/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-24/2xcc42tf/267.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : আদিগুৰু শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ প্ৰভুজনাৰ গুণানুকীৰ্তনেৰে গুৰুজনাৰ মাৰ্গ দৰ্শন আৰু স্মৰণৰ লক্ষ্য বান্ধি ঢকুৱাখনাত অনুষ্ঠিত হ’ব সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় অধিবেশন । বৃহস্পতিবাৰে ঢকুৱাখনা নগৰৰ আম্বেদকাৰ ভৱন প্ৰাঙ্গনত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
ঢকুৱাখনা আৰু ধেমাজি জিলা মায়ামৰা সাংস্কৃতিক সমাজৰ উদ্যোগত ঢকুৱাখনাৰ বাঁহপৰা হাইস্কুল খেলপথাৰত প্ৰাঙ্গনত ২০২৫ বর্ষৰ ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীত ৩৮ সংখ্যক অধিবেশন অনুষ্ঠিত কৰাৰ সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বৰেণ্য অৱদান আগবঢ়াই যোৱা অনিৰুদ্ধ দেৱ গুৰুজনাৰ একনিষ্ঠ সেৱক সংঘ ঢকুৱাখনা শ্ৰী শ্ৰী মায়ামৰা সাংস্কৃতিক সমাজৰ সভাপতি গণেশ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ ৰাজহুৱা সভাখন । ঢকুৱাখনা আৰু ধেমাজি জিলাৰ শতাধিক ধৰ্মপ্ৰাণ ভক্ত-বৈষ্ণৱ উপস্থিত থকা সভাৰ উদ্দেশ্য ব্যাখা কৰে সম্পাদক কুল নাথ দাসে ।
সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ সভাপতি ৰেবত চন্দ্ৰ দাস ,প্ৰধান সম্পাদক হেমন্ত গোঁহাই, সম্পাদক বিদ্যা দত্ত, ধেমাজি জিলা সমাজৰ দিলীপ দাস, হৰি চন্দ্ৰ হাজৰিকা, বগাধৰ দাস, ঢকুৱাখনা জিলা সাংস্কৃতিক সমাজৰ সাংগঠনিক সম্পাদক নৱজ্যোতি দাস ,দুৰ্গা দাস , ডিম্বেশ্বৰ দাসকে প্ৰমুখ্য কৰি শতাধিক ভকত বৈষ্ণৱ উপস্থিত থাকে এই সভাত। ইয়াৰোপৰি উক্ত সভাত ৩৮ সংখ্যক অধিবেশনৰ সফল উদযাপনৰ বাবে এখন অভ্যৰ্থনা সমিতি গঠন কৰি অনুমোদন জনোৱা হয় ।
ৰাজহুৱা সভাত বিধায়ক নৱ দলেক সভাপতি , শশীধৰ দাসক কাৰ্যকৰী সভাপতি , প্ৰসেন দাস, ভৰত চন্দ্ৰ দাস , বিজয় গগৈ ,দুৰ্গা দাস, গুৰু দাসক উপ সভাপতি ৰূপে বাচনি কৰা হয়। একেদৰে নন্দেশ্বৰ দাস আৰু ডিম্বেশ্বৰ দাসক যুটীয়া সম্পাদক , থানু কৃষ্ণ দাস, ধীৰেন দাস, দীপালি দাসক সহকাৰী সম্পাদক , ইন্দ্ৰেশ্বৰ দাসক কোষাধ্যক্ষ হিচাবে লৈ শক্তিশালী অভ্যৰ্থনা সমিতিখন গঠন কৰা হয়।
সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ প্ৰধান সম্পাদক হেমন্ত গোঁহাইয়ে সভাত বক্তব্য আৰু অধিবেশনখন সফল উদযাপনত কৰণীয়তা সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়। তেঁও এই কেন্দ্ৰীয় অধিবেশনখন সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰাত ভক্তপ্ৰাণ ৰাইজৰ সহযোগিতা, পৰামৰ্শ আৰু আশীৰ্বাদ আন্তৰিকতাৰে কামনা কৰে ।
Also Read: ৰঙাচকুৱাত দেউচী ভইলী আৰু সংগিনী নৃত্য প্ৰতিযোগিতাৰ আয়োজন