/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/14e04337-12a0-4e44-b1b2-c50f1dac8a72/AP_FOR_WEB_new.jpg)
আৰক্ষী বিষয়া মুছলেহউদ্দিন আহমেদৰ ধৰ্মীয় উদাৰতাঃ নামঘৰৰ পিছত নিৰ্মাণ কৰিলে শিৱমন্দিৰ...
ডিজিটেল সংবাদ লিকাবালিঃ অসম অৰুণাচল সীমান্তৱৰ্তী লিকাবালিস্থিত ২২ নং অসম আৰক্ষী বাহিনী (সংৰক্ষিত) ৰ অধিনায়কৰ ব্যতিক্ৰমী পদক্ষেপ। ইছলামধৰ্মীয় অধিনায়কগৰাকীয়ে চৌহদটোত নামঘৰৰ পাছত এইবাৰ নিৰ্মাণ কৰিলে এটা সৰ্বাংগসুন্দৰ শিৱ মন্দিৰ।
২২ নং অসম আৰক্ষী বাহিনী (সংৰক্ষিত)ৰ অধিনায়কৰ দায়িত্বত আছে মঃ মুছলেহউদ্দিন আহমেদ।এইগৰাকী ইছলাম ধৰ্মাৱলম্বী আৰক্ষী বিষয়াই ধৰ্মীয় উদাৰতাৰ পৰিচয় দি কিছুদিন পূৰ্বে এই চৌহদতে নিৰ্মাণ কৰিছিল এটা বিশাল নামঘৰ।
বুজন পৰিমাণৰ ধন খৰচ কৰি নিৰ্মাণ কৰা এই বিশাল নামঘৰটোক লৈ যোৱা কিছুদিন চৰ্চা অব্যাহত আছিল। তাৰ পাছতে এইবাৰ এই একেগৰাকী আৰক্ষী বিষয়াই চৌহদটোত নিৰ্মাণ কৰিলে এটা সৰ্বাংগসুন্দৰ শিৱ মন্দিৰ।
বাহিনীটোৰ সকলো, বিষয়া, জোৱান, কৰ্মচাৰীৰ সহায় আৰু সৰ্বতোপ্ৰকাৰৰ সহযোগিতাত কেইবালক্ষাধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই শিৱ মন্দিৰটো এতিয়া আকৰ্ষণ আৰু চৰ্চাৰ বিষয় হৈ পৰিছে। কেৱল সেয়াই নহয়, অধিনায়ক মুছল্লেহউদ্দিন আহমেদক সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়ায় সকলো, বিষয়া, কৰ্মচাৰীয়ে হাতে, কামে লাগি মন্দিৰটো সম্পূৰ্ণকৈ নিৰ্মাণ কৰাৰ উপৰিও মন্দিৰৰ সৈতে সংলগ্ন এটা সুচল পথ নিৰ্মাণ কৰি উলিয়াইছে।
অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী বাহিনীৰ বিশাল চৌহদত নিৰ্মাণ সম্পূৰ্ণ হোৱা এই শিৱ মন্দিৰটোত পুৱাৰে পৰা নিতৌ গধূলিলৈকে এতিয়া পূজা অৰ্চনা কৰে। নিজ নিজ কৰ্তব্য পালনৰ উপৰিও ইয়াত চলে আধ্যাত্মিক চৰ্চা।
বাহিনীটোৰ বিষয়া, জোৱান, কৰ্মচাৰীৰ উপৰিও সাধাৰণ লোকৰ বাবেও উপাসনাৰ সুবিধা হোৱাকৈ সজোৱা হৈছে মন্দিৰটো। প্ৰত্যাহিক ব্যস্ততা আৰু কঠোৰ নিয়ম, শৃংখলাৰ মাজতো আধ্যাত্মিক প্ৰশান্তিৰ বাবে পূৱা, গধূলি ভগৱান সদাশিৱৰ একচিত্ত আৰাধনাত নিমগ্ন হোৱা দেখা গৈছে ৰাইজক। ভক্তিগীত আৰু শংখ ডবাৰ মাতে ৰজনজনাই থাকে পূৱা গধূলি।
এইজনা সমাজ হিতৈষী আৰক্ষী বিষয়াই ইতিপূৰ্বেও বাহিনীৰ চৌহদত এটা বিশাল নামঘৰ সজাই ৰাইজলৈ উৎসৰ্গিত কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে। চাকৰি কালত এই অঞ্চল আৰু স্থানীয় ৰাইজৰ বাবে কিবা এটা দি যোৱাৰ লক্ষৰেই কৰ্মব্যস্ততাৰ মাজতো জন হিতকৰ কাৰ্য সম্পন্ন কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে বিষয়াজনে।
নিজে এজন ইছলাম ধৰ্মী লোক হোৱা সত্বেও গুৰুজনৰ লগতে সনাতন ধৰ্মৰ প্ৰতি থকা প্ৰবল টান আৰু দায়িত্ববোধৰ বাবে তেওঁ গাঁঠিৰ ধন ভাঙি সুদৃশ্য মঠ- মন্দিৰ নিৰ্মাণৰ জৰিয়তে পবিত্ৰ তীৰ্থ ভূমিৰ ৰুপ দিবলৈ সক্ষম হৈছে বাহিনীৰ চৌহদটোক।
অধিনায়ক জনৰ লগতে বাহিনীৰ সমূহ বিষয়া- কৰ্মচাৰীৰ এই মহানুভৱতাক অঞ্চলবাসী ৰাইজে শলাগ জনাইছে।
Also Read: পুনৰ OIL ৰ গেছ পৰিবাহী পাইপলাইনত বিস্ফোৰণ ! দুলীয়াজানত তীব্ৰ আতংক...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us