সন্মিলিত গনশক্তি অসমৰ ১৮সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

সন্মিলিত গনশক্তি অসমৰ ১৮সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ডিজিটেল সংবাদ,ঢকুৱাখনা: সন্মিলিত গনশক্তি অসম। ভূমিপুত্ৰ খিলঞ্জীয়া নাগৰিকৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে গঠিত এক আঞ্চলিক ৰাজনৈতিক দল। সম অধিকাৰ, সম মৰ্যদা আৰু সম উন্নয়নৰ ভেঁটিত এখন প্ৰগতিশীল সমাজ গঠনৰ অংগীকাৰেৰে ২০০৫ চনত গঠিত এই আঞ্চলিক ৰাজনৈতিক দলটোৰ সোমবাৰে ১৮সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।

ঢকুৱাখনা  সাংগঠনিক জিলা ভিত্তিত এই প্ৰতিষ্ঠা দিৱসত ঢকুৱাখনা, ঘিলামৰা আৰু বগীনদী খণ্ড শক্তিৰ যৌথ উদ্যোগত ঘিলামৰাৰ কৃষ্টি ভৱন প্ৰাঙ্গনত দিনজোৰাকৈ অনুষ্ঠিত কৰা হয়। কেন্দ্ৰীয় সমিতিৰ সভাপতি, সম্পাদক আৰু বিষয় ববীয়াৰ উপস্থিতিত  ঢকুৱাখনা ঘিলামৰা আৰু বগীনদী খণ্ড সমিতিৰ উদ্যোগত অনুষ্ঠিত দিৱসৰ প্ৰথম কাৰ্যসূচী দলীয় পতাকা উত্তোলন কৰে  ৩ খণ্ড সমিতিৰ সভাপতিসকলে। 

ইয়াৰ পাছতে স্মৃতি তৰ্পণ অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই কাৰ্যসূচীত আঞ্চলিক দলটোৰ  জিলা সমিতিৰ  মুঠ ২৫খন আঞ্চলিক সমিতিৰ কেইবা শতাধিক দলিয় কৰ্মকৰ্তা ,বিষয় ববীয়া  আৰু শুভাকাংক্ষী ৰাইজ উপস্থিত থাকে ।  পৰৱৰ্তী সময়ত অনুষ্ঠিত মূল সভা উদ্বোধন কৰে কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা সুনীল পেগুৱে।

সভাত মুখ্য বক্তা হিচাবে দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৰমানন্দ চায়েঙিয়া, উপ সভাপতি হিৰণ্য দত্ত উপস্থিত থাকি বক্তব্য আগবঢ়াই। জনাকীৰ্ণ সভাত দলৰ উপদেষ্টা সুনীল পেগু, নাৰী শক্তিৰ কেন্দ্ৰীয়  সভানেত্রী ভৱানী দুৱৰা, সম্পাদিকা ছায়া মনি বৰা, নাৰী শক্তি অসমৰ উপ সভানেত্রী ইন্দিৰা চিন্তে কুম্বাং, দলীয় নেতা অনিল পায়েং জোনাই জিলা শক্তিৰ দীপেন বৰুৱা, নাৰী শক্তি কৃষক শক্তি, শ্ৰমিক শক্তি আদিৰ লগতে গৰিষ্ঠ সংখ্যক কৰ্মকর্তা উপস্থিত থাকে।

৩ খণ্ড শক্তিৰ সভাপতি মণ্ডলী ক্ৰমে লক্ষ্য নাথ দলে, প্ৰশান্ত নৰহ, যোগেশ  কুম্বাংৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ সভাৰ পাছতেই অনুষ্ঠিত হয় এখন প্ৰতিনিধি সভা। সভাতেই দলৰ সক্ৰিয় নেতা নৰনাথ চন্দীক সভাপতি, মহেন টাইদ, জয়ন্ত বৰগোহাঁই, ভানুমতী পেগু, দেৱেশ্বৰ পেগুক উপসভাপতি, বিদ্যাধৰ বৰা, জীৱন মিলি, পুষ্পা কুলি, দ্বীপেন দলেক সাধাৰণ সম্পাদক হিচাবে লৈ এখন ৯৩জনীয়া শক্তিশালী ঢকুৱাখনা সাংগঠনিক জিলা সমিতি গঠন কৰা হয়।

সৰ্ব সন্মতভাৱে নিৰ্বাচিত জিলা সমিতিৰ বিষয়ববীয়া সকলে অহা ২ ডিচেম্বৰত পুৰণা সমিতিৰ পৰা দায়িত্ব গ্ৰহণ কৰি শপত গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে।

সন্মিলিত গনশক্তি অসমৰ ১৮সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
হাইলাকান্দিত মাৰণাস্ত্রসহ বিস্ফোৰক সামগ্রী জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in