সোণাৰি চাপৰিত ধুমুহা  বিধ্বস্ত ১২ লাখ ব্যয়সাপেক্ষে নিৰ্মাণ কৰা চিকিৎসালয়

ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত সোণাৰি চাপৰিত ১২ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন চিকিৎসালয় প্ৰাকৃতিক দুৰ্যোগৰ গ্ৰাসত পৰি সম্পূৰ্ণৰূপে বিধ্বস্ত হয়।

author-image
Tushar Pratim
New Update
 সোণাৰি চাপৰিত ধুমুহা  বিধ্বস্ত ১২ লাখ ব্যয়সাপেক্ষে নিৰ্মাণ কৰা চিকিৎসালয়

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত সোণাৰি চাপৰিৰ এখন নিৰ্মীয়মান চিকিৎসালয় প্ৰাকৃতিক দুৰ্যোগৰ গ্ৰাসত পৰি সম্পূৰ্ণৰূপে বিধ্বস্ত হয়। সোণাৰি চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে নিৰ্মাণ কৰিছিল ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত প্ৰায় ১২ লাখ টকা ব্যয় সাপেক্ষ এখন ৬খন বিচনাযুক্ত চিকিৎসালয় ৱাৰ্ড।

Advertisment

লোক নিৰ্মাণ (গৃহ) বিভাগৰ ঠিকাদাৰ ক্ষীৰোদ শইকীয়াৰ জৰিয়তে নিৰ্মাণ কৰি সম্পূৰ্ণ হৈ থকা এইখন চিকিৎসালয় নৱনির্মিত ৱাৰ্ডৰ গৃহৰ উপৰত যোৱা নিশা বাগৰি পৰে সমীপতে থকা এজোপা প্ৰকাণ্ড জৰী গছ। যাৰ পৰিণতিত নৱনিৰ্মিত চিকিৎসালয়খনৰ বৃহৎ চিকিৎসা  গৃহতো সমুলঞ্চে বিধ্বস্ত হয় ।

চিকিৎসালয়খনৰ গৃহৰ লগতে ভিতৰৰ,বৈদ্যুতিক সামগ্ৰী, পানী পাইপ লাইন,আচবাবৰ লগতে বহু পৰিমাণৰ মূল্যবান সামগ্ৰী সম্পূৰ্ণৰূপে বিনষ্ট হয় । প্ৰায় ১২ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চিকিৎসালয়ৰ ৱাৰ্ডটোৰ এনে  বিপন্ন অৱস্থাই চিন্তিত কৰিছে স্থানীয় সচেতন মহলক।

সোণাৰি চাপৰি ধুমুহা ঢকুৱাখনা