/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/1371836d-6b70-478a-83d1-8610fb00a401/370.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : গ্রামাঞ্চলৰ যুৱপ্ৰজন্মৰ সুপ্ত ক্ৰীড়া প্ৰতিভাধৰসকলক চিনাক্ত কৰি এক সাৰ্বজনীন মঞ্চ প্ৰদানৰ ব্যতিক্ৰমী প্ৰয়াস আছিল মিচিং অলিম্পিক ২০২৩ । মিচিং জনগোষ্ঠীৰ সংগ্ৰামী ছাত্ৰ সংগঠন সদৌ মিচিং ছাত্ৰ সন্থাৰ একক উদ্যোগত ধেমাজি জিলাৰ জ'নাইৰ পবা ক্ৰীড়াঙ্গনত যোৱা ২৫ অক্টোবৰৰ পৰা ৩দিনীয়াকৈ অনুষ্ঠিত হৈছিল মিচিং অলিম্পিক ।
জাতীয় সংগঠনটোৰ মুঠ ১৫ খন সাংগঠনিক জিলাৰ অন্তৰ্গত আঞ্চলিকসমূহৰ পৰা প্ৰাথমিক পৰ্য্যায়ত জিলা পৰ্যায়লৈ নিৰ্বাচিত কৰি আৰু পৰৱৰ্তী সময়ত জিলা পৰ্য্যায়ৰ পৰা এই অলিম্পিকলৈ নিৰ্বাচিত মুঠ ৩.৫ সহস্ৰাধিক জনগোষ্ঠীয় প্ৰতিভাবান প্ৰতিযোগীযে অংশগ্ৰহণ কৰিছিল। ঢকুৱাখনা জিলা সমিতিৰ মুঠ ১১০ গৰাকী প্ৰতিযোগীয়ে সবল প্ৰতিযোগিতা আগবঢ়াই মহকুমাৰ মুঠ ৬ গৰাকী প্ৰতিভাধৰ এথলিটে নিজস্ব শ্ৰেষ্ঠত্ব পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/b7acb4c9-25ae-4a56-872d-6279649aadea/b97ebe76_0e57_413c_a1ea_3bbfb510f4a8.jpg)
শুক্ৰবাৰে ঘোষিত চূড়ান্ত ফলাফল অনুসৰি ঢকুৱাখনা জিলা মিচিং ছাত্ৰ সন্থাৰ হৈ অলিম্পিকৰ ১০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জোনাক মিলিয়ে সোণৰ পদক,শিখামনি পেগুৱে হাই জাম্পত সোণৰ পদক, মঙ্গলচন মেদকে শ্বট পুট ৰূপৰ পদক, আকাশ পাতিৰ আৰু সুকল কম্বাংয়ে ১৬ বছৰ অনুৰ্ধ্ব মাৰথান দৌৰত ব্ৰঞ্জৰ পদক আৰু দেৱজিৎ পাংগিংয়ে ব্ৰঞ্জৰ পদক অর্জন কৰিবলৈ সক্ষম হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/07784894-18a7-4ce7-80d8-e8ef98660bcb/f7d18b2c_8810_4869_b6d1_79c55fac21d3.jpg)
ঢকুৱাখনা জিলা সমিতিৰ অন্তৰ্গত যুৱ ক্ৰীড়াবিদসকলৰ এনে সফলতাত উল্লাসৰ বন্যা প্ৰবাহিত হৈছে জনগোষ্ঠীয় ৰাইজৰ মাজত । যুৱ প্ৰতিভাধৰ সকলৰ এনে কৃতিত্বত আন্তৰিক অভিনন্দনআৰু শুভেচ্ছা জ্ঞাপন কৰিছে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু , কাৰ্যবাহী সদস্য ইন্দিৰা চিন্তে কুম্বাং,সদৌ মিচিং ছাত্ৰ সন্থাৰ যতীন পেগু ,বৃগেন দলে, ভূপেন দলে, ঢকুৱাখনা জিলা মিচিং ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দলে ,সাধাৰণ সম্পাদক অমৰজিত দলেকে প্ৰমুখ্য কৰি জাতীয় সংগঠনৰ গৰিষ্ঠ সংখ্যক নেতৃবৰ্গই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/ac92e43b-9e34-4644-9661-2b527773b0f0/4e82edc0_8cae_4c41_9c0e_32df6938e7a4.jpg)
উল্লেখ্য যে শুক্ৰবাৰে ছাত্ৰ সংগঠনটোৰ উদ্যোগত অনুষ্ঠিত এই মিচিং অলিম্পিকৰ সফল সামৰণি পৰে । সম্প্ৰতি মিচিং অলিম্পিকৰ সামৰণি অনুষ্ঠান বঁটা বিতৰণী পৰ্ব চলি আছে আৰু এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শ্ৰেষ্ঠ বিবেচিত কৃতিমান খেলুৱৈসকলক সন্মানিত আৰু পুৰস্কৃত কৰা হয় ।
Also Read: প্ৰজন্মৰ বিশেষ পদক্ষেপ : কলিয়াবৰৰ ৩ শিক্ষাৰ্থীক জলপানি প্ৰদান