/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/702f43bb-78f6-4dc3-a27c-c8513a5b43ce/ranga.jpg)
ৰূপালী জয়ন্তী
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ বৃহত্তৰ ঢকুৱাখনাৰ শৈক্ষিক সম্ভ্ৰম ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় । ঢকুৱাখনাৰ শিক্ষানুৰাগী ৰাইজৰ নিৰলস আত্মোৎসৰ্গাৰ ফচল এই শৈক্ষিক প্ৰতিষ্ঠানখনে ১৯৯৮ চনত আত্মপ্ৰকাশ কৰি গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষত উপনীত হল । বিগত ২৫ বছৰীয়া স্বৰ্ণিল সফল শৈক্ষিক যাত্ৰাক শ্ৰদ্ধাশীল স্মৰণ কৰাৰ লক্ষ্যৰে শনিবাৰে ৰূপালী জয়ন্তীৰ প্ৰায় বৰ্ষজোৰা মহোৎসৱৰ শুভাৰম্ভনি কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/fddd7254-1fc2-4c36-a9fb-10daae0603b5/ea9b940f_284d_4a97_a6aa_738bd1e0a7a7.jpg)
শনিবাৰে পুৱা মহাবিদ্যালয় চৌহদ নিকাকৰণৰ পাছতে প্ৰবীণ নাগৰিক ঘন দত্তই মহাবিদ্যালয় চৌহদত গছপুলি ৰোপণ অনুষ্ঠান সম্পন্ন কৰে । পৰৱৰ্তী সময়ত স্মৃতি তৰ্পণ অনুষ্ঠান শুভাৰম্ভ কৰে প্ৰবীণ শিক্ষাবিদ ভোলা নাথ গগৈয়ে । মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰদীপ চন্দ্ৰ বৰাই মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰাৰ পাছতো ৰূপালী জয়ন্তীৰ মুখ্য পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি পূৰ্ণানন্দ গগৈয়ে । সমান্তৰাল ভাবে জয়ন্তীৰ উপলক্ষ্যে অন্য ২৪ খন পতাকা উত্তোলন কৰে ২৪গৰাকী বিশিষ্ট নাগৰিকে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/6d42d7b1-dd45-4d4b-ac01-e609d250d79a/47945e90_cbe4_4da9_a568_714873a01ffb.jpg)
ইয়াৰ পাছতে প্ৰশিক্ষাৰ্থী মৌচুমী গগৈ হাতী বৰুৱাৰ সম্পাদনাত প্ৰকাশিত মহাবিদ্যালয়ৰ ভিন্নধৰ্মী লেখনিৰে সমৃদ্ধ দৃষ্টিনন্দন প্ৰাচীৰ পত্ৰিকা "উত্তৰণ" উন্মোচন কৰে শিক্ষাবিদ দুলু শইকীয়াই । মহাবিদ্যালয়ৰ শতাধিক প্ৰাক্তন প্ৰশিক্ষাৰ্থী, শিক্ষক, কৰ্মচাৰী, প্ৰশিক্ষাৰ্থী আৰু মহাবিদ্যালয় পৰিয়াল তথা শিক্ষাব্ৰতী ৰাইজ উপস্থিত থকা জয়ন্তীৰ শুভাৰম্ভনি কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/22407af6-7b26-4c7a-972f-ff0f124db1da/5966e10c_ef99_4e14_9126_00484681e643.jpg)
মহাবিদ্যালয়খনৰ প্ৰাণ প্ৰতিষ্ঠাৰ সতে নিবিড় ভাবে জড়িত ঢকুৱাখনাৰ শৈক্ষিক ক্ষেত্ৰখনৰ সুস্থিৰ চিন্তাৰ প্ৰধানতম বাহক আৰু শুভচিন্তক মুঠ ৪০ গৰাকী ব্যক্তি আৰু আত্মীয়, প্ৰতিনিধিক চেলেং চাদৰ, মানপত্ৰ, ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।
মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰদীপ চন্দ্ৰ বৰাই আঁত ধৰা এই সম্বৰ্ধনা অনুষ্ঠানৰ পাছতে অনুষ্ঠিত হয় মুকলি সভা । মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী সকলৰ শ্ৰুতিমধুৰ বৃন্দ গানেৰে মঞ্চ মুকলি হোৱা মুকলি সভাত উদ্বোধনী ভাষণ আগবঢ়াই প্ৰবীণ শিক্ষাবিদ ভোলা গগৈয়ে । জয়ন্তীৰ উদযাপন সমিতিৰ সম্পাদক ডঃ প্ৰদীপ চন্দ্ৰ বৰাৰ আদৰণি ভাষণৰ পাছতে বিশিষ্ট অতিথিৰ বক্তব্য আগবঢ়াই বিশিষ্ট শিক্ষাবিদ, নাট্যকাৰ অমিয় কুমাৰ সন্দিকৈয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/b5994f07-c09f-4d33-b245-69ad233653cc/854489ff_33cf_40cf_aee6_469869bc444b.jpg)
প্ৰশিক্ষাৰ্থী সীমাশ্ৰী শইকীয়াৰ বৰগীত, তৃষ্ণা পেগুৰ আধুনিক গীত, প্ৰাক্তন প্ৰশিক্ষাৰ্থী জয় প্ৰকাশ দত্তৰ আধুনিক গীত আৰু হীৰেন গোঁহাইৰ হৃদয়স্পৰ্শী বাঁহী বাদনেৰে জীপাল হৈ পৰে মুকলি সভা । সভাখনত বিশিষ্ট অতিথিৰ বক্তব্য আগবঢ়াই শিক্ষাবিদ ডঃ দেৱজিৎ শইকীয়াই ।
জনাকীৰ্ণ সভাত আমন্ত্ৰিত অতিথি হিচাপে এল টি কে মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক দেৱজিৎ চেতিয়া, নিৰ্দিষ্ট বক্তা হিচাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ সহযোগী অধ্যাপক ডঃ প্ৰাঞ্জল বৰগোঁহাইয়ে গৱেষণালব্ধ আৰু মননশীল বক্তব্য আগবঢ়াই উপস্থিত শিক্ষানুৰাগী ৰাইজক বহুলাংশে উপকৃত কৰে। সন্ধিয়ালৈ মহাবিদ্যালয় চৌহদত বন্তি প্ৰজ্বলনৰ পাছতে প্ৰশিক্ষাৰ্থী আৰু প্ৰশিক্ষক সকলৰ অংশগ্ৰহনেৰে বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰি জয়ন্তীৰ এদিনীয়া শুভাৰম্ভণি অনুষ্ঠানৰ সফল সামৰণি মৰা হয়।
Also Read: বংশৰত মাটিৰ পৰীক্ষা আৰু স্বাস্থ্য শীৰ্ষক প্ৰশিক্ষণৰ আয়োজন...