চুমনিত উদ্ধাৰ হোৱা মৃতদেহ আছিল জাহাংগীৰৰঃ পলাতক ঘোষণা সুনীল গগৈক

ঢকুৱাখনাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডক লৈ আৰক্ষী অধীক্ষকৰ সংবাদ মেল

author-image
Asomiya Pratidin
New Update
চুমনিত উদ্ধাৰ হোৱা মৃতদেহ আছিল জাহাংগীৰৰঃ পলাতক ঘোষণা সুনীল গগৈক

চুমনিত উদ্ধাৰ হোৱা মৃতদেহ আছিল জাহাংগীৰৰঃ পলাতক ঘোষণা সুনীল গগৈক

ডিজিটেল ডেস্কঃ অৱশেষত আহিল ঢকুৱাখনাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ডি এন এ ৰিপ'ৰ্ট। এই ৰিপ'ৰ্ট অনুসৰি উদ্ধাৰ হোৱা মৃতদেহটো নাছিল সুনীল গগৈৰ। মৃতদেহটো প্ৰকৃততে আছিল জাহাংগীৰ হুছেইনৰহে।

Advertisment

লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে এক সংবাদ মেল সম্বোধন কৰি আজি এই সন্দৰ্ভত সবিশেষ উল্লেখ কৰিছে। আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মেলত কয়, সুনীল গগৈৰ ঘৰৰ পৰা প্ৰায় প্ৰায় ২০০/৩০০ মিটাৰ আঁতৰত তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি আমাক এক খবৰ দিছিল। যিহেতু মৃতদেহটোৰ মূৰ নাছিল আৰু সম্পূৰ্ণ দেহ জ্বলি আছিল সেয়ে আমি গুৱাহাটীৰ ফৰেনছিক দলৰ সহায় লওঁ।

চি আই ডিৰ আইজিৰ নেতৃত্বত ফৰেনছিক এটা দল আহে। লগত আহে চি আই ডিৰ ডগ স্কোৱাডৰো এটা দল। আমাৰ বাবে এই মৃতদেহটো চিনাক্ত কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰে। কিয়নো ৩০ তাৰিখে তেওঁৰ ঘৰৰ পৰাই জল জীৱন মিছনত কৰ্মত মিস্ত্ৰী জাহাংগীৰ হুছেইনো সন্ধানহীন হোৱাৰ খবৰ পাওঁ।

ইয়াৰ পৰৱৰ্তী দিনত ডিজিপি ছাৰেও ঘটনাস্থলী পৰ্যবেক্ষণ কৰে। সেই দিনাই আবেলি ফৰেনছিক দলে মৃতদেহৰ অৱশিষ্টসমূহ বিজ্ঞানসন্মতভাৱে আৰু ফৰেনছিকেলি সংগ্ৰহ কৰা হয়। ইয়াৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

তেওঁ পুনৰ কয়, মৃতদেহটো উদ্ধাৰ হোৱা স্থানত সুনীল গগৈৰ পোচাক আৰু বাকী সামগ্ৰী উদ্ধাৰ হয়। আমাৰ তেতিয়াই এই মৃতদেহক লৈ সন্দেহ হয়। সেয়ে আমি এই মৃতদেহ চিনাক্ত কৰিবলৈ হায়দৰাবাদৰ চেণ্টাৰ ফৰ ডি এন এ ফ্ৰিংগাৰ প্ৰিণ্টিং ইনষ্টিটিউলৈ প্ৰেৰণ কৰোঁ।

ইয়ালৈ সুনীল গগৈৰ দুজন সম্পৰ্কীয় ব্যক্তি আৰু জাহাংগীৰ হুছেইনৰ ভাতৃ জহিদুৰ ৰহমানৰো তেজৰ নমুনা প্ৰেৰণ কৰোঁ। আজি তাৰ ৰিপ'ৰ্ট আহিছে। সেই অনুসৰি এই ৰিপ'ৰ্ট জাহাংগীৰ হুছেইনৰ ভাতৃ জাহিদুৰ ৰহমানৰ সৈতেহে মিলিছে। ইয়াৰ পৰা প্ৰমাণ হয় উদ্ধাৰ হোৱা মৃতদেহ সুনীল গগৈৰ নহয়, জাহাংগীৰ হুছেইনৰহে।

আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মেলত পুনৰ কয়, এতিয়া সমগ্ৰ ঘটনাৰ প্ৰকৃত তদন্ত আৰম্ভ হ'বহে। এই ঘটনাৰ সৈতে যিসকল লোক জড়িত থাকিব পাৰে তেওঁলোকক তদন্তৰ সময়ত সোধপোছৰ বাবে মাতা হ'ব।

যেতিয়া গোটেই হত্যাকাণ্ডৰ প্ৰমাণ লাভ কৰিম, কোনে এই ঘটনা সংঘটিত কৰিছিল সেই বিষয়ে নিশ্চিত হম তেতিয়াহে গ্ৰেপ্তাৰৰ প্ৰসংগ আহিব। সুনীল গগৈৰ পৰিয়ালৰ প্ৰতিজন সদস্যকো থানালৈ সোধপোছৰ বাবে মতা হ'ব বুলিও জনাইছে তেওঁ।

ইয়াৰোপৰি তেওঁ কয়, এই হত্যাকাণ্ড নিশা ৮-৩০ বজাৰ পাছত সংঘটিত হৈছিল। ইয়াৰোপৰি ১ জুনৰ সন্ধিয়া ৬-৩০ বজাৰ ভিতৰত জাহাংগীৰৰ অন্তিম লোকেচন আছিল চুমনি অঞ্চলৰে আশেপাশে।

উল্লেখ্য যে, সুনীল গগৈৰ হত্যাকাণ্ড সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে মুখ খুলিছিল। তেওঁ কৈছিল ৯০ শতাংশ নিশ্চিত যে সেই মৃতদেহ সুনীল গগৈৰ পৰিৱৰ্তে জাহাংগীৰ হুছেইনৰহে। ইয়াৰ পিছতে এই হত্যাকাণ্ডই নতুন মূৰ লাভ কৰে।

ইফালে সুনীল গগৈয়ে তেওঁৰ নামত ৪১ লাখ টকাৰ জীৱন বীমা কৰোৱাৰো তথ্য পোহৰলৈ আহিছে। এই বীমাত সুনীলে তেওঁৰ পত্নীক নমিনি কৰি ৰাখিছিল। এই তথ্যয়ো এতিয়া বহু প্ৰশ্নৰ সৃষ্টি কৰিছে।

ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলজীৱন মিছনৰ দ্বিতীয় শ্ৰেণীৰ ঠিকাদাৰ সুনীল গগৈক এইদৰে পাশৱিক হত্যা কৰা হৈছিল বুলি বিগত সময়খিনিক চাঞ্চল্য অব্যাহত আছিল। এতিয়া এই মৃতদেহ জাহাংগীৰ হুছেইনৰ বুলি চিনাক্ত হোৱাত আৰক্ষীয়ে সুনীল গগৈক ১ জুনৰ নিশা ৮ বজাৰ পৰা পলাতক ঘোষণা কৰিছে আৰক্ষীয়ে। আনহাতে সুনীল গগৈ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে নিজাববীয়া গোচৰ।

Also Read: চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই চৰম পন্থা ল'লে গৃহ বিভাগৰ সচিব শিলাদিত্য চেতিয়াই...

ঢকুৱাখনা সুনীল গগৈ হত্যাকাণ্ড