/asomiyapratidin/media/media_files/2025/05/01/O2GT6NVPAokvN8tct8oD.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ এগৰাকী শিক্ষিত কষ্টসহিষ্ণু মেহনতি যুৱক। নিজস্ব জনদৰদী আৰু ব্যতিক্ৰমী চিন্তা, কৰ্মেৰে শত সহস্ৰজনৰ শুভার্শীষ বুটলিবলৈ সক্ষম হৈছে এইগৰাকী কৰ্মোদ্যমী যুৱকে।
চাকৰিমুখী প্ৰৱণতাই স্পৰ্শ কৰিব নোৱাৰা শিক্ষিত যুৱকজনৰ নাম পাপু দত্ত। ঢকুৱাখনাৰ পৌৰ এলেকাত এখন চেলুন খুলি আত্মনির্ভৰশীলতাৰ ঈর্ষণীয় পথেৰে আগুৱাবলৈ সক্ষম হৈছে এই গৰাকী যুৱকে।
অন্য শত সহস্ৰ নিবনুৱাৰ দৰে চৰকাৰী চাকৰিমুখী প্ৰৱণতাৰ পাছত নদৌৰি খেতি খোলাৰে আৰ্জিত নিজৰ নূন্যতম পুঁজিৰে স্বাধীনচিতিয়া ভাবে কিবা এটা কৰাৰ মন পুহি ৰাখিছিল। কিন্তু দৰিদ্ৰতাৰ বাবেই এখোজ আগলৈ গৈ দুখোজ পিছুৱাই আহিছিল পাপুৱে । কিন্তু হাৰ মনা নাছিল প্ৰত্যয়ী পাপুৱে ।
সময়ৰ গতিত সিদ্ধান্ত লৈছিল কম মূলধনৰ ব্যৱসায় এখন চেলুন খুলি এগৰাকী নাপিত হোৱাৰ। পৰৱৰ্ত্তী সময়ত হাতত তুলি লৈছিল কেচি ফণী। ২০০৫ চনতে আৰম্ভ কৰা এই স্বাৱলম্বনৰ বৰ্ণিল যাত্ৰাৰ পৰৱৰ্তী সময়ৰ ২০টা বছৰে পাছলৈ উভতি চোৱাৰ আহৰি পোৱা নাই যুৱকজনে।
নিজস্ব কৰ্মেৰে সততাৰে কিবা এটা কৰাৰ দুৰ্বাৰ দৃষ্টিভংগীৰে অগ্ৰসৰ হোৱা পাপুৱে আজিৰ দিনত নিজৰ লগতে অন্য ১০ জন নিবনুৱা যুৱককো আত্মনিৰ্ভৰশীলতা, স্বাৱলম্বিতাৰ সেন্দুৰীয়া পথৰ পথিক কৰি তুলিছে।
ঢকুৱাখনা নগৰৰ জীয়ামৰীয়া গাঁৱৰ এইজন শিক্ষিত যুৱকে ঢকুৱাখনা নগৰৰ চেতিয়া মাৰ্কেটত স্বাৱলম্বিতাৰ সপোন দেখি ২০০৫ চনত খুলিছিল পাপু চেলুন নামৰ এখন চেলুন। দৰিদ্ৰতাই কোঙা কৰা এইজন যুৱকে উপাৰ্জনৰ মাধ্যম হিচাবে গঢ় দিয়া এই "পাপু চেলুন"খনক সম্প্ৰতি মানৱ সেৱাৰ অন্যতম আহিলালৈ ৰূপান্তৰিত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
বিগত দুটা দশক ধৰি মে দিৱসৰ দিনটো দৰিদ্ৰ আৰ্তজনক বিনামূলীয়াকৈ দাড়ি, চুলি কাটি নিজস্ব মানৱদৰদী সেৱা আগবঢ়াই আহি আদৰ্শনীয় দৃষ্টান্ত দেখুৱাই আহিছে পাপুৱে। বৃহস্পতিবাৰে আন্তৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ দিনটো এইজন যুৱকে পূৰ্বৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি সকলো শ্ৰমিকৰ দাড়ি, চুলি সম্পূৰ্ণ বিনামূলীয়া ভাবে কাটি দিয়াৰ এক কাৰ্যসূচী গ্ৰহণ কৰে।
বিগত দুটা দশক ধৰি মে দিৱসত অব্যাহত ৰখা এই জনদৰদী পৰম্পৰাৰ ধাৰাহিকতাত উপকৃত হয় শতাধিক ব্যক্তি। আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ দিনাই পাপু দত্তই ঢকুৱাখনাৰ মেহনতি শ্ৰমিক খাটি খোৱা দৰিদ্ৰসকলক নিজৰ চেলুনলৈ নিমন্ত্ৰণ কৰি আনি নিজে পুৱাৰ পৰা বিয়লি পৰ্যন্ত এইসকলৰ চুলি, দাড়ি কাটি পৰিচ্ছন্ন কৰি দিয়ে।
শ্ৰমিক দিৱসৰ দিনটো নিজে এজন শ্ৰমিক হৈয়ো শ্ৰমিকলৈ মৰ্যদা আৰু মান্যতা প্ৰদান কৰি গ্ৰহণ কৰা এই পদক্ষেপৰ জৰিয়তে শতাধিক নিঃস্ব ব্যক্তি উপকৃত হয়। প্ৰচণ্ড কৰ্মোদ্যমী পাপুৱে বিশ্বাস কৰে এই বিশেষ পংক্তি-
‘‘পৰিশ্ৰম যাৰ লাঠী হয়,
মজবুত যাৰ কান্ধ হয়,
কৰি দিয়ে প্ৰতিটো বাধা দূৰ,
তেৱেঁই হয় মজদূৰ...’’।
আজি আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ এই পবিত্ৰ দিনটোত ঢকুৱাখনাৰ এইগৰাকী মেহনতি যুৱক পাপু দত্তলৈ এই অনুকৰণীয় আৰু দৃষ্টান্তমূলক পদক্ষেপৰ বাবে প্ৰতিগৰাকী ঢকুৱাখনীয়াই জনাইছে শত সহস্ৰ লাল চালাম।