ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ষষ্ঠ দ্বিবাৰ্ষিক অধিবেশন...

ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ষষ্ঠ দ্বিবাৰ্ষিক অধিবেশন...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ষষ্ঠ দ্বিবাৰ্ষিক অধিবেশন...

ডিজিটেল সংবাদ ঢকুৱাখনা: বয়স কিম্বা বাৰ্ধক্যয়ো তলাব নোৱাৰা এক জনসমষ্টি। জীৱনৰ বিয়লি বেলাত দুৰন্ত তৰুণ হৈ সময়ক জিনিব খোজে এইসকল সমাজ সভ্যতাৰ দিক দৰ্শকে। প্ৰাত্যহিক জীৱন যাত্ৰাৰ সৈতে ফেৰ মাৰি দহৰ সমাজৰ হিতৰ বাবে কিবা এটা কৰি যোৱাৰ দুৰ্বাৰ বাসনা লৈ দিন অতিক্ৰম কৰা ঢকুৱাখনাৰ এইসকল নমস্য জনসমষ্টিৰ শনিবাৰে সমাগম হৈছে ফাটবিহু বাকৰিত ।

Advertisment

শনিবাৰে দুপৰীয়াৰ পৰা ঢকুৱাখনা উপ জিলাৰ অন্তৰ্গত বিভিন্ন উপ শাখাৰ বয়স্ক জ্যেষ্ঠ নাগৰিকৰ আগমন ঘটিছে ফাটবিহু বাকৰিলৈ। ৰোগ পীড়া কিম্বা শাৰীৰিক অক্ষমতাকো নিলগাই এইসকল বৰ্ষীয়ান নাগৰিকৰ আগমনৰ কাৰণ হ'ল জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ঢকুৱাখনা শাখা সমিতিৰ ষষ্ঠ দ্বিবাৰ্ষিক সন্মিলন সভাত অংশগ্ৰহণ।

ঢকুৱাখনা শাখা সমিতিৰ উদ্যোগত আয়োজিত এই অধিবেশনৰ শনিবাৰে প্ৰথম দিন। শাখা সমিতিৰ অন্তৰ্গত শতাধিক স্বনামধন্য জ্যেষ্ঠ নাগৰিকৰ উপস্থিতিৰে জীপাল হৈ পৰা সভাথলীত সন্মিলনৰ পতাকা উত্তোলন কৰে সভাপতি অৱসৰপ্ৰাপ্ত শিক্ষাবিদ পূৰ্ণানন্দ গগৈয়ে।

ইয়াৰ পাছতে অনুষ্ঠিত কৰা হয় স্মৃতি তৰ্পণ অনুষ্ঠান। দুদিনীয়া কার্যক্রমণিকাৰে অনুষ্ঠিত অধিবেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পৰৱৰ্তী সময়ত অনুষ্ঠিত হয় প্ৰতিনিধি ও বিষয় বাচনি সভা। জ্যেষ্ঠ নাগৰিক ভুৱন চমুৱা, পৃথু বৰা আৰু পূৰ্ণানন্দ গগৈৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাৰ প্ৰাৰম্ভতে শোক প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

প্ৰতিনিধি ও বিষয় বাচনি সভাত পৰ্যবেশক হিচাবে নাৰায়নপুৰ শাখা সন্মিলনৰ বিষয়ববীয়া তথা ৰাজ্যিক সন্মিলনৰ কাৰ্যনিৰ্বাহক সদস্য উমা ভূঞা উপস্থিত থাকে। সভাত ঢকুৱাখনা শাখা সমিতিৰ সম্পাদক দিগেন্দ্ৰ নাথ হাজৰিকাই বিগত কাৰ্যকালৰ প্ৰতিবেদন পাঠ কৰে আৰু এই সন্দৰ্ভত গভীৰ পৰ্যালোচনা কৰা হয়।

পাছত প্ৰতিনিধি সভাত উপস্থিত সভ্য মণ্ডলীৰ সহমতৰ ভিত্তিত প্ৰতিবেদনখন গ্ৰহণ কৰা হয়। প্ৰতিনিধি সভাতেই বিগত ২বছৰীয়া কাৰ্যকালৰ খতিয়ান দাঙি ধৰি বহু কেইটা পৰামৰ্শ আগবঢ়াই পূৰ্ণানন্দ গগৈ নেতৃত্বাধীন পুৰণা সমিতিখনে আনুষ্ঠানিকভাৱে পদত্যাগ কৰে।

পৰৱৰ্তী সময়ত ৰাজ্যিক পৰ্যবেশক ভূঞাৰ উপস্থিতিত গঠিত এখন আহ্বায়ক মণ্ডলীৰ নেতৃত্বত অনুষ্ঠিত হয় নতুন সমিতি গঠন প্ৰক্ৰিয়া। সভাত উপস্থিত শতাধিক প্ৰতিনিধিৰ সহমত আৰু সমৰ্থনৰ ভিত্তিত অনাগত কাৰ্যকালৰ বাবে হৰি নাৰায়ণ গগৈক সভাপতি , কাৰ্যকৰী সভাপতি হিচাবে তুলসী প্ৰসাদ শইকীয়াক, জিতেন তামুলী,উলেন পেগুক উপ সভাপতি, গন্ধেশ্বৰ গগৈক সম্পাদক, ললিত দাসক বিত্ত সম্পাদক, শোণিত পাত্ৰক কাৰ্য্যালয় সম্পাদক হিচাবে লৈ এখন শক্তিশালী শাখা সমিতি গঠন কৰা হয়।

প্ৰতিনিধি সভাতেই বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। উল্লেখ্য যে অধিবেশনৰ দেওবাৰে অনুষ্ঠিত হ'ব মুকলি সভা। ঢকুৱাখনা উপ-জিলাৰ উপ আয়ুক্ত কাৰ্ত্তিক কলিতাই শুভ উদ্বোধন কৰিব লগা মুকলি সভাত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ৰাজ্যিক সমিতিৰ সম্পাদক প্ৰসন্ন বৰঠাকুৰ, সন্মিলনৰ লখিমপুৰ জিলা শাখাৰ সভাপতি ভূপেন দলে ,সম্পাদক লোকেশ্বৰ গগৈকে প্ৰমুখ্য কৰি বহু কেইগৰাকী বিশিষ্ট জ্যেষ্ঠ নাগৰিক উপস্থিত থাকিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে বিষয়ববীয়াসকলে ।

Also Read: আজিয়েই ভংগ হ'ব পাৰে বিহাৰৰ চৰকাৰৰ ! দেওবাৰে নতুন চৰকাৰৰ শপত লোৱাৰ সম্ভাৱনা...

ঢকুৱাখনা