ডিজিটেল সংবাদ লখিমপুৰঃ চিচিবৰগাওঁৰ বিশিষ্ট শিক্ষাবিদ,সমাজকৰ্মী আৰু সংগঠক ৰজনী চুতীয়াৰ (৭৯) আকস্মিক মৃত্যৰ বাতৰিয়ে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। প্ৰাপ্ত খবৰ মতে,কিছুদিনৰ পৰা শ্বাস- প্ৰশ্বাস জনীত ৰোগত আক্ৰান্ত হৈ থকা বিশিষ্ট লোকজন আজি দুপৰীয়া হঠাত অধিক অসুস্থ হৈ পৰে। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও বাটতেই শেষ নিশ্বাস ত্যাগ কৰে।
চিচিবৰগাওঁ সমষ্টিৰ চৌখামটিঙত বসবাস কৰা প্ৰয়াত ৰজনী চুতীয়াই চিচিবৰগাওঁ বালিকা হাইস্কুলত সুদীৰ্ঘ বছৰে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰে। লগতে চিচিবৰগাওঁ কলেজ প্ৰতিষ্ঠা কৰি ইংৰাজী বিভাগৰ শিক্ষক হিচাপে অবৈতনিকভাৱে কিছু বছৰ অধ্যাপনা কৰি মানৱ সম্পদ উন্নয়নত দুৰ্মুল্য অৰিহণা আগবঢ়াই থৈ গ'ল।
পৰৱৰ্তী সময়ত কলেজ পৰিচলনা সমিতিৰ সভাপতি পদ অলংকৃত কৰাৰ লগতে স্থানীয় শঙ্কৰদেৱ শিশু নিকেতন, চিচিবৰগাঁও বিজ্ঞান কলেজ, বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় আদি অনেক অনুষ্ঠান প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰি থৈ গ'ল। বিশিষ্ট সংগঠকজনে চুবুৰীয়া অৰুণাচল প্ৰদেশৰো বিভিন্ন প্ৰান্তত ১২ খনকৈ বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল।
তদুপৰি বহু বছৰৰ পূৰ্বে বিজেপিৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি এজন শ্ৰেষ্ঠ সংগঠক আৰু সমাজকৰ্মী হিচাপেও আত্ম প্ৰতিষ্ঠা কৰিছিল। একেদৰে তেওঁ জীৱন কালত জড়িত আছিল বিভিন্ন আধ্যাত্মিক অনুষ্ঠানৰ সৈতেও।
মৃত্যুৰ সময়ত তেওঁ পত্নী,দুই কন্যা, জেষ্ঠ্য পুত্ৰ সাংবাদিক মৃদুপৱন চুতীয়াৰ লগতে বহু নিকট আত্মিয়ক ইহলোকত এৰি থৈ গৈছে। তেখেতৰ আকস্মিক মৃত্যুত চিলাপথাৰ প্ৰেছ ক্লাৱৰ সভাপতি নয়নমনি মহন্ত আৰু সম্পাদক লভিৰাম বৰি, চিচিবৰগাঁও প্ৰেছ ক্লাবৰ সভাপতি বনমালি মহন্ত, নন্দীগিৰি সমাজ কল্যাণ সমিতিৰ অধ্যক্ষ নন্দীগিৰি ভূঞাৰ লগতে বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠনে গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ পবিত্ৰ আত্মাৰ সদগতি কামনা কৰিছো। লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপান কৰিছে।