/asomiyapratidin/media/media_files/2025/05/26/m7D42WKDRn3ZPJeICtul.jpg)
ডিজিটেল সংবাদ লখিমপুৰঃ আৰম্ভ হৈছে বহু বিতৰ্কিত গেৰুকামুখৰ সোৱণশিৰি বৃহৎ নদীবান্ধ আৰু জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰ ফিলিং প্ৰক্ৰিয়া। সোমবাৰৰ পৰা এই বান্ধটোৰ ৰিজাৰ্ভৰ ফিলিং প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা জানিবলৈ পোৱা গৈছে।
তথ্য অনুসৰি বান্ধটোত এটা দিনত এক মিটাৰ কৈ পানী জমা কৰিছিল এন এইছ পি চিয়ে। তেওঁলোকে প্ৰতি ২৪ ঘণ্টাত এক মিটাৰকৈ পানী ৰিজাৰ্ভাৰত আৱদ্ধ কৰিব।
নদী পৃষ্ঠৰ পৰা ১৮০ মিটাৰ উচ্চতালৈকে বান্ধটোত পানী আবদ্ধ কৰিব। ২০২৩ চনত হোৱা ভয়াৱহ ভূমিস্খলনৰ ফলত ডাইভাৰ্ছনৰ টানেল বন্ধ হৈ পৰাত ইয়াত ১৪৫ মিটাৰ পৰ্যন্ত পানী আৱদ্ধ হৈ পৰিছিল। আৰু ৫০ মিটাৰৰ পানী আৱদ্ধ হ'লেই বিদ্যুৎ উৎপাদন হ'ব।
উল্লেখযোগ্য যে, সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰত ১৩৬৫ মিলিয়ন কিউবিক পানী জমা কৰিব পাৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us