আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদঃ মুখ্যমন্ত্ৰী, যোগানমন্ত্ৰীৰ পুত্তলিকা দাহ...

আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদঃ মুখ্যমন্ত্ৰী, যোগানমন্ত্ৰীৰ পুত্তলিকা দাহ...
আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদঃ মুখ্যমন্ত্ৰী, যোগানমন্ত্ৰীৰ পুত্তলিকা দাহ...

ডিজিটেল সংবাদ চিলাপথাৰঃ শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু যোগানমন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পুত্তলিকা দাহ কৰি আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।

মাছখোৱা চাৰিআলিত সম্পন্ন প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৱে জনতাৰ মূৰত মাধমাৰ শুধোৱা ব্যাপক মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰখন ব্যৰ্থ হোৱাৰ অভিযোগ তোলে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰতিকৃতি দাহ কৰে।

"যোগান মন্ত্ৰী হাই হাই, মুখ্যমন্ত্ৰীৰ কাম নাই,বিজেপি চৰকাৰ গ' বেক,যোগানমন্ত্ৰীয়ে পদত্যাগ কৰক, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ " আদি শ্লগানেৰে উত্তাল কৰি তোলে অঞ্চলটোৰ পৰিৱেশ। মূল্য বৃদ্ধি ৰোধৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ দিনত পেট্ৰ'লজাত সামগ্ৰীকে ধৰি সকলো ধৰনৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধি ৰোধত চৰকাৰখন চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে।

এতিয়া চৌদিশে সৰ্বসাধাৰণ জনতাক পেটে ভাটে মৰাৰ কুচকাৱাজ চলিছে বুলি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে অতি ৰাজ্যখনত সৰ্বস্তৰৰ সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায়।

আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদঃ মুখ্যমন্ত্ৰী, যোগানমন্ত্ৰীৰ পুত্তলিকা দাহ...
'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ বাতৰিত গা লৰিছে দল সংগঠনৰ: এগৰাকী চিকিৎসকক উভতালে ঢকুৱাখনালৈ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in