সুনীল গগৈৰ পুত্ৰৰ বিস্ফোৰণ : জাহাঙ্গীৰ হত্যাকাণ্ডত তৃতীয় শক্তি জড়িত !

সুনীল গগৈৰ পুত্ৰৰ বিস্ফোৰণ : জাহাঙ্গীৰ হত্যাকাণ্ডত তৃতীয় শক্তি জড়িত !

author-image
Asomiya Pratidin
New Update
সুনীল গগৈৰ পুত্ৰৰ বিস্ফোৰণ : জাহাঙ্গীৰ হত্যাকাণ্ডত তৃতীয় শক্তি জড়িত !

ডিজিটেল সংবাদ ঢকুৱাখনা : ঢকুৱাখনাৰ লোমহৰ্ষক আৰু নাৰকীয় হত্যাকাণ্ডত তৃতীয় শক্তি জড়িত থকাৰ কথা পোহৰলৈ আহিছে। ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুৰ্নীতিগ্ৰস্ত কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীৰ পৃষ্ঠপোষকতাত কোনো তৃতীয় শক্তিয়ে ৰাজমিস্ত্ৰী জাহাঙ্গীৰ হুছেইনক হত্যা কৰিছে !

Advertisment

শনিবাৰে ঢকুৱাখনা সদৰ থানাত হাজিৰ হ'বলৈ আহি এই স্পৰ্শকাতৰ মন্তব্য কৰে সুনীল তনয় সৌৰভ গগৈয়ে । ৰাজ্য কঁপোৱা ঢকুৱাখনাৰ সাপতিয়া চেতিয়া গাঁৱৰ সুনীল গগৈৰ ৰাজমিস্ত্ৰী জাহাঙ্গীৰ হুছেইনৰ হত্যা আৰু দাহনৰ লগতে মুণ্ড ছেদ কৰি উধাও হোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ সন্দৰ্ভত নিৰন্তৰ জেৰাৰ সন্মুখীন হোৱা সুনীল পুত্ৰ সৌৰভ গগৈৰ সমান্তৰালভাৱে ঢকুৱাখনাবাসী সচেতন মহলেও এনে ধাৰণাকে সাঁচি ৰাখিছে ।

ৰহস্যজনকভাৱে দুৰ্নীতিগ্ৰস্ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰিকৰী অভিযন্তা জয়ন্ত গোস্বামীৰ আদালতৰ পৰা জামিন লাভৰ অন্তৰালত গোচৰীয়া সুনীল গগৈৰ ৰহস্যজনক নিখোজ হোৱা ঘটনাক্ৰম প্ৰধান কাৰক হিচাপে বিবেচিত হৈছে । এক তৃতীয় শক্তিয়ে পৰিকল্পিতভাৱে শীতল মস্তিষ্কৰে এই নিকৃষ্ট হত্যাকাণ্ড সংঘটিত কৰি সুনীলক হয়তো অপহৰণ কিম্বা হত্যা কৰি গোচৰীয়াৰ অৱস্থিতি নিঃশেষ কৰাৰো এক পৰিকল্পনা কৰাৰ আশংকা ব্যক্ত কৰিছে ঢকুৱাখনাৰ সচেতন মহলে।

প্ৰবীণ সাংবাদিক তথা জ্যেষ্ঠ নাগৰিক কুশল গগৈয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, সুনীল জীৱিত থকা হ'লে জনস্বাস্থ্য সংমণ্ডলটোৰ কেৱল এই বিত্তীয় কেলেংকাৰীয়ে নহয় আৰু অধিক বিত্তীয় কেলেংকাৰী পোহৰলৈ আহিলহেতেঁন বুলি উল্লেখ কৰে। এইদৰে কৈ তেঁও এই ভয়ংকৰ দুৰ্নীতি গাপ দিবলৈ কোনো তৃতীয় পক্ষই এই বৰ্বৰ কাণ্ড সংঘটিত কৰি সুনীলক অপৰাধী সজাই চিৰদিনৰ বাবে নোহোৱা কৰাৰ বাবে এক গভীৰ ষড়যন্ত্ৰ বুলি মত ব্যক্ত কৰে ।

জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে এই দুৰ্নীতি কেলেংকাৰীৰ সতে জড়িত এক প্ৰভাৱশালী ৰাজনৈতিক শক্তি জড়িত থকাৰো আশংকা ব্যক্ত কৰে । অসম আৰক্ষীৰ হত্যাকাৰীৰ কৌশলৰ ওচৰত নির্লজ আত্মসমৰ্পণ কৰা বেপৰোৱা চৰিত্ৰৰ বাবেই আজিপৰ্যন্ত ছিন্ন মুণ্ড উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

ইয়াৰোপৰি পলাতক ঘোষিত সুনীল গগৈৰ সন্ধান উলিয়াব নোৱাৰা আদি সকলো দিশৰ ব্যৰ্থতাই এই সমগ্ৰ হত্যাকাণ্ডৰ পতিয়নযোগ্য সমাধান সূত্ৰ যে উলিয়াব পাৰিব সেয়া তিলমাত্ৰও বিশ্বাস নোহোৱা হৈছে ন্যায়কামী ৰাইজৰ । কাৰণ তদন্তৰ নামত বিগত ৪ টা দিনে শোকে-দুখে আচ্ছন্ন হৈ থকা সুনীলৰ পত্নী-পুত্ৰক মানৱ অধিকাৰ খৰ্ব কৰি মানসিক নিৰ্যাতন চলাই দিনৰ দিনটো থানাত বহুৱাই নিশাহে ঘৰলৈ যাব দি এখন নির্লজ ভাওনা কৰি সময় অতিবাহিত কৰিছে ঢকুৱাখনা আৰক্ষীয়ে ।

আৰক্ষীৰ তদন্তৰ নামত এনে ভেল্কীবাজী দেখি ৰাইজৰ ন্যায় প্ৰাপ্তিৰ আশা টুটিছে । ভুক্তভোগী সুনীলৰ পত্নী পুত্ৰই বিচৰা ধৰণে নহয় এক বিশেষ চক্ৰই মনে বিচৰা ধৰণেৰেহে যে এই তদন্ত আগবাঢ়িব তেনে ধাৰণাই ঢকুৱাখনাবাসীৰ মনত পোখা মেলিছে বুলি কুশল গগৈয়ে মন্তব্য কৰে ।

Also Read: হাতীৰ বিচৰণভূমি ধ্বংস কৰি পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ যো-জা : জাঙুৰ খাই উঠিল জীপাল কৃষক শ্ৰমিক সংঘ

sunil gogoi case dhakuakhana Assam police