/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a22cf659-1dda-46d9-be75-406c4dde0614/AP_FOR_WEB_111.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : স্বামীৰ অৱৰ্তমানৰ সুবৰ্ণ সুযোগ লৈ ঘিলামৰাৰ এগৰাকী বিবাহিত মহিলাৰ সতে গোপন অভিসাৰ কৰিবলৈ গৈ ৰাজহুৱা পিটন খালে ঢকুৱাখনাৰ এটা লম্পট বস্ত্ৰ বেপাৰীয়ে। ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰৰ নিশা প্ৰায় ৭-০০বজাত ঢকুৱাখনা নগৰৰ ষ্টে'ট বেংকৰ সমীপৰ বস্ত্ৰ বিপণীখনৰ গৰাকী ঢকুৱাখনা মানিকপুৰ গাঁওৰ হামিদুৰ আলিয়ে বাইক লৈ পৰিকল্পিতভাৱে অসৎ কামনা চৰিতাৰ্থ কৰিবলৈ উপস্থিত হয় ঘিলামৰাৰ ঢাপলিয়াল গাঁওৰ এগৰাকী মহিলাৰ ঘৰত।
জানিব পৰামতে, স্বামী চাকৰিৰ সূত্ৰে তিনিচুকীয়া জিলাত কৰ্মৰত থকাৰ বাবে স্বামীৰ মাতৃ আৰু সন্তানৰ সৈতে দিন কটোৱা মহিলাগৰাকীৰ পৰকীয়া প্ৰেমিক লম্পট হামিদুৰ আলিয়ে অসৎ কামনা চৰিতাৰ্থ কৰিবলৈ গৈ ৰাইজৰ দৃষ্টিত ধৰা পৰে। গাঁৱখনৰ ৰাইজে নিশা অসংযত অৱস্থাত উদ্ধাৰ কৰা ধৃত আলিয়ে নাক বচাবলৈ পলায়নৰ চেষ্টা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/ab3dcea4-af14-4458-930f-a487cacc9cb2/df4217f0_dd9b_474b_b952_92f7a6d7e9fa.jpg)
ৰাইজে বহুদূৰ খেদাৰ অন্তত আলিক ধৰিবলৈ সক্ষম হয় । ৰাইজৰ দ্বাৰা হাতে-লোটে ধৰা পৰা ঢকুৱাখনা নগৰৰ পৰস্ত্ৰীলোভী বস্ত্ৰ ব্যৱসায়ী ধুৰন্ধৰ আলিক ক্ষুব্ধ ৰাইজে ধৰি- বান্ধি উপৰ্যুপৰি প্ৰহাৰ কৰে। ৰাইজৰ আগত পাখণ্ড আলিয়ে মহিলাগৰাকীৰ সৈতে থকা গোপন সম্পৰ্কৰ কথা স্বীকাৰ কৰে।
স্বামীৰ অনুপস্থিতিত মহিলাগৰাকীৰ ঘৰত অসৎ কামনা চৰিতাৰ্থ কৰিবলৈ ঢকুৱাখনাৰ পৰা ধপলিয়াই যোৱা বিবাহিত আৰু ২ টা সন্তানৰ পিতৃ হামিদুৰ আলিক গণ প্ৰহাৰ দি বাইকসহ ঘিলামৰা আৰক্ষীক নিশাই ৰাইজে গতাই দিয়ে। ঘিলামৰা আৰক্ষীৰ জিম্মাত ওৰে ৰাতি কটোৱাৰ পাছত মঙলবাৰে বিয়লি ধুৰন্ধৰ চৰিত্ৰৰ বেপাৰী আলিক আৰক্ষীয়ে মোকোলাই দিয়ে।
ঘিলামৰা আৰক্ষীয়ে জনোৱামতে, এই নির্লজ ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীয়ে কোনো গোচৰ ৰুজু নকৰাৰ বাবে নষ্ট চৰিত্ৰৰ অভিযুক্ত আলিক আৰক্ষীয়ে মোকোলাই দিয়ে। উল্লেখ্য যে ধৃত আলিয়ে পূৰ্বেও এনে লম্পট কাৰ্য সংঘটিত কৰাৰ অভিযোগ আছে।
মহিলা গ্ৰাহকক কৌশলেৰে সন্মোহিত কৰি পৰৱৰ্ত্তী সময়ত নিকৃষ্ট কামনা চৰিতাৰ্থ কৰিবলৈ নামি পৰা এই নির্লজ বিবাহিত কাপোৰ বেপাৰীয়ে নিজৰ দুষ্কাৰ্য স্বীকাৰ কৰি আৰক্ষী থানাত নিস্পতি হোৱা বুলি জানিবলৈ দিয়ে।
Also Read: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত গধুৰ দায়িত্ব পালন কৰিছে এগৰাকী অসম সন্তানে