ঢকুৱাখনাত উদণ্ড ডাম্পাৰে প্ৰাণ কাঢ়িলে  এজনৰ...

ঢকুৱাখনাত উদণ্ড ডাম্পাৰে প্ৰাণ কাঢ়িলে  এজনৰ...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত উদণ্ড ডাম্পাৰে প্ৰাণ কাঢ়িলে  এজনৰ...

ঢকুৱাখনাত উদণ্ড ডাম্পাৰে প্ৰাণ কাঢ়িলে  এজনৰ...

ডিজিটেল সংবাদ ঢকুৱাখনা: উদণ্ড ডাম্পাৰ চালকৰ নিয়ন্ত্ৰণহীন গাড়ী চালনাৰ বাবে শনিবাৰে দুপৰীয়া এজন নিৰীহ চহাই অকাল মৰ্মান্তিক মৃত্যুক সাৱটি ল'বলগা হয় । ঘটনাৰ বিবৰণী অনুসৰি ঢকুৱাখনা -ঘিলামৰা ৰাজ্যিক ঘাই পথৰ পৰা লাওঁকোঠ গোবিন্দপুৰ অভিমুখে ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত শিঙিয়া গাঁওৰ নিৰ্জু চহা মীন কান্ত শইকীয়া ওৰফে মাটিয়া নামৰ ৪৫ বছৰীয়া লোকজন চাইকেল চলাই গৈ আছিল।

Advertisment

এনেতে একে পথেৰে আৰু একে দিশেৰে এ এছ ০১ /পি চি/ ৯৯৭০ নম্বৰৰ এখন ডাম্পাৰ তীব্ৰ বেগত গৈ চাইকেল আৰোহীগৰাকীক খুন্দিয়াই পেলাই পৰৱৰ্তী সময়ত কিছুদূৰ চোঁচৰাই নিয়ে। ফলত পথচাৰী শইকীয়াৰ সোঁফালৰ ভৰিখন সম্পূৰ্ণ ৰূপে ছিগি মুমূৰ্খ অৱস্থাত পথৰ ওপৰত পৰি ৰয়।

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে আহত ব্যক্তিজনক উদ্ধাৰ কৰি ১০৮ সেৱাক অৱগত কৰে আৰু চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে। ইয়াৰোপৰি ঘিলামৰা আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়ে যদিও ঘটনা সংঘটিত কৰা উন্মত্ত চালকটোৱে ডাম্পাৰখন তীব্ৰ বেগত চলাই পলাবলৈ চেষ্টা কৰে ।

আৰক্ষীয়ে এই সন্দৰ্ভত অভিযান চলাই ডাম্পাৰখন জব্দ কৰিবলৈ সক্ষম হয় । ইপিনে মুমূৰ্খ অৱস্থাত পৰি ৰোৱা চাইকেল আৰোহী শইকীয়াক ১০৮ মৃত্যুঞ্জয় সেৱাৰ জৰিয়তে ঘিলামৰা সামূহিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

খেতি খোলা কৰি জীৱন নিৰ্বাহ কৰা খাটিখোৱা দৰিদ্ৰ পৰিয়ালটোৰ উপাৰ্জনকাৰী নিৰীহ ব্যক্তিজনৰ এনে অকাল বিয়োগত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে । ৰাইজে উন্মত্ত চালকজনক দৃষ্টান্তমূলক শাস্তি বিহাৰ লগতে মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাইছে ।

Also Read: কুকুৰ নহলো কিয়?

ঢকুৱাখনা