ঢকুৱাখনাত দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত নিহত এজন

ডাম্পাৰৰ চেপাত নিহত এজন
ডাম্পাৰৰ চেপাত নিহত এজন

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা-ঘিলামৰা ৰাজ্যিক ঘাইপথৰ জামুগুৰি অংশত সোমবাৰে বিয়লি সংঘটিত হয় এক মৰ্মান্তিক পথ দুৰ্ঘটনা। ঢকুৱাখনা দিশৰ পৰা ঘিলামৰা অভিমুখে তীব্ৰ বেগত গৈ থকা এখন তীব্ৰবেগী ডাম্পাৰে জামুগুৰি দলং পাৰ হৈ একে দিশৰ পৰা গৈ থকা এখন বাইকৰ পাছফালৰ পৰা খুন্দিয়াই । ডাম্পাৰৰ খুন্দাত ঘটনাস্থলীতে নিহত কৃষ্ণপূৰ মইনাপৰা গাঁওৰ ৰাজীৱ মিলি।

লগতে গুৰুতৰভাৱে আহত হয় শিমলুডোঙা গাঁওৰ সত্যজিৎ গগৈ। দুয়োজন যুৱক চ'লা মণ্ডলম ফাইনেন্সৰ কৰ্মচাৰী আছিল। ঘটনাস্থলীত ক্ষীপ্ৰতাৰে ১০৮ সেৱা উপস্থিত হৈ আহত গৰাকীক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ আনে । আৰু নিহত গৰাতীকো পৰৱৰ্তী সময়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ আনে । এইপৰ্যন্ত আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন জব্দ কৰিছে ।

ডাম্পাৰৰ চেপাত নিহত এজন
অপৰিস্কাৰ চহৰত পৰিণত হৈছে ওদালগুৰি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in