ৰাজীৱ খানক ৰাজ্যিক সংখ্যালঘু উন্নয়ন বিভাগৰ ৰাজ্যিক সম্পাদকৰূপে নিযুক্তি

ৰাজীৱ খানক ৰাজ্যিক সংখ্যালঘু উন্নয়ন বিভাগৰ ৰাজ্যিক সম্পাদকৰূপে নিযুক্তি

author-image
Asomiya Pratidin
New Update
ৰাজীৱ খানক ৰাজ্যিক সংখ্যালঘু উন্নয়ন বিভাগৰ ৰাজ্যিক সম্পাদকৰূপে নিযুক্তি

ডিজিটেল সংবাদ, ঢকুৱাখনা: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ  সংখ্যালঘু বিভাগৰ ৰাজ্যিক সম্পাদক হিচাবে নিযুক্তি দিয়া হয় লখিমপুৰ জিলা সংখ্যালঘু কোষৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাজীৱ খানক ।

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ তথা ৰাজ্য সভাৰ সাংসদ ইমৰান প্ৰতাপগ্ৰাহীৰ অনুমোদন ক্ৰমে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ  অধ্যক্ষ ছালমান খানে বুধবাৰে ৰাজীৱ খানক এই পদত নিযুক্তি দিয়ে। উল্লেখ্য় যে, ৰাজীৱ খানে ঢকুৱাখনা মহকুমা সংখ্যালঘু উন্নয়ন বৰ্ডৰ প্ৰাক্তন অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

প্ৰবীণ কংগ্ৰেছী নেতা গৰাকীক ৰাজ্যিক সংখ্যালঘু বিভাগৰ সম্পাদক পদত নিযুক্তি দিয়াত উৎফুল্লিত হৈ পৰিছে ঢকুৱাখনা আৰু ঘিলামৰা ব্লক কংগ্ৰেছৰ কৰ্মকৰ্তাসকল।

ৰাজীৱ খানক এই পদত নিযুক্তি প্ৰদান কৰাৰ বাবে ঢকুৱাখনা আৰু ঘিলামৰা ব্লক কংগ্ৰেছৰ অন্তৰ্গত সংখ্যালঘু ৰাইজে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, ৰাজ্যিক সংখ্যালঘু বিভাগৰ অধ্যক্ষ ছালমান খান আৰু দলীয় নেতৃত্বক কৃতজ্ঞতা জনাই।

নৱ নিযুক্ত ৰাজ্যিক সম্পাদক ৰাজীৱ খানে অনাগত সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সাংগঠনিক ভেঁটি মজবুতকৰণৰ লগতে সংখ্যালঘু সকলৰ সৰ্বাংগীন উন্নয়ন বিকাশৰ ক্ষেত্ৰত আত্মনিয়োগ কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে।

apcc assam congress