ঢকুৱাখনাত আৰক্ষীৰ অভিযানত নিষিদ্ধ দ্ৰব্য জব্দ...

সমাগত মহা শিৱৰাত্রীৰ অচিলা লৈ ঢকুৱাখনাত অতি সক্ৰিয় হৈ উঠিছে এটা চোৰাং ভাং বেপাৰী চক্ৰ। ঢকুৱাখনা আৰক্ষীয়ে সোমবাৰে জব্দ কৰিছে প্ৰায় ৫ কেজি ওজনৰ নিষিদ্ধ গাঞ্জা ।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত আৰক্ষীৰ অভিযানত নিষিদ্ধ দ্ৰব্য জব্দ...

ডিজিটেল সংবাদ ঢকুৱাখনাঃ সমাগত মহা শিৱৰাত্রী। এই শিৱৰাত্রীৰ অচিলা লৈ ঢকুৱাখনাত অতি সক্ৰিয় হৈ উঠিছে এটা চোৰাং ভাং বেপাৰী চক্ৰ। ঢকুৱাখনাৰ ভিন্ন প্ৰান্তত এই মাৰাত্মক ব্যাধিৰ বেপাৰী চক্ৰ সক্ৰিয় হোৱাৰ আশংকা কৰি ঢকুৱাখনা আৰক্ষীযে সতৰ্ক দৃষ্টি ৰখাৰ সময়তে সোমবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে প্ৰায় ৫ কেজি ওজনৰ নিষিদ্ধ গাঞ্জা ।

Advertisment

ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত বাহপৰা গাঁৱত সোমবাৰে সন্ধিয়া ১নং পিঠিয়াল গাঁওৰ নিতুল হাজৰিকা নামৰ এটা চোৰাং বেপাৰীযে নিষিদ্ধ ভাংৰ গোপন বেহা চলাই থকাৰ খবৰ লাভ কৰে ঢকুৱাখনা আৰক্ষীয়ে। এটা ৰজনীগন্ধাৰ বেগত উক্ত ভাংখিনি ভৰাই এখন বাইকেৰে ঢকুৱাখনা মাতমৰা লোকনিৰ্মাণ পথৰ বাহপৰা তিনিআলিৰ পাপু শৰ্মাৰ ক্ষুদ্ৰ হোটেলত ৰুটি খাই আছিল কুখ্যাত ভাং বেপাৰী নিতুল হাজৰিকাই।

এই সন্দৰ্ভত খবৰ লাভ কৰি সদৰ থানাৰ অ' চি প্ৰিয়ব্রত গগৈৰ নিৰ্দেশত অভিযান আৰম্ভ কৰে ঢকুৱাখনা সদৰ থানাৰ উপ পৰিদৰ্শক ৰাজীৱ কলিতাই । স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগিতাত চলোৱা অভিযান কালত আৰক্ষীয়ে বাঁহপৰা গাঁওস্থিত হোটেলখনৰ পৰা ভাংসহ চোৰাং বেপাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

গাঁওৰক্ষী বাহিনীৰ সভাপতি বীৰেন্দ্ৰ দাস, সম্পাদক ৰমেন দাস আৰু নায়ক বিশ্ব দাসৰ লগতে ৰাইজৰ উপস্থিতিত জব্দকৃত ভাংখিনি আৰক্ষীয়ে বিধিগত প্ৰক্ৰিয়া সম্পন্ন কৰি বেপাৰীটোক ঢকুৱাখনা সদৰ থানালৈ আনে। এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত এক গোচৰ পঞ্জীয়ন কৰা হৈছে। 

উল্লেখযোগ্য যে এইটো নিষিদ্ধ ভাং বেপাৰীযে পূৰ্বৰ পৰা এই গোপন বেহা চলাই অহাৰ অভিযোগ অতি পুৰণি। ঢকুৱাখনাৰ সৰ্বত্ৰতে এই মাৰাত্মক সামগ্ৰী সহজলভ্য কৰি তোলা এই চোৰাং বেপাৰীটোৰ কঠোৰ শাস্তি কামনা কৰে ঢকুৱাখনাবাসীয়ে।

ঢকুৱাখনা গাঞ্জা সৰবৰাহকাৰী