/asomiyapratidin/media/media_files/2025/04/24/8N96MJVDRwy9qWIhtZ1E.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: জৱাহৰ নৱোদয় বিদ্যালয় সমিতি (ক্লাষ্টাৰ-এফ)ৰ বহু প্ৰত্যাশিত ক্লাষ্টাৰ লেভেল স্পৰ্টছ মিট ২০২৫ বৃহস্পতিবাৰে এক বৰ্ণিল পৰিবেশত শুভাৰম্ভ কৰা হয় । ধেমাজিৰ পি এম শ্ৰী স্কুল জৱাহৰ নৱোদয় বিদ্যালয়ত চৌহদত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অতি উলহ-মালহেৰে শুভাৰম্ভ কৰা এই দুদিনীয়া ক্ৰীড়া অনুষ্ঠানটিত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ ১৩ খন জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৩৫০ গৰাকী শিক্ষাৰ্থীযে অংশগ্ৰহণ কৰে ।
ক্লাষ্টাৰ (এফ)ৰ অন্তৰ্গত জে এন ভি লখিমপুৰ, জে এন ভি পাপুম্পাৰে, জে এন ভি পাছিঘাট, জে এন ভি আপাৰ ছিয়াং, জে এন ভি ইষ্ট ছিয়াং, জে এন ভি পশ্চিম ছিয়াং, জে এন ভি আপাৰ সোৱণশিৰী, জে এন ভি ল'ৱাৰ সোৱণশিৰী, জে এন ভি ইষ্ট কামেং, জে এন ভি কুৰুং কুমে, জে এন ভি পশ্চিম কামেং, জে এন ভি টাৱাং, আৰু আয়োজক বিদ্যালয় জে এন ভি ধেমাজিৰ মুঠ ১৭৯ গৰাকী ল’ৰা আৰু ১৭১গৰাকী ছোৱালী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডায়েট ধেমাজিৰ অধ্যক্ষা মৌচুমী বৰুৱা বৰদলৈ আৰু সন্মানীয় অতিথি হিচাবে জিলা খেল একাডেমী ধেমাজিৰ সম্পাদক যতীন গোহাঁইয়ে ।
শ্ৰুতিমধুৰ আৰু দৃষ্টিনন্দন সাংস্কৃতিক অনুষ্ঠানেৰে শুভ উদ্বোধন কৰা জনাকীৰ্ণ উদ্বোধনী অনুষ্ঠানৰ আদৰণি ভাষণত আয়োজক নবোদয় বিদ্যালয় ধেমাজিৰ অধ্যক্ষা, অঞ্জনাই শিক্ষাৰ্থী সকলৰ মাজত বিদ্যায়তনিক শিক্ষাৰ লগতে শৈক্ষিক জীৱনত ক্ৰীড়াৰ প্ৰাসংগিকতা অনুধাৱন কৰি প্ৰতিভাধৰ খেলুৱৈসকলক এখন মঞ্চ প্ৰদানৰ জৰিয়তে নিজৰ ব্যুৎপত্তি পাৰদৰ্শিতা প্ৰদৰ্শনৰ গুণগত পৰিবেশ প্ৰদান কৰাৰ বাবে এই অনুষ্ঠান অনুষ্ঠিত কৰা বুলি কয় ।
অভ্যাগত অতিথি, গণ্যমান্য ব্যক্তি, আৰু অংশগ্ৰহণকাৰী সকলক উষ্ম শুভেচ্ছা জনায় অধ্যক্ষ অঞ্জনাই এই মৰ্যাদা সম্পন্ন অনুষ্ঠানটো আয়োজন কৰাৰ সুযোগ পোৱাৰ বাবে এন,ভি,এছৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি নাৰ্য ক্ৰীড়াৰ সততাৰ মূল্যবোধক সুৰক্ষিত কৰা হ’ব বুলি সম্পূৰ্ণ নিশ্চয়তা প্ৰদান কৰে । উল্লেখযোগ্য যে প্ৰতিযোগিতাৰ নিৰ্ধাৰিত ক্ৰীড়াসমূহৰ ভিতৰত আছে বেডমিণ্টন, দবা, খো খো, কাবাডী, আৰু ভলীবল।
এই প্ৰতিযোগিতাসমূহ কেৱল প্ৰতিভা প্ৰদৰ্শনৰ বাবেই নহয়, পৰৱৰ্তী সময়ত আঞ্চলিক পৰ্যায়ৰ ক্ৰীড়া মিটৰ বাবে প্ৰতিযোগী সকলক নিৰ্বাচিত কৰাৰ এক প্ৰক্ৰিয়া হিচাপেও গণ্য কৰা হয় । ধেমাজি জিলা ক্ৰীড়া সন্থাৰ অভিজ্ঞ শাৰীৰিক প্ৰশিক্ষকৰ জৰিয়তে সুস্থ পৰিচালনাৰ ব্যবস্থা কৰা এই দুদিনীয়া ক্ৰীড়া প্ৰতিযোগিতাৰ সমান্তৰালভাৱে প্ৰতিযোগীসকলৰ মাজত ভিন্নতাৰ মাজত ঐক্যতাৰ বান্ধোনেৰে সম্পৃক্ত কৰাৰ লক্ষ্যৰে এক বিশেষ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হয়।
য’ত উত্তৰ পূৰ্বাঞ্চলৰ অংশগ্ৰহণকাৰী বিদ্যালয় সমূহৰ শিক্ষাৰ্থী সকলে উত্তৰ-পূৰ্বাঞ্চলৰ চহকী আৰু বৈচিত্ৰ্যময় লোক কৃষ্টি সংস্কৃতিৰ মেটমৰা পৰম্পৰাগত সম্ভাৰ প্ৰদৰ্শনেৰে বিদ্যালয়ৰ চৌহদ জীপাল কৰি তোলে।