ঢকুৱাখনাত ফাট বিহুৰ তৎপৰতা : ১২মাৰ্চত ৰাজহুৱা সভা আহ্বান

ঢকুৱাখনাত ফাট বিহুৰ তৎপৰতা : ১২মাৰ্চত ৰাজহুৱা সভা আহ্বান
ঢকুৱাখনাত ফাট বিহুৰ তৎপৰতা : ১২মাৰ্চত ৰাজহুৱা সভা আহ্বান

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনাৰ স্বাভিমানী লোক মহোৎসৱ  ফাট বিহু উদযাপনৰ তৎপৰতা আৰম্ভ হৈছে ।  বিগত শতিকা জোৰা পৰম্পৰা আৰু ধাৰাবাহিকতা অব্যাহত ৰাখি ২০২৩ বৰ্ষত এই স্বকীয় লোক উৎসৱটি উদযাপনৰ হেতু ৰাজহুৱা সভা আহ্বান কৰিছে ফাটবিহু সমিতিয়ে ।

সেই উদ্দেশ্যেৰে ফাট বিহু বাকৰিত অহা ১২ মাৰ্চ দেওবাৰে ১১ বজাত এখন ৰাজহুৱা  সভা আহ্বান কৰিছে ফাট বিহু সমিতিয়ে । সমিতিৰ  সভাপতি বসন্ত শইকীয়া আৰু সম্পাদক ভাস্কৰ দাসে জনোৱা মতে  উক্ত দিনা অনুষ্ঠিতব্য সভাতেই ২০২৩ বর্ষৰ ফাট বিহু উদযাপনৰ বাবে এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হ'ব আৰু উদযাপনৰ দিন নিৰ্ধাৰণ কৰা হ'ব।

সেয়ে উক্ত সভাত ফাটবিহু প্ৰেমী সংস্কৃতিবান ৰাইজৰ উপস্থিতি আৰু দিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছে ফাট বিহু সমিতিয়ে ।

ঢকুৱাখনাত ফাট বিহুৰ তৎপৰতা : ১২মাৰ্চত ৰাজহুৱা সভা আহ্বান
চিৰাঙত পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে অভিযান...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in