/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/d0da6bf4-11c8-40a8-87ed-b33785c1386e/DHOKUAKHANA_25.jpg)
মিচিং লোকশিল্পী অমিয় কুমাৰ পেগুৰ বিয়োগত শোক...
ডিজিটেল সংবাদ ঢকুৱাখনা: মিচিং জনগোষ্ঠীৰ থলুৱা লোককৃষ্টি আৰু লোক সাহিত্য সংস্কৃতিৰ এগৰাকী নীৰৱ সাধক, খেৰকটামুখ কনেং উচ্চ মাধ্যমিক বিদ্যালয়ৰ অবসৰী শিক্ষক অমিয় কুমাৰ পেগুৰ দেওবাৰে নিশা দেহাবসান ঘটে ।
ঢকুৱাখনা মহকুমাৰ বৃহত্তৰ মাতমৰা অঞ্চলৰ একৰীয়া গাঁৱৰ নিবাসী, প্ৰবীণ লোকশিল্পী অমিয় কুমাৰ পেগু(৭৭)ৱে বাৰ্ধক্যজনিত কাৰণত দেওবাৰে নিশা প্ৰায় ১০:১৫ বজাত স্বগৃহত শেষ নিশ্বাস ত্যাগ কৰে ৷ স্থিতাবস্থামুখী মিচিং জনগোষ্ঠীয় সমাজখনক শৈক্ষিক, ভাষা সাহিত্য, সাংস্কৃতিক, সামাজিক আৰু আধ্যাত্মিকভাবে গতিশীলতা অনাৰ বাবে বৃহত্তৰ মাতমৰা অঞ্চলৰ পৰাই আমৃত্যু প্ৰয়াস চলাই যোৱা বিশিষ্ট শিক্ষাবিদ পেগুৰ সদা সক্ৰিয় ভূমিকাৰ বাবেই জনগোষ্ঠীটোৱে সাৰ্বজনীন উত্তৰণৰ পথেৰে অগ্ৰসৰ হোৱাৰ বাট বুলিছিল ।
মিচিং জাতীয় সংগঠন মিচিং আগম কৗবাঙৰ প্ৰতিষ্ঠা কালিন সক্ৰিয় সদস্য, মিচিং দৗৰবৗ কৗবাং, মিচিং বাঃনৗ কৗবাং আদি জাতীয় সংগঠনসমূহৰো অন্যতম দিক দৰ্শক পেগুৱে নিৰন্তৰভাবে নৃগোষ্ঠীয় লোক সংগীতৰ চর্চা কৰি যোৱাৰ লগতে লোক সংগীতৰ ৰচক,সুৰকাৰ, কণ্ঠশিল্পী আৰু নিখুঁত নাট্য শিল্পী হিচাবে বৰেণ্য অৱদান আগবঢ়াই গৈছে। এগৰাকী সুকণ্ঠী লোক সংগীতৰ অনাতাঁৰ শিল্পী হিচাবে চিৰ পৰিচিত পেগুৱে শিক্ষকতাৰ পবিত্ৰ বৃত্তিৰ জৰিয়তে জনগোষ্ঠীয় বসতি প্ৰধান অঞ্চলত উৎকৃষ্ট মানৱ সম্পদ গঢ়াৰ কঠোৰ সংগ্ৰামত আমৃত্যু ব্ৰতী হৈ গৈছে।
এনে এগৰাকী সব্যসাচী লোক সংগীতৰ নীৰৱ সাধক পেগুৰ বিয়োগত সমগ্ৰ ঢকুৱাখনাৰ সমাজ জীৱনত গভীৰ শোকৰ ছাঁ পৰে। উদাৰ আৰু প্ৰগতিবাদী চিন্তা চেতনাৰ আদৰ্শত পৰিচালিত পেগুৰ বিয়োগত বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক, অবসৰী সাংস্কৃতিক আমোলা ড০ পবিত্ৰ কুমাৰ পেগু , মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, প্ৰবীণ শিক্ষাবিদ, সুলেখক ইন্দ্ৰেশ্বৰ পেগু, বিশিষ্ট অনাতাঁৰ শিল্পী দীপ্তি ৰাণী পেগু, টাকাম মিচিং পৰিণ কৌবাংৰ ঢকুৱাখনা জিলা সম্পাদক অমৰজিত পেগু, একালৰ কৰ্মথলী বিদ্যালয় পৰিয়াল আদিয়ে গভীৰ শোক ব্যক্ত কৰিছে।
বিশিষ্ট লোক শিল্পীগৰাকীৰ প্রয়ানে ভূমিপুত্ৰ জনগোষ্ঠীটোৰ অপুৰণীয় ক্ষতি কৰি যোৱা বুলি বিভিন্ন ব্যক্তি সংগঠনে মত পোষণ কৰি বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি প্ৰাৰ্থনা জনাই। মৃত্যুৰ সময়ত পেগুৱে পত্নী, পুত্ৰ, কন্যাসহ অজস্ৰ ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি থৈ যায় ।
Also Read: চামগুৰিত পথ দুৰ্ঘটনাঃ ৰাজপথতেই জ্বলি উঠিল ভাৰ্ণা বাহন...