লখিমপুৰৰ অসম শিক্ষক-প্ৰশিক্ষক সন্থাৰ সপ্তদশ অধিৱেশনত নিতুমনি শইকীয়া..

লখিমপুৰত দেওবাৰে অনুষ্ঠিত হয় সদৌ অসম শিক্ষক-প্ৰশিক্ষক সন্থাৰ সপ্তদশ অধিৱেশন
লখিমপুৰৰ অসম শিক্ষক-প্ৰশিক্ষক সন্থাৰ সপ্তদশ অধিৱেশনত নিতুমনি শইকীয়া..

ডিজিটেল সংবাদ, লখিমপুৰ: লখিমপুৰত দেওবাৰে অনুষ্ঠিত হয় সদৌ অসম শিক্ষক-প্ৰশিক্ষক সন্থাৰ সপ্তদশ অধিৱেশন। লখিমপুৰৰ আজাদস্থিত বুনিয়াদী শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হয় এই অধিৱেশন। অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া।

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকি নিতুমনি শইকীয়াই ভাষণ প্ৰসংগত অসমৰ ১৯ খন বুনিয়াদী শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰৰ দুৰৱস্থা কথা উল্লেখ কৰি উদ্বেগ প্ৰকাশ কৰে । নতুন শিক্ষা নীতি অনুসৰি শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ সমূহ পৰিচালিত নোহোৱাৰ উপৰিও প্ৰাক-প্ৰাথমিকে ইংৰাজী শিক্ষাৰ পোষকতা কৰা সময়তে বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত ইংৰাজী বিষয়ৰ প্ৰশিক্ষক নথকাৰ কথাও উল্লেখ কৰে ৷

স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ সময়তো বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ আন্তঃগাঁথনি আৰু শৈক্ষিক মান নিৰূপন কৰিব নোৱাৰাটো চৰকাৰৰ দুৰ্বলতা ৷ একেসময়তে শিক্ষক সকলৰ দায়িত্ব আৰু কৰ্তব্য কথাও ব্যক্ত কৰি মেট্ৰিক প্ৰশ্ন কাকত ফাদিলৰ ঘটনা সন্দৰ্ভত শিক্ষা ব্যৱস্থাটোক দায়ী কৰি অভিযুক্ত শিক্ষকৰ দৃষ্টান্ত মুলক শাস্তিৰ দাবী কৰে ৷ লগতে ধাৰবাহিক ভাৱে বেমেজালি সৃষ্টিৰে মেট্ৰিক পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰাৰ ব্যৰ্থতা মুৰ পাতি ল’ব লাগে শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগু আৰু ছেবাৰ অধ্যক্ষ ৰমেশ জৈনে বুলিও মত প্ৰকাশ কৰে ৷

উল্লেখ্য যে তিনিদিনীয়া কাৰ্যসূচীৰে বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ, আজাদত অনুষ্ঠিত সদৌ অসম প্ৰাথমিক শিক্ষক- প্ৰশিক্ষক সন্থাৰ সপ্তদশ দ্বি-বাৰ্ষিক অধিৱেশনৰ দেওবাৰে সামৰণি পৰে। সভাখনিৰ সভাপতিত্ব কৰে সদৌ অসম প্ৰাথমিক শিক্ষক প্ৰশিক্ষক সন্থাৰ ৰাজ্যিক সভাপতি তপন কুমাৰ হাজৰিকাই। অধিৱেশনৰ মুকলি সভাত অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব গিতাৰ্থ গোস্বামী, শিক্ষাবিদ ড৹ ভবেন্দ্ৰ নাথ মহন, সামাজিক আৰু সাংস্কৃতিক কৰ্মী যুধিষ্ঠিৰ গগৈ, অসম হকী সন্থাৰ কোষাধ্যক্ষ তপন দাস, SLAC ৰ সদস্য সঞ্জয় সোনোৱাল, কল্যাণ কুমাৰ বসুমতাৰী, জিন্টু মহন্ত, প্ৰণৱ টায়ে, বিটিচি, আজাদৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ঘন মহন্ত, কিনাৰাম গগৈ উপস্থিত থাকে।

লখিমপুৰৰ অসম শিক্ষক-প্ৰশিক্ষক সন্থাৰ সপ্তদশ অধিৱেশনত নিতুমনি শইকীয়া..
লখিমপুৰত জিলা হকী সন্থাৰ সমিতি গঠন..

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in