ঢকুৱাখনাৰ ৰাজীৱ ভৱনত প্ৰচণ্ড মাৰপিতঃ আহত দুই নেতা...

সুদীৰ্ঘ দিন ধৰি ঢকুৱাখনা কংগ্ৰেছৰ ব্লক সভাপতি কেন্দ্ৰিক সংঘাটে মঙলবাৰে চূড়ান্ত ৰূপ ল'লে। জিলা কংগ্ৰেছৰ নেতৃত্বৰ উপস্থিতিত ৰাজীৱ ভৱনত হয় প্ৰচণ্ড হতাহতি, মাৰপিত, হুলস্থুল।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাৰ ৰাজীৱ ভৱনত প্ৰচণ্ড মাৰপিতঃ  আহত দুই নেতা...

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ  সুদীৰ্ঘ দিন ধৰি ঢকুৱাখনা কংগ্ৰেছৰ ব্লক সভাপতি কেন্দ্ৰিক সংঘাটে মঙলবাৰে চূড়ান্ত ৰূপ ল'লে। লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতিৰ উপস্থিতিতে  ব্লক কংগ্ৰেছৰ কাৰ্য্যালয় ৰাজীৱ ভৱনত সংঘটিত হয় দলীয় নেতৃত্বৰ মাজত প্ৰচণ্ড হতাহতি, মাৰপিত, হুলস্থুল।

Advertisment

ঘটনাৰ বিবৰণী মতে মঙলবাৰে সমাগত পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কত এক দলীয় কাৰ্যসূচী লৈ ঢকুৱাখনা ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হৈছিল জিলা কংগ্ৰেছৰ সভাপতি গগণ চন্দ্ৰ বৰা আৰু প্ৰশাসনিক সম্পাদক গংগা জ্যোতি টায়েগাম। লখিমপুৰ জিলা কংগ্ৰেছৰ লগতে ঢকুৱাখনা ব্লকৰ মণ্ডল কংগ্ৰেছৰ গৰিষ্ঠ সংখ্যক নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত দলীয় সভাত ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়াক পুনৰ সমাগত পঞ্চায়ত নিৰ্বাচন পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰি যোৱাৰ সপক্ষে মত পোষণ কৰে লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি গগন চন্দ্ৰ বৰাই।  

ইয়াতে ক্ষুব্ধ হৈ একাংশ দলীয় তৃণমূল নেতৃত্বই  বিগত কেইবাবছৰ ধৰি দলীয় নীতি নিৰ্দেশনা অৱজ্ঞা কৰি ব্লক সভাপতিৰ পদত চেতিয়া অধিষ্ঠিত হৈ থকাৰ বিষয়টো উত্থাপন কৰি দলৰ বৃহৎ স্বাৰ্থত বিধিগত ভাবে এগৰাকী যোগ্য সভাপতি নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। একাংশ মণ্ডল নেতৃত্বই চেতিয়াই অসাংবিধানিক ভাবে একাদিক্ৰমে কেইবাটাও কাৰ্যকাল ব্লক সভাপতিৰ পদ কুক্ষীগত কৰি ৰখাৰ একেমুখে প্ৰতিবাদ কৰে।  

সভাপতি চেতিয়া,কাৰ্যকৰী সভাপতি ৰমেন মিলি, প্ৰদেশ শিক্ষক কোষৰ সমন্বয়ক আৰু মুখপাত্ৰ ড০ সুৰজিত দলেৰ উপস্থিতিতে এই বিষয়কলৈ দুই পক্ষৰ সমৰ্থকৰ মাজত তীব্ৰ বাক-বিতণ্ডা ঘটে। এই বাক বিতণ্ডাই এসময়ত জংগী ৰূপ লয় ।

সভা চলি থকাৰ মাজতে সভাগৃহত উপস্থিত দলীয় সমৰ্থকৰ মাজত এই বিষয়টোকলৈ উদ্ভৱ হোৱা মতানৈক্যই হিংসাত্মক ৰূপ লয় । সভাগৃহত থকা চকী ভাঙি , সৃষ্টি হোৱা গালি গালাজ, হতাহতিৰ লগতে আক্ৰমনাত্মক হৈ পৰাৰ সময়তে এজন দলীয় কৰ্মীয়ে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ, শিক্ষক কোষৰ অধ্যক্ষ ড০ সুৰজিত দলেক উদ্দেশ্য কৰি প্ৰহাৰ কৰিবলৈ উদ্যত হয় ।

কিন্তু ঠেলা হেঁচাত ড০ দলেৰ গাত নালাগি জিলা কংগ্ৰেছৰ নেতা কুশল খনিকৰৰ মুখ মণ্ডলত লাগি আহত হয় । ইয়াৰোপৰি জিলা কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক গঙ্গা জ্যোতি টায়েগামো সামান্য ভাবে আহত হয় ।

কংগ্ৰেছৰ সভাকক্ষ গৈ ৰনথলীত পৰিণত হোৱাত সভাখন আধাতে সামৰণি পেলাই জিলা সভাপতি লখিমপুৰলৈ উভতি যায়।সমাগত নিৰ্বাচনৰ প্ৰাকক্ষণত জিলা কংগ্ৰেছ সমিতিৰ সভাপতিৰ উপস্থিতিতে ব্লক কাৰ্যালয়ত সূত্ৰপাত ঘটা উশৃংখল পৰিস্থিতিৰ পাছত নিষ্ঠাবান দলীয় নেতা কৰ্মীসকল আশাহত হৈছে।  

ব্লকৰ নীতিনিষ্ঠ কৰ্মীসকলৰ মতে এয়া এক দলৰ আভ্যন্তৰীণ বিষয় যদিও সমাগত পঞ্চায়ত নিৰ্বাচন এগৰাকী বলিষ্ঠ সভাপতিৰ নেতৃত্বত  নিৰ্বাচন খেলাৰ ব্যৱস্থা কৰক প্ৰদেশ কংগ্ৰেছে। দলীয় সংবিধান অনুসৰি ঢকুৱাখনা ব্লক কংগ্ৰেছ পৰিচালিত হওক।

কোনো দলীয় শীর্ষ নেতাৰ আশীৰ্বাদত নহয়। ৰাজীৱ ভৱনত সংঘটিত এই উত্তেজক পৰিস্থিতিৰ পাছত জিলা আৰু প্ৰদেশ কংগ্ৰেছে কি জনমুখী সিদ্ধান্ত লয় সেয়া দলৰ নীতিনিষ্ঠ নেতা কৰ্মী সকলৰ বাবে লক্ষণীয় হ'ব।

কংগ্ৰেছ ঢকুৱাখনা