/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/f345ae3a-f0bc-4fe7-8be6-2050f074c8da/dhakuakhana.jpg)
কাৰ্য্যালয়ৰ দ্বাৰ উদ্বোধন...
ডিজিটেল সংবাদ, ঢকুৱাখনা: স্বকীয় লোক কৃষ্টি সংস্কৃতিৰে সমৃদ্ধ ঢকুৱাখনাৰ একক লোক মহোৎসৱ ফাটবিহু-২০২৩। অহা ১২, ১৩ আৰু ১৪ মে'ত তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব । ঢকুৱাখনাৰ স্বাভিমানৰ প্ৰতীক চাৰিকঢ়িয়া নদীৰ পাৰৰ মহঘুলি চাপৰিৰ ফাটবিহু বাকৰিত অনুষ্ঠিত এই লোক কৃষ্টিৰ মহোৎসৱৰ ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে উদযাপন সমিতিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/f4d395f4-6af1-4bbc-b9a3-90b548d66da8/9cdd8fca_8728_434e_a754_7600f5b26893.jpg)
প্ৰায় ২৫ লাখ টকাৰ এক বাজেট গ্ৰহণ কৰি উদযাপন সমিতিয়ে বিভিন্ন উপ সমিতি গঠন কৰাৰ সময়তে বৃহস্পতিবাৰে ঢকুৱাখনা নগৰ চাৰি আলিত উদযাপন সমিতিৰ এটা অস্থায়ী কাৰ্যালয়ৰ দ্বাৰ উদ্বোধন কৰা হয় । ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া, সম্পাদক ভাস্কৰ দাস আৰু সমূহ বিষয়ববীয়া, উদযাপন সমিতিৰ সভাপতি নিতুল বৰুৱা, উপ-সভাপতি চেনিৰাম গগৈ, ইন্দিৰা গগৈ আৰু হৰেন দত্ত সম্পাদক বনশ্যাম গগৈ, সহকাৰী সম্পাদক নৱজ্যোতি হাজৰিকা, দিব্য কোঁৱৰ আৰু মিনু দাস বৰা, বিত্ত সম্পাদক অনিল দত্ত, কাৰ্য্যালয় সম্পাদক আশীষ কিশোৰ দাস আদিৰ লগতে গৰিষ্ঠ সংখ্যক ফাট বিহু বলিয়া ৰাইজৰ উপস্থিতিত অস্থায়ী কাৰ্য্যালয়ৰ দ্বাৰৰ ফিটা কাটি উদ্বোধন কৰে বিশিষ্ট নাট্যকৰ্মী, সংস্কৃতিবিদ নন্দ চুতীয়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/21ba1844-a34e-4a69-a01e-35fa94c96139/7dec9b5f_aa2c_4984_8ed4_fd5e2ef857c0.jpg)
বিহুৱা বিহুৱতীৰ ঢোল, তালৰ নান্দনিক ছন্দোময়তাত কাৰ্য্যালয় উদ্বোধন কৰি চমু বক্তব্য আগবঢ়াই উন্মোচক চুতীয়াই । লগতে তেওঁ কয় যে ঢকুৱাখনাৰ ফাট বিহু অসমীয়া জাতীয় জীৱনৰ এক বাঙ্ময় প্ৰতীক বুলি কৈ অসমীয়া জাতীয় জীৱনক উজ্জীৱিত কৰি অহা এই বিহু বাস্তৱিকতে সমন্বয়ৰ প্ৰতীক বুলি মন্তব্য কৰে। ফাটবিহুৰ সম্পাদক ভাস্কৰ দাসে আঁত ধৰা উন্মোচনী সভাত ফাটবিহুৰ সভাপতি বসন্ত শইকীয়াই ফাটবিহুৰ উদযাপন সমিতি গঠন এক আনুষ্ঠানিকতাহে মাত্ৰ বুলি কৈ ইয়াৰ প্ৰকৃত উপজীৱ্য ঢকুৱাখনীয়া ৰাইজ বুলি চমু বক্তব্যত প্ৰকাশ কৰে। বিহু সমিতিৰ শ্ৰুতিমধুৰ বিহুৰে উন্মোচনী সভাৰ সামৰণি মৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/6cf633a7-0d90-4c9a-8bd6-ee28fc1360b3/8d11f5b4_32c3_49fd_94fc_2dbaf755142a.jpg)
Also Read:
চীনৰ "স্বৰ্গলৈ যোৱা বাট"ত ফলৰ দৰে ওলমি থাকে কফিন!
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us