'ক্লাইম্বাথন ২০২৪'ত অসমৰ হৈ অংশগ্ৰহন কৰি সফলতাৰে শৃংগ আৰোহণ ৰুবী বৰাৰ

'ক্লাইম্বাথন ২০২৪'ত অসমৰ হৈ অংশগ্ৰহন কৰি সফলতাৰে শৃংগ আৰোহণ ৰুবী বৰাৰ
Published on
Updated on

ডিজিটেল সংবাদ, লখিমপুৰ: ভাৰতীয় পৰ্বতাৰোহন সংস্থাই আয়োজন কৰা 'ক্লাইম্বাথন ২০২৪'ত অসমৰ হৈ অংশগ্ৰহন কৰিবলৈ সুবিধা লাভ কৰি লখিমপুৰ জিলাৰ দেওতোলা নিৱাসী তথা অসম পৰ্বতাৰোহন সন্থাৰ সক্ৰিয় সদস্য ৰুবী বৰাই সফলতাৰে অভিযান সামৰি উভতি আহিছে। ভাৰতীয় পৰ্বতাৰোহন সংস্থাৰ দ্বাৰা নিৰ্বাচিত দেশৰ মুঠ ২২গৰাকী মহিলা পৰ্বতাৰোহীয়ে অভিযান অংশগ্ৰহন কৰিছিল।

হিমাচল প্ৰদেশৰ লাহুল জিলাত অৱস্থিত ভাৰতৰ তৃতীয় বৃহৎ হিমবাহ বাৰা চিগৰি হিমবাহত যোৱা এমাহ ধৰি এই অভিযান চলিছিল। ভাৰতীয় পৰ্বতাৰোহন সন্থাৰ কাৰ্যালয়ত যোৱা ৩০জুলাইত অনুষ্ঠিত হোৱা ফ্লেগ অফ কাৰ্য্যসূচীৰ পিছতেই দলটি হিমাচল প্ৰদেশৰ চলাং উপত্যকালৈ ৰাওনা হয় যদিও প্ৰতিকুল বতৰৰ বাবে মান্দিৰ সমীপত ৮ ঘন্টা পৰ্যন্ত অপেক্ষা কৰিবলগীয়া হয়। ইয়াৰ পিছতেই চোলাং উপত্যকাত অভিযানৰ সম্পূৰ্ণ প্ৰস্তুতি সম্পন্ন কৰি অটল সুৰংগৰে ককচাৰ হৈ লাহুল উপত্যকাত উপস্থিত হয়গৈ।

বাৰা চিগৰি হিমবাহলৈ যোৱা অতি প্ৰত্যহ্বানেৰে ভৰপূৰ শিলাময় পথ অতিক্ৰম কৰি ১০ আগষ্টত দলটো অভিযানৰ পৃষ্ঠশিবিৰ 'কংকোৰীয়া'ত উপস্থিত হয়গৈ। ৫০০০/৬০০০ মিটাৰ বহুসংখ্যক শৃংগৰে ভৰপূৰ বিশাল বাৰা চিগৰি হিমবাহৰ বুকুত গোটেই দলটো দুভাগত বিভক্ত হৈ গাইপতি দুটাকৈ মুঠ চাৰিটা শৃংগ আৰোহন কৰে। অসমৰ ৰুবী বৰাই ১৪ আগষ্ট তাৰিখে মাউন্ট জেলদি(৫৬৪৮ মিটাৰ) আৰু ১৮ আগষ্ট তাৰিখে এটি নামবিহিন শৃংগ(৫৪০০ মিটাৰ) আৰোহন কৰে। অভিযান সামৰি দলটো ‌‌২২ আগষ্টত দিল্লীত উপস্থিত হয়।

উল্লেখযোগ্য যে অসমৰ ৰুবী বৰাই ইতিমধ্যে দেশৰ ভিন্ন প্ৰান্তৰ বহুকেইটা পৰ্বতাৰোহণ আৰু অভিযানত অংশ লৈ নিজকে এগৰাকী দক্ষ পৰ্বতাৰোহী হিচাপে পৰিচয় দাঙি ধৰিছে। ৰুবী এগৰাকী দুঃসাহসিক অভিযান কাহিনী লেখিকা হিচাপেও পৰিচিত। তেওঁ অসম পৰ্বতাৰোহণ সন্থাৰ এগৰাকী সক্রিয় সদস্য।

'ক্লাইম্বাথন ২০২৪'ত অসমৰ হৈ অংশগ্ৰহন কৰি সফলতাৰে শৃংগ আৰোহণ ৰুবী বৰাৰ
গোলাঘাটত অনা অসমীয়াৰ বিৰুদ্ধে গৰজি উঠিল জাতি জনগোষ্ঠীয় সংগঠন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in