প্ৰবীণ মুক্তিযোদ্ধা মুখেশ্বৰ বৰুৱাৰ বিয়োগত শোক...

ঢকুৱাখনা সমজিলাৰ এগৰাকী বয়স্ক মুক্তিযুদ্ধা, প্ৰবীণ সমাজহিতৈষী, স্বাধীনতা সংগ্ৰামী মুখেশ্বৰ বৰুৱাৰ বাৰ্ধক্যজনিত কাৰণত বৃহস্পতিবাৰে বৈকুণ্ঠগামী হয়।

author-image
Asomiya Pratidin
New Update
প্ৰবীণ মুক্তিযোদ্ধা মুখেশ্বৰ বৰুৱাৰ বিয়োগত শোক...

ডিজিটেল সংবাদ ঢকুৱাখনাঃ ঢকুৱাখনা সমজিলাৰ এগৰাকী বয়স্ক মুক্তিযুদ্ধা, প্ৰবীণ সমাজহিতৈষী, স্বাধীনতা সংগ্ৰামী মুখেশ্বৰ বৰুৱাৰ বৃহস্পতিবাৰে বৈকুণ্ঠগামী হয়। ঢকুৱাখনা দুলিয়াগাঁৱৰ নিজা বাসগৃহত আজি দুপৰীয়া প্ৰায় ১১-৪৬ বজাত বাৰ্ধক্যজনিত কাৰণত প্ৰবীণ মুক্তিযুদ্ধাগৰাকীৰ মৃত্যু হয়। 

Advertisment

১৯২৪ চনৰ ২৪ আগষ্টত জন্ম গ্ৰহণ কৰা বৰুৱাই ভাৰতবর্ষৰ স্বাধীনতা সংগ্ৰামত জড়িত হৈ দেশৰ হকে অতুল্য অৱদান আগবঢ়াই গৈছে। দেশ সেৱা আৰু স্বদেশ ভক্তিৰ এগৰাকী আত্মোৎস্বৰ্গী স্বাধীনতা সংগ্ৰামী বৰুৱাক ১৯৯৭ চনত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই তাম্ৰপত্ৰৰে বিভূষিত কৰিছিল।

ঢকুৱাখনা জিলা মুক্তি যুঁজাৰু সন্মিলন আমৃত্যু সভাপতি হিচাবে কাৰ্যনিৰ্বাহ কৰি যোৱা ঢকুৱাখনা সমজিলাৰ স্বাধীনতা সংগ্ৰামী বৰুৱাৰ বিয়োগত শোকাচন্ন হৈ পৰিছে ঢকুৱাখনা। পত্নী, পূণ্য প্ৰভা বৰুৱা, ৪ পুত্ৰ, এগৰাকী কন্যাসহ অজস্ৰ গুণমুগ্ধক ইহ সংসাৰত এৰি যোৱা প্ৰবীণ স্বাধীনতা সংগ্ৰামী বৰুৱাৰ মৃত্যুত ঢকুৱাখনা জিলা মুক্তি যুঁজাৰু সন্মিলনৰ কাৰ্যকৰী সভাপতি চিত্ৰ ৰঞ্জন দাস, সম্পাদক উত্তম বৰুৱা, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক জ্ঞানদীপ বৰা, অসম গণ পৰিষদৰ ঢকুৱাখনা বিধানসভা সমষ্টি সমিতিৰ সভাপতি মহেশ দলে, বিত্ত সম্পাদক তথা ঢকুৱাখনা পৌৰ সভাৰ ৱাৰ্ড কমিছনাৰ নিতুল বৰাই গভীৰ শোক প্ৰকাশ কৰিছে। 

শতায়ু গৰকা ঢকুৱাখনাৰ প্ৰবীণ স্বাধীনতা সংগ্ৰামীগৰাকীৰ পবিত্ৰ আত্মাৰ শান্তিৰ কামনাৰে প্ৰাৰ্থনা কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। মহকুমা প্ৰশাসন আৰু ঢকুৱাখনা সমজিলা প্ৰশাসনৰ দ্বাৰা বিগত সময়ত উচ্চ সম্বৰ্ধনা প্ৰাপ্ত প্ৰয়াত মুক্তিযুদ্ধা বৰুৱাৰ মৃত্যুৰ বাতৰি পাই ঢকুৱাখনা সমজিলা প্ৰশাসনৰ দুগৰাকী সহকাৰী আয়ুক্তই সৎকাৰস্থলীত প্ৰশাসনৰ হৈ উপস্থিত হৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ঢকুৱাখনা মুক্তিযোদ্ধা