পুৰণি পেঞ্চন নীতি বাহালৰ দাবীত ঢকুৱাখনাত কৰ্মচাৰীৰ কৰ্মবিৰতি

পুৰণি পেঞ্চন নীতি বাহাল ৰাখি নতুন পেঞ্চন নীতি বাতিলৰ দাবীত বৃহস্পতিবাৰে ৰাজ্যজুৰি গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা হয় ।

author-image
Asomiya Pratidin
New Update
পুৰণি পেঞ্চন নীতি বাহালৰ দাবীত ঢকুৱাখনাত কৰ্মচাৰীৰ কৰ্মবিৰতি

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ পুৰণি পেঞ্চন নীতি বাহাল ৰাখি নতুন পেঞ্চন নীতি বাতিলৰ দাবীত বৃহস্পতিবাৰে ৰাজ্যজুৰি গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা হয় । চৰকাৰ ন্যস্ত চৰকাৰী সেৱা নিষ্ঠা সহকাৰে পালন কৰি অহা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলৰ নাৰ্য প্ৰাপ্য অধিকাৰ খৰ্ব কৰি বলপূৰ্বক আৰু অসাংবিধানিক ভাৱে জাপি দিয়া এই "নতুন পেঞ্চন নীতি"(এন পি এছ)ৰ সবল আৰু ধাৰাবাহিক বিৰোধিতা কৰি আহিছে সদৌ অসম কৰ্মচাৰী পৰিষদে।

Advertisment

ৰাজ্য চৰকাৰৰ লাখ লাখ প্ৰৱঞ্চিত কৰ্মচাৰীৰ নাৰ্য অধিকাৰস্বৰূপ এই "পুৰণি পেঞ্চন নীতি"(অ পি এছ) ব্যৱস্থা পুনৰ বাহাল ৰখাৰ দাবীত বৃহস্পতিবাৰে কৰ্মচাৰী পৰিষদৰ আহ্বায়িত কৰ্মবিৰতি কাৰ্যসূচীৰ সৰ্বাত্মক প্ৰভাৱ পৰে ঢকুৱাখনা মহকুমাত। ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ ৭খন আঞ্চলিক সমিতিৰ অন্তৰ্গত বিভিন্ন চৰকাৰী কাৰ্য্যালয়ৰ বিষয়া কৰ্মচাৰী , শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী ,শ্ৰমিক সকলোৱে নিজ নিজ কাৰ্য্যালয়, শিক্ষানুষ্ঠানত উপস্থিত হৈ উপস্থিতিৰ বহীত স্বাক্ষৰ কৰি দিনজোৰা কৰ্মৰ পৰা বিৰত থাকে।

কৰ্মচাৰী পৰিষদৰ বৃহস্পতিবাৰৰ প্ৰতিবাদৰ ফলত ঢকুৱাখনা মহকুমা প্ৰশাসনৰ লগতে চৰকাৰী কাৰ্য্যালয় আৰু শিক্ষানুষ্ঠান সমূহৰ স্বাভাৱিক কৰ্তব্যসমূহ সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰাত এক অচলাৱস্থাই দেখা দিয়া পৰিলক্ষিত হয়। ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়া আৰু সম্পাদক সুনীল কুমাৰ দত্তই ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলক নাৰ্য অধিকাৰৰ পৰা চক্ৰান্তমূলক ভাৱে বঞ্চিত কৰা এই অসাংবিধানিক কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি তাৎক্ষণিক ভাৱে এই প্ৰাপ্য আদায় দি পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তন নকৰিলে অনাগত সময়ত অধিক ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰখাৰ সকীয়নি দিয়ে ।

Also Read: ষষ্ঠবাৰৰ বাবে সদনত বিত্ত মন্ত্ৰীৰ বাজেট দাখিল : পুনৰ ৩কোটি মহিলাক লাখপতি বাইদেউৰ লক্ষ্য

nps dhakuakhana employees strike ops