ঢকুৱাখনাত পুৱাই অঘটনঃ বাইকৰ খুন্দাত কিশোৰ নিহত...

বাইক চালক মুহি চন্দ্ৰ দত্তক আটক...
ঢকুৱাখনাত পুৱাই অঘটনঃ বাইকৰ খুন্দাত কিশোৰ নিহত...
ঢকুৱাখনাত পুৱাই অঘটনঃ বাইকৰ খুন্দাত কিশোৰ নিহত...

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনাত দেওবাৰে পুৱাই সংঘটিত হ'ল এক মৰ্মান্তিক পথ দুৰ্ঘটনা। বাইকৰ খুন্দাত প্ৰাণ গ'ল এটি কিশোৰৰ। সোণাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত বাঁহপৰা গাঁও তিনিআলিত সংঘটিত হয় এই দুৰ্ঘটনাটো ।

গাঁওখনৰ চহা অমূল্য দিহিঙীয়া আৰু পল্লৱী দিহিঙীয়াৰ একমাত্ৰ ১১ বছৰীয়া পুত্ৰ জিতুল দিহিঙীয়াই সৰিয়হ ভৰাবলৈ ঘৰৰ পৰা বস্তা নি ৰাজপথেৰে চাইকেলেৰে গৈ থকা অৱস্থাত পাছফালৰ পৰা এখন বাইকে প্ৰচণ্ড খুন্দা মাৰে। সোণাৰী চাপৰি হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰজনক তীব্ৰ বেগত অহা এ এছ ২৯ /৪৫৮৭ নম্বৰৰ এখন বাইকে খুন্দিয়াই গুৰুত ভাবে আহত কৰে।

ঘটনাস্থলীত লগে লগে সোণাৰী চাপৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীনেশ মেধি আৰু ১০৮ মৃত্যুঞ্জয় সেৱা উপস্থিত হয়। গুৰুতৰভাবে আহত কিশোৰজনক ১০৮ সেৱাৰ জৰিয়তে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাইক চালক মুহি চন্দ্ৰ দত্তক আটক কৰি সামান্যভাবে আহত ১৭ বছৰীয়া যুৱকজনক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাইকখনৰ লগতে চাইকেলখন জব্দ কৰি গোচৰ ৰুজু কৰিছে আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰিছে। পুৱাই সংঘটিত হোৱা শোকাবহ ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ সোণাৰী চাপৰি অঞ্চলত।

ঢকুৱাখনাত পুৱাই অঘটনঃ বাইকৰ খুন্দাত কিশোৰ নিহত...
নাগালেণ্ড লোকসভা আসনৰ বাবে NDPP ৰ প্ৰাৰ্থী নাম ঘোষণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in