ড০ নন্দ সিং বৰকলালৈ 'সাহিত্যজ্যোতি' বঁটা

'হাদিৰাচকী' উপন্যাস শ্ৰষ্ট্ৰা ড০ নন্দ সিং বৰকলালৈ নতুন সুৰ প্ৰকাশন পৰিষদ, উত্তৰ লক্ষীমপুৰে 'সাহিত্যজ্যোতি বঁটা' ২০২৪ আগবঢ়াইছে ।

author-image
Asomiya Pratidin
New Update
ড০ নন্দ সিং বৰকলালৈ 'সাহিত্যজ্যোতি' বঁটা

ডিজিটেল সংবাদঃ দীৰ্ঘদিনজুৰি অসমীয়া সাহিত্য আৰু ড০ নন্দ সিং বৰকলাৰ অসমীয়াত্ববোধৰ দায়িত্ব আৰু কৰ্ত্তব্যবোধেৰে জাতিক সমৃদ্ধ কৰাৰ মনোভংগী বৰ চেতনালব্ধ সৌন্দৰ্যেৰে পৰিপূৰ্ণ । এনে ভূমিকাই অসমীয়াক জাতীয় জীৱনক দিয়া গৰিমাৰ স্বীকৃতিৰূপে নতুন সুৰ প্ৰকাশন পৰিষদ, উত্তৰ লক্ষীমপুৰৰ গোষ্ঠীটোৱে ড০ বৰকলাক সাহিত্যজ্যোতি সন্মানেৰে বিভূষিত কৰিছে ।

Advertisment

সৰ্বভাৰতীয় সুব্ৰমুনিয়াম কাব্য বঁটা, উত্তৰপ্ৰদেশ কৰ্মচাৰী পৰিষদৰ সৰস্বতী বঁটা, ড০ ভূপেন হাজৰিকা সাহিত্য বঁটা, কপিলী উপতক্যা সাহিত্য বঁটা, ড০ ময়িদুল ইচলাম বৰা সাহিত্য বঁটা, অসম সাহিত্য সভাৰ দ্বাৰা অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা, অসম এনাজৰী সাহিত্য বঁটাকে ধৰি অনেক ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত ড০ সিং বৰকলাৰ শেহতীয়া এখন যুগজয়ী উপন্যাস “হাদিৰাচকী” য়ে পাঠকৰ বিপুল সমাদৰ লাভ কৰিছে ।

হাদিৰাচকী উপন্যাসত অসমত বসবাস কৰা অসমীয়া শিখসকলৰ জীৱনৰ ঐতিহ্য ইতিহাস, হতাশা, বিষাদ, যাতনা, আনন্দক প্ৰতিনিধিত্ব কৰি হাদিৰাচকী ৰণৰ মৰ্মমাতৰ বাটেৰে শিখ-অনাশিখৰ বিৰল সমন্বয়ক তুলি ধৰিছে ।

তেখেতৰ শেহতীয়া অন্যতম মননশীল “বাল্মীকি আহিছে ৰাতিৰ বাটেৰে” কাব্যগ্ৰন্থকে ধৰি মুঠ ১৬ খন কাব্য গ্ৰন্থ, তিনিখন গল্প সংকলন, দিহিঙে-দিপাঙে ড০ ভূপেন হাজৰিকা আদি গ্ৰন্থৰ প্ৰনেতা ড০ সিং বৰকলা এজন স্বনাম ধন্য বক্তা । অসমীয়া ভাষাপ্ৰীতি তেঁওৰ অন্যতম সম্পদ হৈ ভাষণত বিস্তাৰিত হয় । আমাৰ ভাষা আমাৰ স্বাভিমান, ভাষাই পোন কৰি ৰাখে জাতিৰ মেৰুদণ্ড, যি জাতিৰ ভাষা নাই সেই জাতিৰ কোনো অস্তিত্ব নাই, ভাষাই একোটা জাতিৰ মাতৃৰ অমৃত দুগ্ধৰ সমান মৰ্যাদা আৰু গুনেৰে সমৃদ্ধ আদি কথাকলাৰে তেঁও আমাৰ জাতীয় জীৱন চহকী কৰি আহিছে ।

পেশাত আৰক্ষী, নিচা তেওঁৰ মাটিৰ সংস্কৃতি আৰু ভাষাপ্ৰেম, বৈষ্ণৱ চেতনাৰে সাংস্কৃতিক জীৱনবাটক ৰং বিলোৱা ড০ সিং বৰকলাৰ এনে স্বীকৃতিয়ে অসমীয়া শিখসকলকো ধন্য কৰি তুলিছে ।

আগন্তুক এপ্ৰিল মাহত ড০ সিং বৰকলাক এই বঁটা উত্তৰ লক্ষীমপুৰ জিলাত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰিব । “সাহিত্যজ্যোতি বঁটা” ইয়াৰ পূৰ্বে লুম্বেৰ দাই, যোগেন টাইড, সমীৰ তাঁতী, ড০ চন্দ্ৰধৰ চমুৱা, আলি হাইদৰ, মনোৰম গগৈ, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, তোষেশ্বৰ চেতিয়া,আনিজ উজ জামান, ড০ ৰতন কুমাৰ কটকী, উমেশ চেতিয়া, প্ৰণৱ কুমাৰ বৰ্মন, নিৰ্মল চাহেৱালা, অজিত দত্ত, অনুভৱ তুলসী, ড০ প্ৰনৱ ফুকন, পদ্মশ্ৰী সূৰ্য হাজৰিকা, ড০ খৰ্গেশ্বৰ ভূঞা, ৰুদ্ৰ সিংহ মটক, প্ৰদীপ বৰুৱা আৰু চৈয়দ চাদুল্লা আদি বৰেণ্য ব্যক্তিসকলে এই বঁটা লাভ কৰিছে ।

Also Read: প্ৰধানমন্ত্ৰীয়ে শিলান্যাস কৰা ১১,৬০০ কোটিৰ প্ৰকল্পৰ টকা আছিল কাৰ? ৰাজ্য নে কেন্দ্ৰৰ...

lakhimpur sahityajyoti award