/asomiyapratidin/media/media_files/2024/11/26/4s47mJziXvIxcXNI09om.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: দেশৰ শ্ৰমিক বিৰোধী শ্ৰম সংহিতা বাতিল কৰা, ভূমিহীন কৃষকক ভূমি পট্টা প্ৰদান কৰা, ৰাজ্যখনত সকলো জিলা সামৰি ভূমি জৰীপ সম্পন্ন কৰা,ঢকুৱাখনাত এটা হিম ঘৰ স্থাপন কৰা আদি বহু কেইটা গুৰুত্বপূৰ্ণ দাবীৰ সমৰ্থনত মঙলবাৰে ঢকুৱাখনাত সাব্যস্ত কৰা হয় মহা বিক্ষোভ কাৰ্যসূচী।
সংযুক্ত কৃষক মর্চা আৰু শ্ৰমিক কৰ্মচাৰী ,ঢকুৱাখনাৰ উদ্যোগত মঙলবাৰে দুপৰীয়া এই মহাবিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ঢকুৱাখনা নগৰস্থিত সৰ্বভাৰতীয় কৃষক সভাৰ কাৰ্য্যালয়ৰ পৰা বাহিৰ হোৱা বিক্ষোভকাৰী দলটোৱে হাতে হাতে দলীয় পতাকালৈ ৰাজপথ উত্তাল কৰি সমদল কৰে।
গেৰুৱা চৰকাৰৰ কৃষক শ্ৰমিক বিৰোধী আইন বাতিল কৰক, বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰক, কৃষক শ্ৰমিক ঐক্য জিন্দাবাদ, ঢকুৱাখনাত এটা হিম ঘৰ স্থাপন কৰক, দেশ শত্ৰু বিজেপি হুচিযাৰ, ভূমিহীনক ভূমি পট্টা দিয়ক, অসম চৰকাৰ মূর্দাবাদ আদি শ্লোগান দি ঢকুৱাখনা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ দিশে অগ্ৰসৰ হয় দলটো।
নিখিল ভাৰত কৃষক সভাৰ ঢকুৱাখনা মহকুমা সমিতিৰ সভাপতি সর্বজিত প্ৰসাদ, অসম ৰাজ্যিক কৃষক সভাৰ ঢকুৱাখনা আঞ্চলিক সমিতিৰ পূৰ্ণানন্দ ফুকন, চি.পি.আইৰ শীর্ষ বিষয়ববীয়া গোপাল গগৈৰ নেতৃত্বত ৰাজপথলৈ ওলাই অহা বিক্ষোভকাৰী সকলে ৯ টা দাবীৰ সমৰ্থনত এই প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে।