ঢকুৱাখনাত পানীত ডুবি কিশোৰৰ অকাল মৃত্যু

ঢকুৱাখনাত পানীত ডুবি কিশোৰৰ অকাল মৃত্যু

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত পানীত ডুবি কিশোৰৰ অকাল মৃত্যু

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত বৰখাল গাঁওত সোমবাৰে বিয়লি এক শোকাৱহ ঘটনা সংঘটিত হয়। সোমবাৰে আবেলি ৪ মান বজাত ঢকুৱাখনাৰ ঘিলাগুৰি- কৃষ্ণপুৰ লোকনিৰ্মান পথৰ খামন জানৰ এটি ডুবিত ৪ সতীৰ্থৰ সৈতে সাতুৰিবলৈ গৈ মৰ্মান্তিক মৃত্যুক সাৱটি লয় বৰখাল গাওঁৰ সুভাষ পেগুৰ কিশোৰ পুত্ৰ ৯বছৰীয়া তিলেন্দ্ৰ পেগুৱে।

Advertisment

ঘটনাৰ বিৱৰণী মতে, সোমবাৰে বিয়লি ওচৰৰে কেইগৰাকী মান সতীৰ্থ সৈতে খেলি পৰৱৰ্তী সময়ত ওচৰৰে খামন জানৰ ডুবিত সাতুৰিবলৈ নামি গৈ অকস্মাত নিৰুদ্দেশ হৈছিল কিশোৰ তিলেন্দ্ৰ পেগু। সতীৰ্থৰ আকস্মিক নিৰুদ্দেশ সন্দৰ্ভত স্থানীয় ৰাইজক অৱগত কৰাত ডুবিটোত ৰাইজে সাঁতুৰি, জাল মাৰি, নাৱেৰে পানীত উদ্ধাৰৰ চেষ্টা চলাই আৰু কিছু সময়ৰ পাছত কিশোৰজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উদ্ধাৰৰ সময়ত প্ৰথমাৱস্থাত কিশোৰ তিলেন্দ্ৰ জীৱিত আছিল যদিও পৰৱৰ্তী সময়ত অকাল মৃত্যুক সাৱটি লয়। নিৰ্বোধ বালক তিলেন্দ্ৰ পেগুৰ অকাল মৃত্যুৱে সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে। ঘটনাৰ খবৰ লাভ কৰি ঢকুৱাখনা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ কিশোৰটিৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।

Also Read: ৪ নৱেম্বৰত কাজিৰঙা ভ্ৰমণ কৰিব ভূটানৰ ৰজাই

lakhimpur