/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d414c902-60bc-46e7-bac0-69cd9ab84dab/hjntmjtjrtk.png)
ঢকুৱাখনাত শংকৰী লোক কৃষ্টি প্ৰশিক্ষণৰ সফল সামৰণি...
ডিজিটেল সংবাদ ঢকুৱাখনা: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমূল্য সৃষ্টিৰাজী প্ৰণালীবদ্ধ প্ৰশিক্ষণৰ এক মনোজ্ঞ কৰ্মশালাৰ মঙলবাৰে ঢকুৱাখনাত সফল পৰিসমাপ্তি ঘটে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাৰ্হি আঞ্চলিকৰ অন্তৰ্গত গোৱালগাঁও প্ৰাথমিকৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই কৰ্মশালা ।
যোৱা ৫ জুলাইৰ পৰা গোৱালগাওঁ নামঘৰ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা ২৫ দিনীয়া এই কৰ্মশালাত গুৰুজনাৰ অমৰ সৃষ্টি বৰগীত, আই নাম,থিয়নাম,শংকৰী নৃত্যৰ লগতে গুৰুবাদ্য খোল, তাল বাদনৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। আঞ্চলিকৰ অন্তৰ্গত বিভিন্ন প্ৰাথমিক শাখাৰ শতাধিক প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰে জিলা সংঘৰ সাংস্কৃতিক শাখাৰ প্ৰশিক্ষক লাচিত খনিকৰ আৰু বুলুমাই খনিকৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/e3904d0f-c4cc-40f8-858b-1b0d770ae35e/79e3ede8-929c-4c7a-89ff-f6937594d9de.jpg)
মঙলবাৰে এই প্ৰশিক্ষণৰ সফল সামৰণি উপলক্ষত দিনজোৰা কাৰ্যসূচী গ্ৰহণ কৰা হয়। নামঘৰ প্ৰাঙ্গনত পুৱা গোৱালা গাঁও প্ৰথমিকৰ শিশুসকলৰ সামূহিক নামেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। ধৰ্মপ্ৰাণ ব্যক্তি তথা গুৰুজনাৰ একনিষ্ঠ সেৱক ধনীৰাম বৰাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠান উদ্বোধন কৰে ঢকুৱাখনা জিলা শাখাৰ সাংস্কৃতিক সম্পাদক উৎপল চুতীয়াই।
ঢকুৱাখনা জিলা শাখাৰ সাংস্কৃতিক সভাপতি হিৰণ্য বৰফুকনে বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকিপ্ৰদান কৰা ভাষণত গুৰুজনাৰ আদৰ্শ আৰু সৃষ্টি ৰাজীৰ গুণানুকীৰ্তন কৰাৰ সমান্তৰাল ভাৱে নিয়মীয়া চর্চা অব্যাহত ৰাখিলেহে তেঁওৰ প্ৰকৃত মাৰ্গদৰ্শন কৰি উচিত মূল্যায়ন কৰা হব বুলি কয়। যুৱ প্ৰজন্মৰ মাজত গুৰুজনাৰ অপূৰ্ব লোক কৃষ্টি , গীত ,নৃত্য ,নাট সম্ভাৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাৱে জিলা শাখাই গ্ৰহণ কৰা কৰ্মসূচী সন্দৰ্ভত অবলোকন কৰে বৰফুকনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/46163d95-2533-4739-abae-4ad3adda49c5/7b4c1071-7e50-4a3c-9e23-199175b0123d.jpg)
অনুষ্ঠানত আই মাতৃ কল্যান সমিতিৰ লাবন্য শইকীয়া বৰুৱা, সেৱিকা শইকীয়া আদিয়েও বক্তব্য আগবঢ়াই । সামৰণি অনুষ্ঠানত গোৱালগাওঁ প্ৰাথমিক শাখাৰ আই সকলৰ থিয় নাম ,দিহা নাম পৰিবেশন ,কিশোৰ প্ৰশিক্ষাৰ্থী সকলৰ গাণিকা প্ৰদৰ্শন, বৰগীত পৰিবেশন আৰু কৃষ্ণ নৃত্যৰ দৃষ্টিনন্দন উপস্থাপনে উপস্থিত শতাধিক ভকত বৈষ্ণৱক সন্মোহিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d038d15f-f33e-4d37-8a61-a5680912f44a/40e946f8-fd6d-417d-a044-996fe64dc4bd.jpg)
মনোজ্ঞ অনুষ্ঠানতে প্ৰশিক্ষাৰ্থীসকলৰ মাজত প্ৰমানপত্ৰ বিতৰণ কৰা হয় । গুৰুবন্দনা, থিয়নাম, হৰিনাম ,গুৰুবাদ্যৰ অমিয়া সুৰৰ ধ্বনিযে সমগ্ৰ অঞ্চলটোত বৈকুণ্ঠপুৰী সদৃশ পৰিবেশৰ সৃষ্টি কৰা পৰিলক্ষিত হয়। অনুষ্ঠানত গোৱালগাওঁ প্ৰাথমিক শাখা আৰু ভক্তপ্ৰাণ ৰাইজৰ এই অনুকৰণীয় পদক্ষেপৰ একেমুখে শলাগ লোৱা হয় ।
Also Read: সংগীত শিল্পী হুৰচি তাঁতীৰ বিয়োগত বকলীয়াঘাটত শোকৰ ছাঁ...