আধুনিক ঢকুৱাখনাৰ ৩৬ বছৰীয়া উলংগ স্বৰূপঃ ভাড়া ঘৰৰ পৰাই চলিছে মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয়

বিগত ৩৬ বছৰ ধৰি ঢকুৱাখনাৰ মহকুমা আৰক্ষী বিষয়াসকলে স্থায়ী কাৰ্যালয়ৰ অভাৱত একেটা ভাড়া ঘৰতে শোৱনী কোঠাৰ পৰাই মহকুমা আৰক্ষী প্ৰশাসনীয় কাম কাজ পৰিচালনা কৰি আহিছে।

author-image
Asomiya Pratidin
New Update
আধুনিক ঢকুৱাখনাৰ ৩৬ বছৰীয়া উলংগ স্বৰূপঃ ভাড়া ঘৰৰ পৰাই চলিছে মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয়

ডিজিটেল সংবাদ ঢকুৱাখনা:  আধুনিক ঢকুৱাখনা নিৰ্মাণৰ শপতলৈ ক্ষমতাৰ গাদী দখল কৰা বিধায়ক তথা প্ৰাক্তন কেবিনেট মন্ত্ৰী নৱ দলেৰ ৩ টা কাৰ্যকাল উকলাৰ ক্ষণ সমাগত। ক্ষমতাৰ বাঘজৰী কুক্ষীগত কৰিবলৈ দল বাগৰা এইগৰাকী আধুনিক ঢকুৱাখনাৰ নির্মাতাৰ কাৰ্যকালত ঢকুৱাখনাৰ বহু কেইটা গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগৰ দুৰৱস্থাৰ ছবি "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ  জৰিয়তে পোহৰলৈ অনাৰ প্ৰয়াস কৰা হৈছে ।

Advertisment

ইয়াৰ ভিতৰত পূৰ্বৰ মহকুমা তথা বৰ্তমানৰ সমজিলা প্ৰশাসনৰ অন্যতম মূল চালিকা শক্তি হৈছে গৃহ বিভাগ। লখিমপুৰ জিলা সদৰৰ পৰা প্ৰায় ৭৮ কিলোমিটাৰ আঁতৰৰ দুখন আৰক্ষী থানা আৰু এখন আৰক্ষী চকী বিশিষ্ট ঢকুৱাখনা সমজিলাত আইন শৃংখলাজনিত দিশটো তদাৰক আৰু পৰিচালনা কৰিবলৈ মহকুমা ঘোষণাৰ পাছতে ১৯৮৯ চনত ঘোষণা কৰা হৈছিল মহকুমা আৰক্ষী বিষয়াৰ কাৰ্য্যালয় স্থাপনৰ। 

সেই অনুক্ৰমে বৰ্তমানৰ সমজিলা স্বীকৃতিৰ বর্তমান পৰ্যন্ত মুঠ ১৭ গৰাকী মহকুমা আৰক্ষী বিষয়াই  এই পদতকাৰ্যনিৰ্বাহ কৰি গৈছে। তদানীন্তন বিধায়ক, মন্ত্ৰী ভৰত নৰহৰ কাৰ্যকালতে স্থাপিত হোৱা এই গুৰুত্বপূৰ্ণ শীৰ্ষ বিভাগটোৰ আজি পৰ্যন্ত এটা স্থায়ী নিগাজি পৰিচয়ৰ অভাৱ থাকি গ’ল। কি ভৰত নৰহ, কি নৱ দলে কোনো এজন জন প্ৰতিনিধিযে এই গুৰুত্বপূৰ্ণ শীর্ষ বিভাগটোৰ এটা স্থায়ী কাৰ্যালয় স্থাপন কিম্বা নিৰ্মাণৰ বাবে এবাৰো ৰাজনৈতিক শক্তি প্ৰয়োগ নকৰিলে।

পৰিণতিত বিগত ৩৬বছৰ ধৰি ভাড়াঘৰতে কাৰ্য্যালয় পাতি জৰুৰী গুৰুত্বপূৰ্ণ কাম কাজ চলাই আহিছে প্ৰতিগৰাকী  মুৰব্বী আৰক্ষী বিষয়াই। কি কাৰ্য্যালয়, কি চৰকাৰী আৱাস গৃহ একো  প্ৰয়োজনীয় সা সুবিধা নোহোৱাকৈয়ে  দশক দশক চলি আহিছে মহকুমা আৰক্ষী বিভাগটো।

সংগৃহীত তথ্য মতে ঢকুৱাখনা সমজিলা প্ৰশাসনৰ কাৰ্যালয়ৰ সমীপত আৰু ঢকুৱাখনা নৰ্মাল স্কুলৰ সমীপৰ দুই চৰকাৰী ভূখণ্ডত এই গুৰুত্বপূৰ্ণ বিভাগৰ কাৰ্য্যালয় নিৰ্মানৰ বাবে স্থান চিহ্নিত কৰা হৈছিল। কিন্তু আধুনিক আৰু পৰিকল্পিত ঢকুৱাখনা নিৰ্মাণৰ গলফুলাই চিঞৰি থকা বিধায়ক দলে আৰু স্তাৱক বাহিনীয়ে এইক্ষেত্ৰত গ্ৰহণ কৰা মুকবধিৰৰ ভূমিকাৰ বাবেই  সম্প্ৰতি উচিষ্ট হৈ পৰি ৰৈছে আবন্তিত ভূখণ্ড। 
বছৰ বছৰ অতিক্ৰম কৰি অহাৰ পাছতো এইটো গুৰুত্বপূৰ্ণ বিভাগ নিৰ্মাণৰ বাবে সামান্য ৰাজনৈতিক শক্তি প্ৰয়োগ নকৰিলে বিধায়ক নৱ দলেয়ে। নিজৰ সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগৰ এনে আন্তঃগাঁথনিবিহীন দুৰৱস্থাৰ সন্দৰ্ভত ৰাজ্যৰ গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ কৰিবলৈ সাহস নোহোৱা এইজন নিষ্কৰ্ম্মা বিধায়কৰ গুৰুত্বহীনতাৰ বাবেই এটা চৰকাৰী বিভাগ ব্যক্তিগত ভাড়া ঘৰৰ পৰা পৰিচালিত হ’বলগা হৈ আহিছে যুগ যুগ ধৰি।

বিগত ৩৬ বছৰ ধৰি মহকুমা আৰক্ষী বিষয়াসকলে এনেদৰেই  একেটা ভাড়া ঘৰতে শোৱনী কোঠাৰ পৰাই মহকুমা আৰক্ষী প্ৰশাসনীয় কাম কাজ পৰিচালনা কৰি অহাৰ পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে প্ৰতিখন সমজিলা সদৰত এগৰাকীকৈ অতিৰিক্ত আৰক্ষী অধীক্ষকক সমজিলা আৰক্ষী অধীক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া সম্পন্ন কৰিছে। এনে প্ৰেক্ষাপটত নৱনিযুক্ত সমজিলা আৰক্ষী অধীক্ষকসকলেও এনে আন্তঃগাঁথনি শূণ্য অৱস্থাৰ সন্মুখীন হোৱাৰেই সম্ভাৱনা প্ৰবল ।

সমজিলাখনৰ আৰক্ষী বিভাগটোৰ বিপৰীতে পৰ্য্যাপ্ত ভূমি আবন্টন হোৱাৰ পাছতো কেৱল ৰাজনৈতিক গুৰুত্বহীনতা আৰু এই চৰকাৰী সুবিধা আদায়ৰ প্ৰতি বিধায়ক দলেৰ অনীহাৰ বাবেই অনাদি অনন্ত কাল এনে ভাড়াতিয়া পদ্ধতিৰে শীর্ষ আৰক্ষী বিভাগটো চলি যোৱাৰেই ধাৰণা কৰা হৈছে। নিজা গৃহ সমষ্টিৰ বিধায়কগৰাকীৰ চূড়ান্ত ব্যৰ্থতাৰ লগতে ৰাজ্যৰ গৃহ বিভাগৰো ফোঁপোলা স্বৰূপ দাঙি ধৰি অহা এই কৌটিকলিয়া অভাৱ সমস্যাৰ স্থায়ী সমাধানৰ বাবে লখিমপুৰ জিলা আৰক্ষী অধীক্ষকৰ লগতে ৰাজ্য চৰকাৰৰ গৃহ দপ্তৰৰ মন্ত্ৰী, জিলাখনৰ অভিভাৱক মন্ত্ৰীৰ জৰুৰী হস্তক্ষেপ ঢকুৱাখনাবাসীৰ কাম্য। 

ক্ষমতালোভী নিৰ্বাচিত জনপ্ৰতিনিধিৰ বেপৰোৱা মনোভাৱ, উদাসীন দৃষ্টিভংগী, ৰাজনৈতিক সদিচ্ছাহীনতা আৰু শক্তিহীনতাৰ বাবেই প্ৰতিষ্ঠা কালৰেপৰা আলংকাৰীক প্ৰশাসনীয় গোট হিচাবে পৰিচিত হৈ অহা ঢকুৱাখনাৰ এনেবোৰ  সুদীর্ঘদিনীয়া অভাৱ দেখি শুনি জানিও  তাক দূৰীকৰণৰ বাবে ৰাজহুৱা স্বাৰ্থত এষাৰ মাত মাতিবলৈ বাকশক্তিহীনতা প্ৰদৰ্শন কৰি আহিছে ঢকুৱাখনাৰ তথাকথিত এচাম দল -সংগঠনে।

ঢকুৱাখনা