/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/c85e8a04-f3b7-4ebb-aee1-394e4e295454/RANOJ_PEGU_27.jpg)
নৱ দলে-গণশক্তিৰ সংঘাত নিৰসনৰ লক্ষ্যৰে ৰণোজ পেগুৰ ৪ ঘন্টীয়া বৈঠক...
ডিজিটেল সংবাদ ঢকুৱাখনা: বিগত দশক জোৰা ৰাজনৈতিক বৈৰীতা নিৰসনৰ সূত্ৰ উদ্ভাৱনৰ লক্ষ্যৰে সোমবাৰে ঢকুৱাখনাত উপস্থিত হয় জনগোষ্ঠীয় নেতা তথা শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু। ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলে আৰু বিজেপি মিত্ৰজোঁটৰ অন্যতম ৰাজনৈতিক শক্তি সন্মিলিত গনশক্তি অসম আৰু মিচিং জাতীয় সংগঠনৰ মাজত বিগত দুটাকৈ নিৰ্বাচনৰ কালত মুকলি ৰাজনৈতিক বৈৰীতা অব্যাহত আছিল।
বিধায়ক নৱ দলে আৰু গণশক্তি দলৰ ঢকুৱাখনা জিলা সমিতিৰ মাজত অব্যাহত থকা ৰাজনৈতিক শত্ৰুতা নিস্পতি কৰিবলৈ সোমবাৰে মাতমৰাত অনুষ্ঠিত কৰা হয় ৪ ঘণ্টা জোৰা ৰুদ্ধদ্বাৰ মহামিলন বৈঠক। সোমবাৰে দুপৰীয়া মন্ত্ৰী ডাঃ পেগু মাতমৰাত উপস্থিত হৈ সম্পন্ন কৰে এই গুৰুত্বপূৰ্ণ গোপন বৈঠক।
শাসক দল বিজেপিৰ বিধায়ক নৱ দলে আৰু মিত্ৰ শক্তিৰ অন্যতম অংশীদাৰ আঞ্চলিক দল সন্মিলিত গনশক্তি অসম, মিচিং জাতীয় সংগঠনৰ ঢকুৱাখনা জিলা, ব্লক আৰু আঞ্চলিক সমিতিৰ মাজত ৰাজনৈতিক বৈৰীতা দূৰীকৰণৰ লক্ষ্যৰে সোমবাৰে অনুষ্ঠিত হয় এই ৰুদ্ধদ্বাৰ বৈঠকত সাংসদ প্ৰদান বৰুৱা,বিধায়ক ভুৱন পেগু, নৱ দলে আৰু জিলা বিজেপিৰ নেতৃবৰ্গ উপস্থিত থাকে।
মাতমৰাৰ নিৰ্মীয়মান সাংস্কৃতিক প্ৰকল্প প্ৰাঙ্গনত গণশক্তি দলৰ কেন্দ্ৰীয় সভাপতি পৰমানন্দ চায়েঙিয়া, কোষাধক্ষ্য সুনীল পেগু, সম্পাদক পুৰুষোত্তম দলে, ৰাজু খনিকৰ, টি এম পি কেৰ কেন্দ্ৰীয় সভাপতি তিলক দলে, সম্পাদক চান পাংগিং, জিলা গনশক্তি, মিচিং জাতীয় সংগঠনৰ গৰিষ্ঠ সংখ্যক জিলা নেতৃবৰ্গ উপস্থিত থাকি অংশগ্ৰহণ কৰে উক্ত ৰুদ্ধদ্বাৰ বৈঠকত।
বৈঠকত মধ্যস্থতাকাৰী শিক্ষামন্ত্ৰী ডাঃ পেগুৱে দুই পক্ষৰ মাজত থকা মতানৈক্য,বিবাদ আৰু সামাজিক মাধ্যমৰ বৈৰীতা দূৰীকৰণ কৰাৰ সন্দৰ্ভত পৰামৰ্শমূলক বক্তব্য ৰাখে। সুদীৰ্ঘ ৪ ঘণ্টা ধৰি জনচক্ষুৰ পৰা আঁৰত অনুষ্ঠিত কৰা বৈঠকত উভয় পক্ষৰ মতামত শুনি সংযম আৰু মিত্ৰতাৰ বান্ধোনেৰে সম্পৃক্ত হৈ একেলগে সামূহিক উন্নয়নৰ স্বাৰ্থত ঐক্যবদ্ধতাৰে কাম কৰি যোৱাৰ পৰামৰ্শ দিয়ে।
বৈঠকৰ অন্তত মধ্যস্থতাকাৰী ডাঃ পেগুৱে মিত্ৰতাৰ বান্ধোন শক্তিশালী কৰাৰ লক্ষ্যৰে এই যৌথ সভা অনুষ্ঠিত কৰা বুলি কৈ তৃণমূল পৰ্য্যায়ত মিত্ৰ শক্তিৰ সম্পৰ্ক সন্দৰ্ভত বিস্তৃত আলোচনা কৰিবলৈ দুয়োটা দল একত্ৰিত হোৱা বুলি কয়। ডাঃ পেগুৱে দুয়োটা দলে ঢকুৱাখনা সমষ্টিৰ উন্নয়নৰ বাবে মিত্ৰজোঁটৰ হৈ একেলগে কাম কৰি যাব বুলি কৈ আজিৰ পৰা পূৰ্বৰ ৰাজনৈতিক বৈৰীতা নোহোৱা হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।
আজিৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পাছতে আঞ্চলিক দলটোৰ তৃণমূল স্তৰত মিশ্ৰিত প্ৰতিক্ৰিয়াই গা কৰি উঠিছে। প্ৰধানকৈ বিগত সময় চোৱাত শাসক গোষ্ঠীৰ পৰিকল্পিত নিৰ্মম আতিশাৰ্যৰ সন্মুখীন হোৱা ভুক্তভোগী গণশক্তি দলৰ কৰ্মী, সমৰ্থকসকলে শীর্ষ নেতৃত্বৰ এনে আপোচকামী স্থিতিক মুকলি সমালোচনা কৰিছে।
উল্লেখনীয় যে, বহু কেইজন জিলা পৰ্যায়ৰ অসন্তুষ্ট জনগোষ্ঠীয় নেতাই এই বৈঠক প্ৰত্যাখ্যান কৰা পৰিলক্ষিত হ'ল । ইপিনে শাসক দল বিজেপিৰ নেতা কৰ্মীসকলে আজিৰ সভাই মিত্ৰজোঁটৰ শক্তিটোক অধিক শক্তিশালী আৰু সবল কৰি তুলিব বুলি আশা ব্যক্ত কৰি উৎফুল্লিত হোৱা দেখা গ'ল।
Also Read: গুৱাহাটীত উপস্থিত ভাৰত, অষ্ট্ৰেলিয়ান ক্ৰিকেট দল দুটা...