ঢকুৱাখনা আৰু মাজুলীক বচাওকঃ কৃষক মুক্তি সংগ্ৰাম সমিতি

ঢকুৱাখনা আৰু মাজুলীক বচাওকঃ কৃষক মুক্তি সংগ্ৰাম সমিতি

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ব্ৰহ্মপুত্ৰৰ শিহৰণকাৰী বান গৰাখহনীয়াৰ কৰাল গ্ৰাসৰ পৰা ঢকুৱাখনা আৰু মাজুলীক বছাওক। এই দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। ঢকুৱাখনা জলসম্পদ সংমণ্ডল আৰু উপ সংমণ্ডলৰ কাণ্ডজ্ঞানহীন ভূমিকাৰ বাবে চিচি টেকেলিফুটা পথ আৰু মথাউৰি, ঢকুৱাখনা মহকুমা আৰু নদীদ্বীপ মাজুলীৰ ভৱিষ্যত সংকটপূৰ্ণ। ভৰ বাৰিষাৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা হাতত লওক। অন্যথাই অনাগত সময়ত ঢকুৱাখনা মাজুলীত মহা জলপ্ৰলয়ৰ সূচনা যে হব সেয়া খাটাং। ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্ত্তিক কলিতাক এক স্মাৰক পত্ৰ প্ৰদান কৰি সোমবাৰে এই দাবী জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

কৃষক মুক্তিৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি ৰাজু ৰাজ বৰপাত্ৰ গোঁহাইৰ নেতৃত্বত সাংগঠনিক সম্পাদক অজিত পেগু, ঢকুৱাখনা মহকুমা সমিতিৰ সম্পাদক প্ৰহ্লাদ গগৈ, যুৱ বাহিনীৰ লখিমপুৰ জিলা সম্পাদক দিলীপ দাসৰ সহযোগিতাত সঁজাতি দলটোৱে ব্ৰহ্মপুত্ৰ সৃষ্ট জলন্ত সমস্যাটোৰ লগতে অনাগত সময়ত উদ্ভৱ হ'বলগীয়া অবৰ্ণনীয় সমস্যাৰ সন্দৰ্ভত আলোচনা কৰে।

ঢকুৱাখনা জলসম্পদ বিভাগৰ অকমন্য সহকাৰী কাৰ্যবাহী অভিযন্তা (এছ ডি অ') লক্ষীনাথ ফুকনৰ অদক্ষ নীতি আৰু অপৰিপক্ক কৰ্ম পদ্ধতিৰ বাবে সাম্প্ৰতিক সময়ত এই গৰাখহনীয়া সমস্যাই অতি জটিল আৰু ভয়ংকৰ ৰূপ ধাৰণ কৰা বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অভিযোগ উত্থাপন কৰে। দিবা নৈশ অহৰহ হাৰত খহনীয়া চলাই ব্ৰহ্মপুত্ৰই চিচি টেকেলিফুটা মথাউৰীৰ ৬নং স্পাৰটোৰ আধা অংশ উটুৱাই নিয়াৰ পাছতো এনেবোৰ বিভাগীয় বিষয়াই মৰটোপনি মৰা বুলি কৈ এনে নিষ্কৰ্ম্মা জলসম্পদ বিষয়াৰ লৰা ধেমালিৰ বিৰুদ্ধে অচিৰেই গণ প্ৰতিবাদ সাব্যস্ত কৰাৰো সকীয়নী দিয়ে নেতৃবৰ্গই।

সংবাদ মাধ্যমৰ আগত কৃষক মুক্তিৰ নেতৃবৰ্গই গ্ৰামাঞ্চলৰ পথ কালভাৰ্টৰ আধাৰশিলা, উদ্বোধন কৰিবলৈ অহা বিধায়ক নৱ দলেয়ে ঢকুৱাখনাৰ ভৌগলিক অস্তিত্বৰ মহা সংকট কালত এবাৰ খবৰ লবলৈ আহৰি কিয় নাপায় বুলি প্ৰশ্ন তোলে। ইতিমধ্যে ১০কোটিৰ প্ৰতিৰোধ আঁচনি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ পাছত পুনৰ ১৭কোটিৰ অন্য এক প্ৰতিৰোধ আঁচনিলৈ ব্ৰহ্মপুত্ৰই ভাবুকি নমাই অনা বুলি কয়।

ঢকুৱাখনা সুৰক্ষাৰ নামত আবন্তিত পুঁজি গোগ্ৰাসে উদৰস্থ কৰিবলৈ এনেবোৰ জনপ্ৰতিনিধি জলসম্পদৰ আমোলা বিষয়াই নিকৃষ্ট ফন্দি পাতিছে বুলি সন্দেহ ব্যক্ত কৰে। ইতিপূৰ্বে বান্দেনাৰ খহনীয়া গ্ৰস্ত এলেকাত জলসম্পদৰ ঠিকাদাৰৰ ক্ৰুটিপূৰ্ণ, ভগা ফটা বৰ্জিত পাৰকুপাইন ব্যৱহাৰ কৰাৰ প্ৰামাণিক তথ্য মজুত থকা বুলি দাবী কৰি কৃষক মুক্তিৰ বিষয়ববীয়াসকলে এনে পালমৰা কামৰ বাবেই স্পাৰটোৰ বৃহৎ অংশ উচন যোৱা বুলি কয়।

কৃষক মুক্তিৰ বিষয়ববীয়াসকলে এই স্পৰ্শকাতৰ সমস্যাৰ তাৎক্ষণিক সমাধানৰ বাবে জিলা আৰু মহকুমা প্ৰশাসনৰ তৎপৰতা দাবী কৰি স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াই নৈপৰিয়াৰ নিদ্ৰা হৰিছে । অথচ ঢকুৱাখনাৰ ৰাজহুৱা সংগঠন বুলি আত্মজাহিৰ কৰি অহা এচাম তথাকথিত সামাজিক সংগঠনে ৰহস্যজনকভাৱে গ্ৰহণ কৰি আহিছে মুক বধিৰৰ ভূমিকা। ঢকুৱাখনাৰ সুৰক্ষাৰ প্ৰশ্ন জড়িত হৈ থকা এনেবোৰ জটিল সমস্যাকলৈ এনেবোৰ তথাকথিত সংগঠনে গ্ৰহণ কৰা উদাসীন, বেপৰোৱা ভূমিকাক সচেতন মহলে সতৰ্কতাৰে লক্ষ্য ৰাখিছে ।

ঢকুৱাখনা আৰু মাজুলীক বচাওকঃ কৃষক মুক্তি সংগ্ৰাম সমিতি
পুনৰ মহাকাশলৈ উৰা মাৰিব সুনীতা উইলিয়ামছে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in