ডিজিটেল সংবাদ, ঢকুৱাখনা: মেধাত্ব আৰু সফলতাৰ গৰিমাৰ সমুজ্জল ধাৰা অব্যাহত ৰাখি ঢকুৱাখনা উপ জিলাৰ এগৰাকী প্ৰত্যয়ী প্ৰাৰ্থীয়ে ইস্পিত সাফল্য আজুৰি আনিবলৈ সক্ষম হৈছে। একাগ্ৰতা আৰু মেধাত্বৰ প্ৰতিভূ স্বৰূপ এইগৰাকী সফল শিক্ষাৰ্থী ৰাজশ্রী দেৱী খনিকৰ ।
ঢকুৱাখনা উপ-জিলাৰ অন্তৰ্গত সোনাৰী চাপৰিৰ কেঁকুৰী গাঁৱৰ এই গৰাকী অধ্যয়নশীল উচ্চ শিক্ষিত যুৱতীয়ে সদ্য ঘোষিত অসম লোক সেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হৈ সমগ্ৰ লখিমপুৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। কেঁকুৰী জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত কটন মহাবিদ্যালয়ত নাম ভৰ্তি কৰে।
২০২৩ বর্ষত কটন মহাবিদ্যালয়ৰ পৰা প্ৰাণীবিদ্যা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি ৰাজশ্রীযে ২০২৩ বর্ষত অসম লোক সেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। সেই বর্ষত প্ৰচুৰ অধ্যয়নশীল ছাত্ৰী ৰাজশ্রীয়ে সুখ্যাতিৰে চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল ।
কিন্তু মেধাত্বৰে উজলিও থমকি ৰব লগা হৈছিল মেধাবী ৰাজশ্রী । কিন্তু হাৰ মনা নাছিল প্ৰত্যয়ী ৰাজশ্রীয়ে। পুনৰ দুগুণ উৎসাহেৰে চলিত বর্ষত পৰীক্ষাত অৱতীৰ্ণ হৈ ইস্পিত লক্ষ্যত উপনীত হ'বলৈ সক্ষম হয় ।
সদ্য ঘোষিত এ পি এছ চি পৰীক্ষাৰ ফলাফল অনুসৰি ৰাজশ্রীযে "ইন্সপেকেটিং অদিতৰ" ( প্ৰাথমিক শিক্ষা) পদত নিযুক্তি পাবলৈ সক্ষম হৈছে। কঠোৰ অধ্যয়নশীল ৰাজশ্রীৰ ইস্পিত সাফল্যত পিতৃ ভোগেন্দ্ৰ খনিকৰ ,সোনাৰী চাপৰি ট্ৰাইবেল উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী মাতৃ ৰুণু দেৱী খনিকৰৰ লগতে বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক, ভাতৃ ৰাকেশ ৰুশেল খনিকৰৰ প্ৰেৰণাক সশ্ৰদ্ধ স্মৰণ কৰি ৰাজশ্রীয়ে জনোৱামতে এটা চাকৰিৰ প্রত্যাশাত আছিল।
সেয়ে খুব একাগ্ৰতা আৰু দৃঢ়তাৰে অধ্যয়নত ব্ৰতী হৈছিল । বৃহস্পতিবাৰে ঘোষিত ফলাফল লাভ কৰি উৎফুল্লিত ৰাজশ্রীৰ লগতে পিতৃ মাতৃ ,ভাতৃ আৰু পৰিয়ালবৰ্গ । ভৱিষ্যতে ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাসনা পুহি ৰখা ৰাজশ্রীৰ এনে সাফল্যত সমগ্ৰ ঢকুৱাখনাবাসীৰ লগতে কেঁকুৰীবাসী উৎফুল্লিত,গৌৰাবান্বিত ।