুৱ সমিতি আৰু চিমেন আঞ্চলিক ব্ৰহ্ম ধৰ্ম মহিলা সমিতিৰ বছৰেকীয়া অধিৱেশন।

Advertisment

আজি অন্তিম দিনা অনুষ্ঠানত ৰাইজৰ ব্যাপক ভিৰ পৰিলক্ষিত হল। পুৱা অখণ্ড যজ্ঞ প্ৰজ্বলন,ধৰ্ম ধ্বজা উত্তোলন,গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পণ কৰে।

দুপৰীয়া বহু আমন্ত্ৰিত বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। চন্দ্ৰমোহন মুছাহাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্বোধন কৰে বড়ো কছাৰী কল্যাণ স্বয়ত্ব পৰিষদৰ প্ৰধান মিহিনিশ্বৰ বসুমতাৰীয়ে।

তেওঁ ভাষণ প্ৰসংগত- এখন শৃংখলিত, সমৃদ্ধিশালী আৰু প্ৰগতিশীল সমাজৰ নিৰ্মাণত ধৰ্মৰ গুৰুত্ব অধিক বুলি উল্লেখ কৰি উঠি অহা প্ৰজন্মৰ মাজত ধৰ্মৰ প্ৰভাৱ বিস্তাৰ কৰি মানৱীয় প্ৰমূল্য আৰু ভাতৃত্ববোধৰ চিন্তাক সুদৃঢ় কৰি তুলিবলৈ আহ্বান জনায়।

মহেন্দ্ৰ দৈমাৰী সভাপতি আৰু ধনেশ্বৰ নাৰ্জাৰীৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা মুখপত্ৰ 'ব্ৰহ্ম জ্ঞান' উন্মোচন কৰা হয় এই অনুষ্ঠানতে। একেদৰে অৱসৰপ্ৰাপ্ত শিক্ষক বাজেন্দ্ৰ কুমাৰ ব্ৰহ্ম আৰু ধনেশ্বৰ নাৰ্জাৰীৰ ৰচিত 'সুংদৈয়ি বড়ো থুনলাই জাৰিমিন'ৰ দ্বিতীয় সংস্কৰণখন উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক মহেন্দ্ৰ দৈমাৰীয়ে।

ইয়াৰ পিছতে অনুষ্ঠিত হয় "বড়ো জাতিৰ পথ প্ৰদৰ্শক হিচাপে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম" শীৰ্ষক এক গম্ভীয্যপূৰ্ণ ধৰ্মালোচনি সভা। বিয়লি অনুষ্ঠিত মুকলি সভাত কেইবাজনো বিশিষ্ট সমাজকৰ্মী,ব্ৰহ্ম ধৰ্মৰ গুৰু, বিদ্ধান, শিক্ষক আৰু কেইবাজনো জনপ্ৰতিনিধি আতিথি ৰূপে উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সভাৰ মাজে মাজে পৰিবেশন কৰা আকৰ্ষণীয় বড়ো গীত নৃত্যই জীপাল কৰি তোলে কাৰ্যসূচী।

Also Read: বিধায়ক ৰঞ্জিত দত্তৰ পুত্ৰৰ ড্ৰাইভিং লাইচেঞ্চ, আৰ চি বাতিলৰ দাবী কংগ্ৰেছৰ…

ব্ৰহ্ম ধৰ্ম সমিতি