ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱসৰ দিনা দেহ দান কৰিলে বয়স্ক মহিলা মঞ্জু গগৈয়ে

ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱসৰ দিনা দেহ দান কৰিলে বয়স্ক মহিলা মঞ্জু গগৈয়ে

ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনাৰ সমাজ জীৱনৰ এগৰাকী সদা সক্ৰিয় অগ্ৰণী নেত্ৰী তথা শিক্ষাবিদ মঞ্জু গগৈয়ে ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱসৰ দিনা বুধবাৰে তেওঁৰ দেহ দান কৰে। ভৱিষ্যতৰ দিনত কোনো নিঃস্ব মানুহৰ শাৰীৰিক অভাৱ পূৰণ কৰিবলৈ মৰণোত্তৰভাৱে নিজৰ দেহ দান কৰি এক মানৱতাবাদী দৃষ্টান্ত দাঙি ধৰে গগৈয়ে ।

জীৱন কালত সীমাহীন জনসেৱা আগবঢ়াই মৃত্যুৰ পাছত নিজৰ পাৰ্থিৱ শৰীৰ দান কৰাৰ খবৰ "অসমীয়া প্ৰতিদিন ডিজিটেল"ক জনালে উদাৰমনা মঞ্জু গগৈয়ে। উল্লেখযোগ্য যে বুধবাৰে ঢকুৱাখনা মহাবিদ্যালয়ত ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষত অনুষ্ঠিত সজাগতা সভাত উপস্থিত থাকি নিজৰ পাৰ্থিৱ শৰীৰ দান কৰাৰ পত্ৰত স্বাক্ষৰ কৰে প্ৰায় ৬৯ বছৰীয়া মহিলা নেত্ৰীগৰাকীয়ে।

মঞ্জু গগৈ
মঞ্জু গগৈ

ইয়াৰোপৰি ঢকুৱাখনা মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক তবেন্দ্ৰ নাথ দাস আৰু শিক্ষক গোবিন দত্তয়ো আজি নিজৰ দেহ দান কৰে । বিজ্ঞান মঞ্চৰ উদ্যোগত আৰু ঢকুৱাখনা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিয়ন্ত্ৰণ কোষ (আই কিউ এ চি) আৰু এন এছ এছৰ যৌথ সহযোগিতাত মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত দিৱসৰ অনুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়ৰ উপাধ্যক্ষ চিত্ৰ কুমাৰ কোচে সভাপতিত্ব কৰে ।

মঞ্চৰ সজাগতা ও প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী শুভ উদ্বোধন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূতে । ইলোৰা বিজ্ঞান মঞ্চৰ উপদেষ্টা ডাঃ অতুল খাউণ্ডে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত সমল ব্যক্তি হিচাপে মননশীল বক্তব্য আগবঢ়াই প্ৰবীণ শিক্ষাবিদ অমিয় কুমাৰ সন্দিকৈয়ে ।

ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়,ঢকুৱাখনা চেণ্ট্ৰেল স্কুল,ঢকুৱাখনা মহাবিদ্যালয়  আৰু ঢকুৱাখনা বালিকা মহাবিদ্যালয়ৰ শিক্ষাৰ্থী,ইলোৰা বিজ্ঞান মঞ্চৰ সমূহ বিষয়ববীয়া আৰু কৰ্মকর্তা আদি উক্ত অনুষ্ঠানত উপস্থিত থাকে।

ইয়াৰোপৰি ঢকুৱাখনা মহাবিদ্যালয় সহযোগী অধ্যাপক ডঃ পংকজ বৰা,ঢকুৱাখনা ব্যৱসায় সন্থাৰ সম্পাদক পূৰ্ণ চুতীয়া,মঞ্চৰ সম্পাদক তথা স্বাস্থ্য কৰ্মী ৰাজু চুতীয়া আদি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। । অনুষ্ঠানত ৰক্তদান শিবিৰত স্বেচ্ছাই ৰক্তদান কৰা ব্যক্তিসকলক মানপত্ৰ প্ৰদান কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in