ঘিলামৰাত উদণ্ড যুৱকৰ স্কুতিৰ খুন্দাত এজন নিহত...

স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহি দুৰ্ঘটনাত মৃত্যু অৱসৰপ্ৰাপ্ত শিক্ষকৰ
agrani khabar
agrani khabar

ডিজিটেল সংবাদ ঢকুৱাখনা: নিজৰ ৰোগীয়া দেহা চিকিৎসকক দেখাবলৈ আহি মৰ্মান্তিক অকাল মৃত্যুক সাৱটিব ল'গীয়া হ'ল ঘিলামৰাৰ এজন জ্যেষ্ঠ ব্যক্তিয়ে। ঘটনাৰ স্থান ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ঘিলামৰা চৰকাৰী চিকিৎসালয়ৰ সন্মুখ। শুকুৰবাৰে পুৱা ঘিলামৰা মিলন নগৰৰ বাসিন্দা অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক পুণ্যেশ্বৰ শইকীয়া( ৭০)ই শাৰীৰিক অসুস্থতাৰ বাবে ঘিলামৰা সামূহিক চিকিৎসালয়লৈ বুলি গৈছিল ।

চিকিৎসালয় চৌহদত চাইকেলখন থৈ বয়স্ক ব্যক্তিজন ঘিলামৰা লোকনিৰ্মাণ পথ পাৰ হৈ স্বাভাৱিক ভাবেই অতিক্ৰম কৰি আহি থকা অৱস্থাত এটা উদণ্ড বাইকাৰ আহি প্ৰচণ্ড জোৰত খুন্দা মাৰি গুৰুতৰভাবে জখম কৰে শইকীয়াক। এখন সেউজীয়া বৰণৰ স্কুতিৰে তীব্ৰ গতিত আহি বয়স্ক ব্যক্তি জনক মৰা খুন্দাত ব্যক্তিজন বহু দূৰলৈ চিটিকি পৰি গুৰুতৰ ভাবে জখম হয়।

পাছত আহত ব্যক্তিজনক চিকিৎসাৰ বাবে নিয়াৰ পথতে অকাল মৃত্যুক সাৱটি লয়।ইপিনে মাৰাত্মক দুৰ্ঘটনা সংঘটিত কৰি ঘিলামৰা দীঘলী গাঁৱৰ উদণ্ড যুৱকজন পলায়ন কৰে ৰাইজৰ সন্মুখতে । উৎসুক ৰাইজে প্ৰথমে ঘাটক স্কুতি চালকতোক আটক কৰি পঞ্জীয়ন বিহীন স্কুতিখনৰ চাবি পৰ্যন্ত জব্দ কৰিছিল।

কিন্তু পৰৱৰ্তী সময়ত যুৱকজনক স্কুতিৰ চাবি উভতাই দিয়াত সুযোগ বুজি উদণ্ড যুৱকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি প্ৰত্যক্ষদৰ্শীয়ে জনালে। এগৰাকী নিৰীহ পথচাৰীক প্ৰাণনাশী খুন্দা মাৰি সামান্যতমো সৌজন্যতা প্ৰদৰ্শন নকৰা যুৱকজন ঘিলামৰা দীঘলী গাঁৱৰ কৌশিক সন্দিকৈ বুলি চিনাক্ত কৰিছে ৰাইজে ।

স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ আহি ঘাটক উদণ্ড যুৱকৰ খুন্দাত অপ মৃত্যুক সাৱটি লোৱা এই মৰ্মান্তিক ঘটনাই সমগ্ৰ ঘিলামৰাতে শোকৰ বন্যা বোৱাইছে। অৰ্থনীতি বিষয়ৰ স্নাতকোত্তৰ শইকীয়াই প্ৰথমে উজনি মাজুলী খেৰকটিয়া মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যাপক হিচাবে সেৱা আগবঢ়াই পৰৱৰ্তী সময়ত শিমলুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাবে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিছিল।

সমাজহিতৈষী শইকীয়াৰ অকাল বিয়োগত ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলনে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছে । এই সন্দৰ্ভত ঘিলামৰা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে ।

agrani khabar
'অমিত শ্বাহৰ মনোভাৱেই স্পষ্ট কৰে তেওঁলোকৰ হাতত সংবিধান সুৰক্ষিত নহয়'- মনোজ ঝা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in