লখিমপুৰত চলিছে 'অপাৰেচন ক্লীন': ২৪ জনৰ আত্মসমৰ্পণ

লখিমপুৰত চলিছে 'অপাৰেচন ক্লীন': ২৪ জনৰ আত্মসমৰ্পণ

ডিজিটেল সংবাদ,লখিমপুৰঃ আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ নিৰ্দেশ মৰ্মে লখিমপুৰত নকল সোণ আৰু জাল নোটৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে নৱ নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷ 'অপাৰেচন ক্লিন লখিমপুৰ' নাম দি দীৰ্ঘ দিন ধৰি লখিমপুৰত চলি থকা নকল সোণ আৰু নকল টকাৰ দুই নম্বৰী কাৰবাৰটো বন্ধ কৰিবলৈ আনন্দ মিশ্ৰৰ নেতৃত্বত আৰক্ষীয়ে অভিনৱ পন্থা অৱলম্বন কৰিছে ৷

এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰে নকল সোণ আৰু নকল টকা জড়িত হৈ পৰাত নাম সাঙোৰ খালে অসম আৰক্ষীৰ বহু কেইজন জিলা পৰ্যায়ৰ বিষয়াৰ ৷ ৰাজ্যৰ গৃহ বিভাগে বিষয়টো গুৰুত্ব সহকাৰে লৈ ইয়াৰ বিৰুদ্ধে অল ক্লিয়াৰ অপাৰেচনৰ পোষকতা কৰি আনন্দ মিশ্ৰক নেতৃত্ব দিবলৈ লখিমপুৰলৈ পঠিয়াই।

লখিমপুৰত উপস্থিত হৈয়েই আনন্দ মিশ্ৰই নকল সোণ আৰু জাল নোটৰ লগত জড়িত দালাল চক্ৰক এক প্ৰকাৰ হুংকাৰ দিয়ে ৷ সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত আনন্দ মিশ্ৰই কয় “তেওঁলোকক আমাৰ ওচৰত ধৰা দিবলৈ আহ্বান জনোৱাৰ প্ৰয়োজন নাই ৷ নিজে ধৰা দিলে ভাল ৷ আমি ধৰিব লাগিলে তৰিকা বেলেগ হ’ব ৷”

ইয়াৰ পাছতেই জাকে জাকে নকল সোণ আৰু নকল টকাৰ বেপাৰেৰে জড়িত অপৰাধীয়ে আৰক্ষী চকী আৰু থানাবোৰত নিজে আহি ধৰা দিয়ে ৷ আনন্দ মিশ্ৰৰ যোগদানৰ পাছৰ প্ৰথম ৩৬ ঘন্টাত ১০ জন অপৰাধী আৰক্ষীৰ জালত পৰে ৷

ইয়াৰ পাছতেই নকল সোণ আৰু নকল টকাৰ বেহা বা অপৰাধীৰ সম্ভেদ দিবলৈ সাধাৰণ লোকৰ বাবে এটা ইনপুট নম্বৰ মুকলি কৰে লখিমপুৰ আৰক্ষীয়ে ৷ অভিযানটিৰ ৪৮ ঘণ্টা সময় পাৰ নৌহওঁতেই ৫২ জন লোক আৰক্ষীৰ আওঁতালৈ আহে ৷

ইয়াৰে ২৪ জনে বঙাল মৰা ,নাওবৈচা আৰু উত্তৰ লখিমপুৰ সদৰ থানাত আত্মসমৰ্পণ কৰে ৷ ২২ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু নকল নোট প্ৰিণ্ট কৰা ৪ জন কম্পিউটাৰ অপাৰেটৰক আটক কৰে ৷

আনন্দ মিশ্ৰ বাহিনীয়ে গাঁৱে গাঁৱে গৈ গাঁওৰক্ষী বাহিনীৰ নেতৃত্বত এই লোকসকলক আৰক্ষীৰ আওতালৈ আনিবলৈ সক্ষম হয় ৷ এই অপৰাধীসকলৰ ভিতৰত কেইবাজনো কলা বেপাৰৰ মাষ্টাৰ মাইণ্ড আছে ৷ সেইসকলৰ ভিতৰত জোনমণি ৰাভাই আটক কৰা আজগৰ আলিয়ো আছে ৷

ঘৰতে নকল সোণৰ কাৰাখানা তৈয়াৰ কৰা আজগৰে গুলী খোৱাৰ ভয়ত বুধবাৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে বুলি ব্যক্ত কৰে ৷ আনসকলৰ ভিতৰত লম্বু চহিদ ওৰফে আবু চহিদ ,সুৰুয আলি ,মইনুদ্দিন ,চাদ্দাম হোছেইন ,ছফিকুল ইছলাম ,গুলজাৰ হোছেইন আদি ৷

আৰক্ষী অধীক্ষকগৰাকীৰ মতে তেওঁ নাওবৈচাৰ ঘৰে ঘৰে গৈ এই অভিযান চলাব ৷ "মই কাৰ্যালয়ৰ পৰা অভিযান নচলাওঁ ৷ মই লখিমপুৰত কাম কৰাৰ সুবিধা পাইছো ৷ ইয়াৰ সদ ব্যৱহাৰ কৰিম ৷” বুলি মন্তব্য কৰে।

লখিমপুৰত চলিছে 'অপাৰেচন ক্লীন': ২৪ জনৰ আত্মসমৰ্পণ
ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত সোণৰ পদক দখল তেজপুৰৰ প্ৰশান্ত তামুলীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in