/asomiyapratidin/media/media_files/2025/04/21/q2Y8riXp13H1Ex9bR0Kd.jpg)
ডিজিটেল সংবাদ ঢকুৱাখনা: এক পৌৰাণিক পৰম্পৰা । শতিকা গৰকা এই ঐতিহাসিক পৰম্পৰাৰে সম্পৃক্ত হৈ আহিছে ঢকুৱাখনাৰ স্বাভিমানী সম্ভ্ৰম । ১৭২২ খ্ৰীষ্টাব্দতে প্ৰাণ প্ৰতিষ্ঠা হোৱা শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ত শতিকা অতিক্ৰমি উদযাপিত হৈ অহা এই লোক পৰম্পৰা হ'ল ফাটবিহু ।
অসমীয়া নৱ বর্ষৰ ব'হাগ মাহৰ ৭ দিনৰ দিনা অৱধাৰিত ভাবে উদযাপন কৰা হয় এই ফাটবিহু। এই যুগজয়ী পৰম্পৰা সোমবাৰে পালন কৰা হয় ঐতিহাসিক হাৰ্হি দেৱালয়ত । সোমবাৰে পুৱাই নিত্য নৈমিত্তিক দেৱীৰ পূজা অৰ্চনাৰ পাছতে দেৱালয় প্ৰাঙ্গনত স্বতঃস্ফূৰ্ত ভাবে উপস্থিত হোৱা মিচিং ,দেউৰী আদি জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহে প্ৰদৰ্শন কৰে স্বকীয় লোক কৃষ্টি ।
ইয়াৰোপৰি স্থানীয় মহিলাৰ তকা বিহু , হুঁচৰিযে প্ৰাণোচ্ছল হৈ উঠা দেৱালয় প্ৰাঙ্গনত সমীপৱৰ্তী ভিন্ন জাতি জনগোষ্ঠীৰ ভক্ত প্ৰাণ ৰাইজে উপভোগ কৰাৰ লগতে একাত্ম হয় ফাটবিহুৰ পৰম্পৰাত । দেৱালয় পৰিচালনা সমিতিৰ সভাপতি মুনিন বৰঠাকুৰ, সম্পাদক শোভন বৰুৱাকে প্ৰমুখ্য কৰি সমূহ বিষয়ববিয়াই সুচাৰো ৰূপে বিয়লি পৰ্যন্ত এই লোক উৎসৱ উদযাপন কৰি পৰম্পৰাৰ সামৰণি মাৰে ।
কথিত আছে যে ঐতিহ্যমণ্ডিত এই গোঁসানী থানত প্ৰথম ফাটবিহু উদযাপন কৰা হৈছিল ৰজাঘৰীয়াৰ
পৃষ্ঠপোষকতাত । তেতিয়াৰ পৰাই নিৰন্তৰ ভাবে এই থানত প্ৰতি অসমীয়া নৱ বর্ষত পালিত হয় ফাটবিহু ।য'ত প্ৰতি জাতি জনগোষ্ঠীৰ নিজস্ব লোক কৃষ্টিৰ স্বতঃস্ফূৰ্ত প্ৰদৰ্শন কৰি দেৱীৰ পূজন অৰ্চন কৰাৰ লগতে সমগ্ৰ ৰাইজৰ কুশল মংগলৰ প্ৰাৰ্থনাৰে পৰিচালনা সমিতিয়ে দেৱীলৈ শৰাই আগবঢ়াই ফাটবিহুৰ সামৰণি মৰা হয়।