প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত প্ৰহসনঃ দৰিদ্ৰ হিতাধিকাৰীৰ পুঁজি হৰলুকী

ঢকুৱাখনা সমজিলাত দৰিদ্ৰ পৰিয়ালক চৰকাৰী গৃহৰে উপকৃত কৰাৰ এক কেন্দ্ৰীয় আঁচনি এতিয়া ঢকুৱাখনা গ্ৰামোন্নয়নৰ একাংশ অবিবেচকী বিষয়া কৰ্মচাৰীৰ বাবে প্ৰহসনলৈ পতিত হৈছে।

author-image
Tushar Pratim
New Update
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত প্ৰহসনঃ দৰিদ্ৰ হিতাধিকাৰীৰ পুঁজি হৰলুকী

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা সমজিলাত এতিয়া দুৰ্নীতি অনিয়মেই স্বঘোষিত এক নিয়মলৈ পৰিণত হৈছে। দৰিদ্ৰ পৰিয়ালক চৰকাৰী গৃহৰে উপকৃত কৰাৰ এক কেন্দ্ৰীয় আঁচনি এতিয়া ঢকুৱাখনা গ্ৰামোন্নয়নৰ একাংশ অবিবেচকী বিষয়া কৰ্মচাৰীৰ বাবে প্ৰহসনলৈ পতিত হৈছে।

Advertisment

ঢকুৱাখনা উন্নয়ন খণ্ডৰ এনেচাম দায়িত্বহীন বেতনভোগীৰ অকমন্যতাৰ বাবেই খণ্ডটোৰ মাতমৰা গাঁও পঞ্চায়তৰ এগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে চৰকাৰী আঁচনিৰ পুঁজিৰ পৰা বঞ্চিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। সংগৃহীত তথ্য মতে পঞ্চায়তখনৰ ১০ নম্বৰ ৱাৰ্ডৰ পিঠিয়াল গাঁৱৰ দৰিদ্ৰ ব্যক্তি বিপুল বৰাৰ বিপৰীতে ২০২৩-২০২৪ বিত্তীয় বর্ষত আবন্টন হৈছিল প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)ৰ এটা গৃহ।

বিধিগত প্ৰক্ৰিয়াৰে দৰিদ্ৰ ব্যক্তিজনে সমস্ত নথিপত্ৰ বিভাগক দাখিল কৰি গৃহনিৰ্মাণ অব্যাহত ৰাখিছিল। এটা চৰকাৰী ঘৰৰ আশাত বহি থকা দৰিদ্ৰ হিতাধিকাৰীগৰাকীৰ ঘৰৰ আই ডি নম্বৰ AS144581055 জৰিয়তে লাভ কৰা ঘৰ নিৰ্মাণৰ অগ্ৰগতিৰ বিপৰীতে হিতাধিকাৰীগৰাকীয়ে ২০২৪ চনৰ ১২ ফেব্ৰুৱাৰীত প্ৰথম কিস্তিৰ ৩২ হাজাৰ ৫০০ আৰু ১০ জুনত দ্বিতীয় কিস্তিৰ ৪৮ হাজাৰ ৭৫০ টকা ৩৫৫৭৯১৩৯৪২৩ নম্বৰৰ নিজা ষ্টেট বেংক অফ ইণ্ডিয়াৰ ঢকুৱাখনা শাখাৰ একাউণ্ট যোগে লাভ কৰিছিল ।

উক্ত পুঁজিৰে নিজে শ্ৰম কৰি সপোনৰ ঘৰ নিৰ্মাণ কৰি থকাৰ পাছত তৃতীয় কিস্তিৰ বাবে আবেদন কৰিছিল ঢকুৱাখনা গ্ৰামোন্নয়ন বিভাগত । পুৰণি ঘৰ ভাঙি টিনৰ চালি সাজি ৰোগীয়া মাতৃসহ ৪জনীয়া পৰিয়ালটোৱে ৰ’দে বৰষুণে দুৰ্বিসহ জীৱন অতিবাহিত কৰাৰ পাছত অন্তিম কিস্তিৰ ধনেৰে আধৰুৱা ঘৰখন সম্পূৰ্ন কৰাৰ অপেক্ষা কৰিছিল।

কিন্তু ঢকুৱাখনা উন্নয়ন খণ্ডৰ এচাম দায়িত্বহীন বিষয়া কৰ্মচাৰীৰ বাবে সেই সপোনত চেঁচা পানী পৰিল। জনা মতে দৰিদ্ৰ হিতাধিকাৰীগৰাকীৰ বিপৰীতে আবন্তিত অন্তিম কিস্তিৰ প্ৰায় ৪৮,৭৫০ টকা পুঁজি হঠাৎ হৰলুকী হ’ল। বিভাগৰ পৰাই নোহোৱা হ’ল বিপুল বৰাৰ বিপৰীতে আবন্তিত চৰকাৰী পুঁজি।

তৃতীয় কিস্তিৰ পুঁজি আবন্টনৰ বাবে আবেদন জনায়ো সুদীর্ঘ দিনে ফল নোপোৱা হিতাধিকাৰীগৰাকীয়ে খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্তকে প্ৰমুখ্য কৰি পঞ্চায়ত সচিব আৰু বিভাগীয় কৰ্মচাৰীসকলৰ ওচৰলৈ তাঁত বাতি কৰাৰ পাছত জ্ঞাত হ’ল তেওঁৰ বিপৰীতে আবন্তিত পুঁজি মজুত নাই। স্তম্ভিত হিতাধিকাৰীগৰাকীয়ে নিজৰ সকলো একাউণ্ট পৰীক্ষা কৰি কোনো একাউন্টত উক্ত পুঁজি সোমোৱা নাই বুলি নিশ্চিত হৈ পুনৰ বিভাগীয় বিষয়া কৰ্মচাৰীৰ আশ্ৰয় লয়।

কিন্তু বিভাগটোৰ একাংশ কৰ্মচাৰীয়ে পঞ্চায়ত সচিবলৈ স্পৰ্শকাতৰ বিষয়টো ঠেলি, সচিবগৰাকীয়ে খণ্ড উন্নয়ন বিষয়ালৈ ঠেলি নির্লজ হেতালি খেলাত মত্ত হ’ল। পৰৱৰ্তী সময়ত হিতাধিকাৰীগৰাকীৰ জ্ঞাত হ’ল যে গ্ৰামোন্নয়ন বিভাগে গোপনে উক্ত পুঁজি হিতাধিকাৰীৰে কোনো ধৰণৰ সম্পৰ্ক নথকা, অজ্ঞাত এজন ব্যক্তিৰ একাউণ্টলৈ দি সমূলঞ্চে সৰকাই নিছে।

নিজৰ আবন্তিত পুঁজি অজ্ঞাত ব্যক্তিৰ একাউণ্টলৈ দিয়া অকমন্য বিষয়া কৰ্মচাৰীৰ এনে মতলবী কাণ্ডৰ বাবে এতিয়া দৰিদ্ৰ হিতাধিকাৰীগৰাকীৰ চৰকাৰী আঁচনিৰ ঘৰটো অৰ্ধনির্মিত হৈ পৰি ৰৈছে মাহ মাহ ধৰি। বাৰম্বাৰ বিভাগক প্ৰাপ্য পুঁজি বিচাৰি আনুনয় বিনয় কৰিও সুফল নাপাই, ককৰ্থনা হে লাভ কৰা নিঃস্ব পৰিয়ালটোৰ বাবে এতিয়া দুৰ্বিসহ ভৱিষ্যত নামি আহিছে।

চৰকাৰী পকী ঘৰৰ আশাত নিজৰ কেঁচা ঘৰ ভাঙি নিথৰুৱা হোৱা এই পৰিয়ালটোৰ বাবে এতিয়া চৰকাৰী আঁচনিখন ভালুকৰ সাঙ্গীত পৰিণত হৈছে। আধৰুৱা হৈ পৰি ৰোৱা কেন্দ্ৰীয় আঁচনিৰ এই ঘৰটোকলৈ এতিয়া চিন্তিত পৰিয়ালটো। ধাৰণা কৰা হৈছে ঢকুৱাখনা গ্ৰামোন্নয়নৰ এটা অৰ্থলোভী চক্ৰই ইচ্ছাকৃত ভাবেই উক্ত পুঁজি সৰকাই হিতাধিকাৰীগৰাকীলৈ অন্ধকাৰ ভৱিষ্যত নমাই আনিলে।  

কেন্দ্ৰীয় চৰকাৰৰ গৃহনিৰ্মাণৰ আঁচনিৰ পুঁজি হৰলুকী হোৱাৰ পৰৱৰ্তী সময়ত এটা আধৰুৱা ঘৰকলৈ চিন্তিত পৰিয়াটোক গ্ৰামোন্নয়ন বিভাগৰ টোপ, "আই বি এছ আঁচনিৰ পুঁজি আবন্টন দি উপকৃত কৰিব। এইবিষয়ত এতিয়া মনে মনে থাকি অলপ অপেক্ষা কৰক।"

কিন্তু এটা নিৰ্দিষ্ট আই ডি আৰু নিৰ্দিষ্ট একাউন্টৰ বিপৰীতে আবন্তিত চৰকাৰী পুঁজি কোনে কিয় অন্য ব্যক্তিক প্ৰদান কৰি এখন চৰকাৰী আঁচনিৰ ভৱিষ্যত অন্ধকাৰ কৰি তুলিলে তাৰো উচিত তদন্ত হোৱাটো জৰুৰী। লগতে প্ৰাপ্য পুঁজিৰ পৰা বঞ্চিত কৰা দুৰ্ভগীয়া হিতাধিকাৰীগৰাকীক অনাদায় পুঁজি প্ৰদান কৰি গ্ৰামোন্নয়ন বিভাগে আঁচনিখন সম্পূৰ্ণ কৰাৰো ৰাজহুৱা দাবী উথাপিত হৈছে।

প্ৰধানমন্ত্ৰী আৱাস যোজনা ঢকুৱাখনা