মৰনৈ পঞ্চায়তক অৱনৰী জিলা পৰিষদত অন্তৰ্ভুক্তিকলৈ প্ৰতিবাদ ৰাইজৰ...

সংবাদ মেলত নিৰ্বাচন বর্জনৰ হুংকাৰ
মৰনৈ পঞ্চায়তক অৱনৰী জিলা পৰিষদত অন্তৰ্ভুক্তিকলৈ প্ৰতিবাদ ৰাইজৰ...
মৰনৈ পঞ্চায়তক অৱনৰী জিলা পৰিষদত অন্তৰ্ভুক্তিকলৈ প্ৰতিবাদ ৰাইজৰ...
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: লখিমপুৰ জিলা পৰিষদৰ অন্তৰ্গত এখন গুৰুত্বপূৰ্ণ গাঁও পঞ্চায়ত ঢকুৱাখনা মহকুমাৰ মৰনৈ পঞ্চায়ত। কৌটি কলীয়া দিনৰ পৰাই ঘিলামৰা জিলা পৰিষদৰ অন্তৰ্গত এখন পঞ্চায়ত হিচাবে পৰিচিত হৈ আহিছিল গঞা।

পিছে শেহতীয়া ভাবে লখিমপুৰ জিলাৰ সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ সমিতিয়ে এই পঞ্চায়তখনক অৱনৰী নামৰ এটা নতুন জিলা পৰিষদৰ অন্তর্ভুক্ত কৰাত এতিয়া প্ৰতিবাদ, ক্ষোভ আৰু বিৰোধীতাৰ জোৱাৰ উঠিছে। মৰনৈ পঞ্চায়তৰ এখনো গাঁও নতুনকৈ প্ৰস্তাৱিত অৱনৰী জিলা পৰিষদৰ অন্তৰ্ভুক্ত নোহোৱাৰ ৰাজহুৱা সংকল্প একেমুখে দোহাৰি গঞাই কঁকালত টঙালি বান্ধিছে এঘড়ী যুঁজিবলৈ।

ৰাজ্য চৰকাৰ, লখিমপুৰ জিলা প্ৰশাসন আৰু চক্ৰান্তকাৰী ৰাজনৈতিক শক্তিসমূহৰ এক অবিবেচকী চিন্তাৰ ফচল এই সিদ্ধান্তৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈছে পঞ্চায়তবাসী। এই সমূহীয়া দাবী উত্থাপন কৰি দেওবাৰে এখন সাংবাদমেলত পঞ্জীভূত ক্ষোভ উজাৰে বৃহত্তৰ মৰনৈবাসীয়ে।

মৰনৈ সজাগতা মঞ্চৰ উদ্যোগত বাসুদেৱ থান শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সংবাদমেলত অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক জ্যেষ্ঠ নাগৰিক, ৰাইজ আৰু সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকি এই চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে তীব্ৰ সমজুৱা ক্ষোভ প্ৰকাশ কৰে।

অৱনৰী সমষ্টিৰ পৰা মৰনৈ পঞ্চায়তৰ নাম প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰে। মৰনৈ পঞ্চায়তক অৱনৰী জিলা পৰিষদৰ অন্তৰ্ভুক্তি কোনো কাৰণতে মানি লোৱা নহ'ব বুলি স্পষ্ট মত ব্যক্ত কৰি এই হঠকাৰী সিদ্ধান্তৰ বাবে মৰনৈৰ প্ৰতিজন নাগৰিকৰ বুকুত জুই জ্বলি আছে বুলি কৈ এনে জুইৰ উদ্গীৰণ হলে চক্ৰান্তকাৰী এজনেও ৰেহাই নাপাব বুলি সকীয়াই দিয়ে।

প্ৰস্তাৱিত অৱনৰী জিলা পৰিষদ সমষ্টিক নৱনৰী অৰ্থাৎ বিধায়ক নৱ দলেৰ অভীষ্ট সিদ্ধিৰ লক্ষ্যৰে সৃষ্টিকাৰী বাবেই নৱনৰী সমষ্টি বুলি নামাকৰণ কৰি কোনোপধ্যেই এই নতুন সমষ্টিত চামিল নোহোৱাৰ সমূহীয়া সংকল্প আৰু সিদ্ধান্ত দোহাৰে। ইয়াৰ বাবে যিমান পৰ্যায়লৈ সংগ্ৰাম কৰিব লাগে কৰি যোৱাৰো ঐক্যমত দোহাৰে।

কেতিয়াও অৱনৰী জিলা পৰিষদলৈ স্থানান্তৰ নোহোৱাৰ দৃঢ় প্ৰতিজ্ঞা ব্যক্ত কৰি সংবাদ মেলত ইয়াৰ পৰিবৰ্তে সমীপৰ ঘিলামৰা অথবা পশ্চিম ঢকুৱাখনা জিলা পৰিষদৰ অন্তৰ্ভুক্ত কৰাৰো দাবী জনায়। অন্যথা অনাগত পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচন সমূহত মৰনৈ পঞ্চায়তবাসীয়ে ভোট বৰ্জন কৰাৰ অন্তিম সকীয়নী ঘোষণা কৰে।

বিধায়ক নৱ দলেৰ এইক্ষেত্ৰত ৰহস্যজনক নিৰ্লিপ্ততাত অতিষ্ঠ পঞ্চায়তবাসীয়ে ৰাইজৰ দাবীলৈ গুৰুত্ব নিদিলে অচিৰেই ব্যাপক ধাৰাবাহিক গণতান্ত্ৰিক প্ৰতিবাদী সংগ্রামৰ পাতনি মেলিব বুলিও বিধায়ক দলে আৰু প্ৰশাসনক সকীয়াই দিয়ে।

মৰনৈ পঞ্চায়তক অৱনৰী জিলা পৰিষদত অন্তৰ্ভুক্তিকলৈ প্ৰতিবাদ ৰাইজৰ...
পৰিবেশ আৰু স্বাস্থ্য সম্পৰ্কত গুৱাহাটী প্ৰেছ ক্লাৱত বিশেষ সভাৰ আহ্বান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in