বৰদলনি শিক্ষা খণ্ডৰ শিক্ষাগুৰুক প্ৰাক গুণোৎসৱৰ প্ৰশিক্ষণ...

বৰদলনি শিক্ষা খণ্ডৰ শিক্ষাগুৰুক প্ৰাক গুণোৎসৱৰ প্ৰশিক্ষণ...
বৰদলনি শিক্ষা খণ্ডৰ শিক্ষাগুৰুক প্ৰাক গুণোৎসৱৰ প্ৰশিক্ষণ...

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাজ্যখনৰ আগন্তুক দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত বৰদলনি শিক্ষা খণ্ডৰ প্ৰতিখন শিক্ষানুষ্ঠানত যাতে বাস্তৱসম্পন্ন মূল্যায়ন হ'ব পাৰে তাৰ লক্ষ্যৰে বুধবাৰে দ্বিস্তৰীয় প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। খণ্ডটোৰ প্ৰতিখন বিদ্যালয়ৰ একোজনকৈ শিক্ষাগুৰু তথা ন'ডেল শিক্ষকক দিনজোৰাকৈ দুটা স্থানত প্ৰণালীবদ্ধ প্ৰশিক্ষণ প্ৰদান কৰা হয় ।

বুধবাৰে পুৱা ১০ বজাৰ পৰা বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা প্ৰথম স্তৰৰ প্ৰশিক্ষণত খণ্ডটোৰ প্ৰায় ১২৭ খন বিদ্যালয়ৰ শিক্ষাগুৰুসকল উপস্থিত থাকে। এই প্ৰশিক্ষণৰ শুভ উদ্বোধন কৰে বৰদলনি শিক্ষা খণ্ডৰ খণ্ড মিছন সমন্বয়ক নীৰন দত্তই ।

ইয়াৰ পাছতে প্ৰশিক্ষণৰ বাবে নিয়োজিত সমল ব্যক্তি তথা মণ্ডল সমন্বয়ক অপূৰ্ব চুতীয়া আৰু মৃদুল ভূঞাই প্ৰশিক্ষণ প্ৰদান কৰে। প্ৰশিক্ষণ কালত ধেমাজি জিলাৰ অতিৰিক্ত আয়ুক্ত ড০ সঞ্জীৱ কুমাৰ ফুকন , জিলা আঁচনি বিষয়া অৰুনিমা দুৱৰা, জিলা শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা দিব্যজ্যোতি গগৈ আৰু জিলাখনৰ জ্যেষ্ঠ সহকাৰী পৰিদৰ্শক বনমালি পেগুৱেও প্ৰশিক্ষণ সম্পৰ্কীয় মননশীল বক্তব্য আগবঢ়াই ।

বিয়লি ১ বজাত প্ৰথম প্ৰশিক্ষণ কাৰ্যসূচী শেষ হোৱাৰ পাছত পুনৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দ্বিতীয়খন নডেল শিক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। খণ্ডটোৰ প্ৰায় ১৫০খন বিদ্যালয়ৰ পৰা অহা শিক্ষাগুৰুসকলক প্ৰশিক্ষণ প্ৰদান কৰে সমল ব্যক্তি তথা মণ্ডল সমন্বয়ক সৰ্বেশ্বৰ চেত্ৰী আৰু ৰাজেশ মালাই।

উক্ত প্ৰশিক্ষণ কাৰ্যসূচীটো খণ্ড মিছন সমন্বয়ক নীৰন দত্ত উপস্থিত থাকি নডেল শিক্ষকসকলক গুণোৎসৱৰ দুয়োটা দিনতে সঠিকভাৱে আৰু দায়িত্ব সহকাৰে কাৰ্য সম্পাদন কৰিবলৈ অনুৰোধ জনাই বক্তব্য আগবঢ়াই । জিলাখনৰ অতিৰিক্ত আয়ুক্ত ড০ সঞ্জীৱ কুমাৰ ফুকনেও শিক্ষাগুৰুসকলৰ বিদ্যালয়খনৰ প্ৰতি থকা দায়িত্ববোধৰ সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ অনুকীয়াই বক্তব্য ৰাখে ।

প্ৰশিক্ষণকালত খণ্ড সমল ব্যক্তি মুকুল সূত,বনমালি পেগু, ব্লক এম আই এছ সাৰংগ বৰুৱা, হৰিনাৰায়ন দত্ত, দীপক গগৈ, তিলক মোহন শইকীয়া,প্ৰখ্যাত প্ৰসন্ন চুতীয়া , ভাইটি দলে, ৰেখা দেৱী আৰু পুতুমনি গগৈ আদি উপস্থিত থাকে। তাৰোপৰি বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জ্যোস্না বৰগোহাঁই আৰু গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জিতেন শইকীয়াও উপস্থিত থাকি পৰামৰ্শমূলক বক্তব্য আগবঢ়ায়।

বৰদলনি শিক্ষা খণ্ডৰ শিক্ষাগুৰুক প্ৰাক গুণোৎসৱৰ প্ৰশিক্ষণ...
২ কোটি মহিলাক লাখপতি বনোৱাৰ প্ৰতিশ্ৰুতিৰে ওলাইছে প্ৰধানমন্ত্ৰী মোডী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in