/asomiyapratidin/media/media_files/2025/06/02/KXTwNIm2DkgRBORUVXyK.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলৰ এখন অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান সাপতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়। ১৯৮৯ চনতে প্ৰতিষ্ঠা হোৱা এইখন বিদ্যাৰ মন্দিৰৰ এগৰাকী আত্মোস্বৰ্গী শিক্ষাবিদ, অধ্যক্ষ প্ৰবীণ গগৈক শনিবাৰে অৱসৰকালীন সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
১৯৮৯ চনৰ এপ্ৰিল মাহত বিজ্ঞান বিষয়ৰ বিষয় শিক্ষক হিচাবে যোগদান কৰি ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ উৎকৃষ্ট মানৱ সম্পদ গঢ়াৰ এগৰাকী অক্লান্ত খনিকৰ হিচাবে অতুল্য অৱদান আগবঢ়াই গৈছে গগৈয়ে। শিক্ষকতাৰ উপৰিও সামাজিক দায়বদ্ধতা, সততা ,কৰ্তব্য পৰায়নতাৰ অনুকৰণীয় দৃষ্টান্ত দাঙি ধৰি যোৱা গগৈৰ বিদ্যায়তনিক অৱদানৰ সশ্ৰদ্ধ গুণানুকীৰ্তন কৰি শনিবাৰে এক অৱসৰকালীন সম্বৰ্ধনা জনোৱা হয়।
বিদ্যালয় প্ৰেক্ষাগৃহত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংগঠন সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই সম্বৰ্ধনা সভা।
বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৰেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখন শুভ উদ্বোধন কৰে মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ঋতু দাসে।
স্থানীয় শিক্ষাসদী ৰাইজ, প্ৰাক্তন শিক্ষাৰ্থী, বিদ্যালয় পৰিয়াল উপস্থিত থকা সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই গন্ধীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱকান্ত দত্ত আৰু নেমুটেঙানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বৈকুণ্ঠ চুতীয়াই।
বিশিষ্ট অতিথি হিচাপে অসম হাইস্কুল শিক্ষক সংস্থাৰ উপ সভাপতি বীৰেণ সন্দিকৈ ,হাৰ্হি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল আৱাল খানে অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু অধ্যক্ষ গগৈৰ শৈক্ষিক অৱদানৰ সন্দৰ্ভত মননশীল বক্তৱ্য আগবঢ়ায়।
জনাকীৰ্ণ সম্বৰ্ধনা সভাত আমন্ত্ৰিত অতিথি হিচাপে শিক্ষক যোগেন্দ্ৰ নাথ গগৈ ,প্ৰফুনাথ মেদক ,যজ্ঞোৰাম ফুকন ,গোপাল গগৈ আদিও উপস্থিত থাকি বক্তৱ্য আগবঢ়ায়। বিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰী, অধ্যয়ণৰত ছাত্ৰ-ছাত্ৰী,ঢকুৱাখনা জিলা হাইস্কুল শিক্ষক সংস্থাৰ বিষয় ববীয়া, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অভিভাৱক -অভিভাৱিকা সকলে বিদায়ী অধ্যক্ষ প্ৰবীণ গগৈক অৱসৰকালীন উষ্ম সম্বৰ্ধনা জনাই সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। লগতে অনাগত দিনটো বিদ্যালয়খনৰ সৈতে সম্পৃক্ত হৈ থকাৰ আহ্বান জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us