ক'ত হেৰাল ধেমাজিৰ ৰাজু বাঞ্চাল? ১১ দিনে নাই কোনো সন্ধান...

ধেমাজি নগৰৰ বাসিন্দা প্ৰাক্তন ব্যৱসায়ী ৰাজু বাঞ্চালৰ বিগত ১১ দিনে কোনো উৱাদিহ উলিয়াবলৈ সক্ষম হোৱা নাই অসম আৰক্ষীয়ে। গোচৰ ৰুজু কৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ।

author-image
Asomiya Pratidin
New Update
ক'ত হেৰাল ধেমাজিৰ ৰাজু বাঞ্ছাল? ১১ দিনে নাই কোনো সন্ধান...

ডিজিটেল সংবাদ ঢকুৱাখনা: ধেমাজি নগৰৰ বাসিন্দা প্ৰাক্তন ব্যৱসায়ী ৰাজু বাঞ্চালৰ বিগত ১১ দিনে কোনো উৱাদিহ উলিয়াবলৈ সক্ষম হোৱা নাই অসম আৰক্ষীয়ে। প্ৰায় ৪৭ বছৰ বয়সীয়া ধেমাজি নগৰৰ মাৰোৱাৰী যুৱ মঞ্চৰ সমীপৰ বাসিন্দা বাঞ্চালে যোৱা ৩১ মে'ৰ দুপৰীয়া গোগামুখ-ঘিলামৰা সংযোগী ৰাজ্যিক পথৰ চাম্পৰা নদীৰ দলংৰ ওপৰত নিজৰ স্কুতিখন আৰু চেণ্ডেল ৰাজপথত এৰি ৰহস্যজনক ভাবে নিখোজ হৈছিল। 

Advertisment

ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰাজপথত এ এছ ২২ এফ ১৪৮৫ নম্বৰৰ হালধীয়া বৰণৰ স্কুতিখন এৰি সন্ধানহীন হোৱাৰ পাছত ঘিলামৰা আৰক্ষীয়ে স্কুতিখন জব্দ কৰি থানালৈ আনিছিল। পৰৱৰ্তী সময়ত বাঞ্চালৰ আত্মীয়ই ধেমাজি সদৰ থানাত এক গোচৰ ৰুজু কৰিছিল। 

কিন্তু আজি ১১ টা দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। কেৱল গোচৰ ৰুজু কৰিয়ে দায়িত্ব সামৰিছে ধেমাজি সদৰ থানাৰ আৰক্ষীয়ে।

পাৰিবাৰিক কন্দলৰ বাবেই আত্মগোপন কিম্বা আত্মহননৰ সন্দেহ কৰা হৈছে বাঞ্চালৰ বিৰুদ্ধে। নিখোজ ব্যক্তি গৰাকীৰ বাসস্থান আৰু ঘটনাৰ স্থান তথা আৰক্ষী থানা দুখন পৃথক জিলাত হোৱাৰ বাবে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া স্থবিৰ আৰু গুৰুত্বহীন হোৱাৰ সন্দেহ কৰা হৈছে। 

যাৰবাবে এদিনৰ বাবেও সন্দেহযুক্ত ভৰুণ চামপৰা নদীৰ বুকুত এছ ডি আৰ এফ বাহিনীৰ ডুবাৰোৰ জৰিয়তে সন্ধান অভিযান চলাবলৈ সময় নোলাল সংশ্লিষ্ট অসম আৰক্ষীৰ। ইপিনে বিগত ১১দিন উকলাৰ পাছতো সন্ধানহীন বাঞ্চালৰ সম্ভেদ চিন্তান্বিত পৰিয়ালবৰ্গক দিব নোৱাৰা অসম আৰক্ষীৰ এনে গুৰুত্বহীনতা আৰু দায়িত্বহীনতাক ধিক্কাৰ দিছে ঘিলামৰা আৰু ধেমাজিৰ ৰাইজে। 

সন্দেহযুক্ত স্থানত সন্ধান চলোৱাৰ বিপৰীতে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত কেৱল গোচৰ ৰুজু কৰিয়ে মৰটোপনি মৰা ধেমাজি সদৰ আৰক্ষীৰ এনে দায়িত্ববোধহীনতাই আশাহত কৰিছে উদ্বিগ্ন পৰিয়ালৰ লগতে উৎসুক সাধাৰণ নাগৰিকক। 

ঢকুৱাখনা সন্ধানহীন